দুবাই গুল্ফ উচ্চাৰণ: ) হৈছে সংযুক্ত আৰৱ আমিৰাতৰ এখন অতি জনপ্ৰিয় চহৰ।১ ই পাৰ্ছিয়ান গ'ল্ফৰ দক্ষিণ তীৰত অৱস্থিত আৰু দেশৰ সাতখন আমিৰাতৰ অন্যতম। কেৱল আবু ধাবি আৰু ডুবায়েহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জটিল বিষয়ৰ ওপৰত দেশৰ বিধায়নীত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে।২ ডুবাইত ৱৰ্ল্ড এক্সপ' ২০২০ অনুষ্ঠিত কৰা হ'ব।৩ ডুবাইক মধ্য পূৱৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ আৰু গোলকীয় চহৰ হিচাপে গণ্য কৰা হয়।৪ ই পৰিবহণৰো এটা প্ৰধান কেন্দ্ৰ। ১৯৬০ৰ দশৰ পৰা ইয়াৰ অৰ্থনীতিৰ মূল ভেটি হৈছে ব্যৱসায়িক কৰ আৰু কিছু পৰিমাণৰ তৈল কৰ, কিন্ত ১৯৬৬ চনলৈকে ইয়াত তেলৰ আৱিষ্কাৰ হোৱা নাছিল। ১৯৬৯ চনত প্ৰথম তেলৰ ওপৰত কৰ আৰোপ কৰা হৈছিল।৫ নগৰ খনৰ প্ৰৰম্ভিক উন্নয়নত তেলৰ পৰা লাভ কৰা কৰে বহু সহায় কৰিছিল, কিন্তু ইয়াৰ সংৰক্ষণ সীমিত তথা উৎপাদনো নিচেই কম: বৰ্তমান, আমিৰাটৰ ৫%তকৈও কম কৰহে তেলৰ পৰা আহৰণ কৰা হয়।৬ বৰ্তমান ব্যৱসায়ৰ পশ্চিমীয়া-ধৰণৰ আৰ্হি আৰু পৰ্যটন, বিমানসেৱা, ব্যৱসায়িক প্ৰতিষ্ঠান, আৰু বিত্তীয় সেৱাসমূহৰ পৰা আহৰণ কৰা প্ৰধান কৰৰ দ্বাৰা আমিৰাতৰ অৰ্থনীতি সঞ্চালিত হয়।৭৮৯ শেহতীয়া ভাৱে বহু বৃহৎ নিৰ্মাণ প্ৰকল্প আৰু ক্ৰীড়া অনুষ্ঠানৰ যোগেদি ডুবাই নগৰে পৃথিৱীবাসীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নগৰখন পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাকে ধৰি ইয়াত থকা অসংখ্য আকাশচুম্বী আৰু সুউচ্চ অট্টালিকাৰ বাবে পৃথিৱী বিখ্যাত। নগৰ খনৰ বৃহৎ দক্ষিণ এছীয়াৰ কৰ্মশক্তিৰ সৈতে জড়িত মানৱ অধিকাৰৰ প্ৰতি ভাবুকিৰ বাবে ডুবাইক সমালোচনাও কৰা দেখা যায়।১০ ২০০৭–০৮ বিত্তীয় সংকটৰ ফলত ২০০৮-০৯ চনত ডুবাইৰ সম্পদৰ বজাৰত এক বৰ শোচনীয় প্ৰভাৱ পৰিছিল,১১ কিন্তু প্ৰকল্পিত ২০১৫ বাজেট ঘাটি পূৰণৰ ফলত আমিৰাতলৈ সুস্থিৰতা ঘূৰি আহিছে।১২
২০১২ চনৰ মতে, দুবাই হৈছে পৃথিৱীৰ ২২শ তম অত্যধিক খৰচী চহৰ আৰু মধ্য পূৱৰ আটাইতকৈ খৰচী চহৰ।১৩১৪ ২০১৪ চনত, ডুবাইৰ হোটেলৰ কোঠা জেনেভাৰ পিছতেই বিশ্বৰ দ্বিতীয় ব্যয়বহুল বুলি নিৰ্ণয় কৰা হৈছিল।১৫ ডুবাইক মধ্য পূৱৰ আটাইতকৈ উৎকৃষ্ট বাসোপযোগী ঠাই বুলিও গণ্য কৰা হয়।১৬
জলবায়ু
গীষ্মকালত ডুবাইত যথেষ্ট গৰম পৰে, গড় তাপমান দিনত সৰ্বাধিক ৪১ °ছেলছিয়াছ (১০৬ °ফা) আৰু ৰাতি সৰ্বনিম্ন ৩০ °ছেলছিয়াছ (৮৬ °ফা)। আটাইতকৈ গৰম মাহ হৈছে আগষ্ট। বছৰটোৰ বেচিভাগ দিনতেই আকাশত সূৰ্য দেখা পোৱা যায়। শীতকালৰ আটাইতকৈ ঠাণ্ডা মাহ জানুৱাৰীত সৰ্বাধিক তাপমান হৈছে ২৪ °ছেলছিয়াছ (৭৫ °ফা) আৰু সৰ্বনিম্ন তাপমান হৈছে ১৪ °ছেলছিয়াছ (৫৭ °ফা)। যোৱা কিছু দশকৰ পৰা ইয়াত বৃষ্টিপাত কিছু বৃদ্ধি পোৱা দেখা গৈছে, গড় বাৰ্ষিক বৃষ্টিপাত হৈছে বছৰি ৯৪.৩ মিলিমিটাৰ (৩.৭১ ইঞ্চি)।
তথ্যসূত্ৰ
- ↑ United Arab Emirates: metropolitan areas. World-gazetteer.com
- ↑ The Government and Politics of the Middle East and North Africa. D Long, B Reich. p.157
- ↑ (2007-06-14). Where is Dubai and Dubai city?. Thatsdubai.com
- ↑ (15 October 2008). The 2008 Global Cities Index. Foreign Policy
- ↑ Sampler & Eigner. (2008). Sand to Silicon. Motivate. পৃ. 11. ISBN 9781860632549
- ↑ DiPaola, Anthony. (2010-09-28). Dubai gets 2% GDP from oil. Bloomberg
- ↑ Oil share dips in Dubai GDP AMEInfo (9 June 2007) Retrieved on 15 October 2007
- ↑ Dubai economy set to treble by 2015 ArabianBusiness.com (3 February 2007) Retrieved on 15 October 2007
- ↑ (7 September 2005). Dubai diversifies out of oil. AMEInfo
- ↑ Mike Davis (2006) Fear and Money in Dubai, New Left Review 41, pp. 47–68
- ↑ (3 December 2008). Job losses hasten property decline in Dubai but medium-long term outlook upbeat. Propertywire.com
- ↑ Mohammad Bin Rashid approves Dubai’s budget for 2015. gulfnews.com
- ↑ Lucy Barnard. (2013-03-06). Cost of living in Dubai rising rapidly - The National. Thenational.ae
- ↑ (2012-09-14). Oslo, Zürich and Tokyo are most expensive cities. Thepeninsulaqatar.com
- ↑ Dubai second-most expensive city to stay in, report says
- ↑ Gillian Duncan. (2013-03-08). Abu Dhabi and Dubai are best places to live in the Middle East, survey says - The National. Thenational.ae
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডুবাই” প্ৰবন্ধৰ সংশোধন ৬৩৭২০৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।