অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ম’ৰ’গ’ৰ’

ম’ৰ’গ’ৰ (Morogoro, চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলৰ ৰাজধানী ) পূৱ আফ্ৰিকাৰ এখন দেশ, টাঞ্জানিয়াৰ পূৰ্ৱাঞ্চলত অৱস্থিত এখন চহৰ। ম’ৰ’গ’ৰ’ চহৰখন টাঞ্জানিয়াৰ মুখ‍্য চহৰ ডাৰ-এ- ছালামৰ পৰা মোটামুটি ১৯৬ কিলোমিটাৰ (১২২ মাইল) পশ্চিমে অৱস্থিত।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ম’ৰ’গ’ৰ (Morogoro, চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলৰ ৰাজধানী ) পূৱ আফ্ৰিকাৰ এখন দেশ, টাঞ্জানিয়াৰ পূৰ্ৱাঞ্চলত অৱস্থিত এখন চহৰ। ম’ৰ’গ’ৰ’ চহৰখন টাঞ্জানিয়াৰ মুখ‍্য চহৰ ডাৰ-এ- ছালামৰ পৰা মোটামুটি ১৯৬ কিলোমিটাৰ (১২২ মাইল) পশ্চিমে অৱস্থিত। এই চহৰখন মুখ্যতঃ ম’ৰ’গ’ৰ’ অঞ্চলৰ ৰাজধানী হিচাপে আছে। ম’ৰ’গ’ৰ’ চহৰখনক সাধাৰণভাৱে স্থানীয় ‘কিস্বহিলী ভাষা’ত ‘সাগৰবিহীন চহৰ’ হিচাপেও জনা যায়।১২

ভৌগলিক অৱস্থিতি, কৃষি আৰু জলবায়ু

ম’ৰ’গ’ৰ’ চহৰখন ওলোগোৰো পৰ্বতৰ দাঁতিত অৱস্থিত। এই চহৰখনে টাঞ্জানিয়াৰ কৃষিক্ষেত্ৰত এক অন‍্যতম ভূমিকা গ্ৰহণ কৰি আছে। ইয়াত চাইচাল খেতি প্ৰচুৰ ভাৱে কৰা হয়। ম’ৰ’গ’ৰ’ অঞ্চলৰ জলৱায়ু সামগ্ৰিকভাৱে গৰম আৰু ইয়াৰ তাপমাত্ৰা সব্বোৰ্চ ৩২ °C (৯০.৭°F) পৰা ২৭.৮°C (৮২.৬ °F), আৰু সৰ্বনিম্ন ১৬.৭ °C (৬২.১ °F) পৰা ১২.৪ °C (৫৪.৩ °F) হয়।৩

পৰিবহন ব‍্যৱস্থা

ম’ৰ’গ’ৰ’ৰ বিভিন্ন ঠাইৰ মাজত পৰিৱহনৰ বাবে ‘ডালা ডালা’ নামৰ ৰাজহুৱা বাছৰ ব‍্যৱহাৰ হয়। এই বাছ সমুহত ম’ৰ’গ’ৰ’ চহৰৰ পৰা দাঁতিকাষৰীয়া অঞ্চললৈ বাছৰ ভাৰা সাধাৰণতে ৫০০-৭০০ টাঞ্জানিয়ান ছিলিং হয়। ইয়াৰ লগতে, অধিক খৰতকীয়া পৰিবহনৰ বাবে ‘বডা বডা’ নামেৰে মটৰচাইকেল আৰু ‘বাজাজী’ নামেৰে তিনিচকীয়া যানৰ বহুল ব‍্যৱহাৰ হয়। এই ধৰণৰ পৰিবহনত যাত্ৰাৰ দুৰত্ব হিচাপে ভাৰাৰ ব‍্যৱস্থা আছে।

শিক্ষা ব্যৱস্থা

ম’ৰ’গ’ৰ’ত টাঞ্জানিয়াৰ কেইবাখনো উল্লেখযোগ্য বিশ্ববিদ‍্যালয় আৰু মহাবিদ‍্যালয় অৱস্থিত; তাৰ ভিতৰত প্ৰধান হৈছে 'চ'ক'ইনে কৃষি বিশ্ববিদ‍্যালয়' (Sokoine University of Agriculture), 'ম’ৰ’গ’ৰ’ মুছলিম বিশ্ববিদ‍্যালয়' (Muslim University of Morogoro), ' ছেন্ট যোচেফ বিশ্ববিদ‍্যালয়' (St. Joseph University College), 'জৰ্ডান বিশ্ববিদ‍্যালয়' (Jordan University College)। 'মাযোমবে বিশ্ববিদ‍্যালয়' (Mzumbe University) খন মুখ্য চহৰৰ পৰা দক্ষিণে ২৬ কিলোমিটাৰ দুৰৈত ইৰিংগা ৰাষ্ট্ৰীয় পথত অৱস্থিত। ৪

ক্ৰীড়া আৰু সংস্কৃতি

'ম’ৰ’গ’ৰ’ৰ ফুটবল ক্লাব 'মাত্বিৱা চোগাৰ এফ. চি.' (Mtibwa Sugar F.C.) য়ে ম’ৰ’গ’ৰ’ অঞ্চলৰ হৈ টাঞ্জানিয়ান প্ৰিমিয়াৰ লিগত অংশগ্ৰহণ কৰে। টাঞ্জানিয়াৰ সংগীত ক্ষেত্ৰতো এই চহৰখনৰ অৰিহণা আছে। 'কিউবান মাৰিমবা গোষ্ঠী(বেণ্ড)' (Cuban Marimba Band), ৰ প্ৰতিষ্ঠাপক চালিম আব্দুলা, 'ম’ৰ’গ’ৰ’ৰ নিবাসী। ১৯৪৪ চনত 'ম’ৰ’গ’ৰ’ জেজ গোষ্ঠী(বেণ্ড) (Morogoro Jazz Band) ৰ প্ৰতিষ্ঠা হৈছিল। মাবাৰাকা মঊইনছেহে নামৰ টাঞ্জানিয়াৰ প্ৰখ্যাত গীতাৰবাদক তথা গীতিকাৰজন ১৯৬০ চনৰ মাজসময়ৰ পৰা ১৯৭০ লৈ 'ম’ৰ’গ’ৰ’ত বসবাস কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ (2011). Weatherbase: Historical Weather for Morogoro, Tanzania. Weatherbase
  2. ↑ Amani Home. city short of an ocean
  3. ↑ Highland Estate. www.estates.co.tz
  4. ↑ School History | Morogoro International School
  5. ↑ Askew, Kelly Michelle. (2002). Performing the nation: Swahili music and cultural politics in Tanzania. University Of Chicago Press. পৃ. 92. ISBN 978-0-226-02981-8

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চলনগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম’ৰ’গ’ৰ’” প্ৰবন্ধৰ সংশোধন ৬৩২৮৫০ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।