
চহৰ (City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস।১২ প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে।
সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, মাটিৰ ব্যৱহাৰ, ঘৰ, পৰিবহণ ইত্যাদি। চহৰৰ উন্নতিয়ে মানুহ আৰু ব্যৱসায়ৰ প্ৰসাৰ ঘটাত সহায় কৰে। চহৰ প্ৰায়েই গাঁওৰ দ্বাৰা পৰিবেষ্টিত থাকে। ইয়াত চাকৰিৰ সুযোগ-সুবিধাও বেছি থাকে। ক্ৰমান্নয়ে চহৰৰ আশে পাশে থকা এলেকাবোৰো চহৰৰ আওতালৈ আহে।
উৎপত্তি
চহৰ কেনেকৈ উৎপত্তি হল সেই বিষয়ে কোনো নিৰ্ধাৰিত প্ৰমাণ নাই। অনেক তত্ত্ববিদে ধাৰণা কৰে, কিছু মৌলিক প্ৰয়োজন পূৰণৰ তাগিদাতেই চহৰ জন্মলাভ কৰে।
ধাৰণা কৰা হয়, কৃষি বিপ্লৱ চহৰ সৃষ্টিৰ মূল। এই বিপ্লৱে কৃষিৰ উদ্ভাৱন কৰায়। ইয়াৰফলত মানুহ খাদ্য উৎপাদনৰ তাগিদাত স্থায়ীভাবে একস্থানত বসবাস আৰম্ভ কৰে। এই ঘন জনবসতিৰ ফলত ধীৰে ধীৰে চহৰ গঢ়ি উঠে।৩ পল বাইৰোচৰ চহৰ আৰু অৰ্থনৈতিক উন্নতি নামৰ কিতাপৰ মতে, কৃষিৰ ফলতেই মানুহ একেলগে বসবাস কৰাৰ প্ৰয়োজন অনুভৱ কৰে আৰু এই মৌলিক প্ৰয়োজনৰ বাবেই মানুহে চহৰ গঢ়ি তোলে।
গ্ৰামীণ তত্ত্ববিদ জেন জেকবচৰ মতে, চহৰৰ উৎপত্তিয়ে কৃষিৰ আবিষ্কাৰক তৰান্বিত কৰে, অৱশ্যে তেওঁৰ এই যুক্তি অকাট্য বুলি মানি লোৱা নহয়।৪
ভূগোল
খালৰ দ্বাৰা ঘেৰা।]]
বিভিন্ন দেশত বিভিন্নভাবে চহৰক সজোৱা হয়। অধিকাংশ ক্ষেত্ৰতেই গ্ৰিড পদ্ধতিত চহৰ তৈয়াৰ কৰা হয়। হাজাৰ বছৰ আগে চীনত এই পদ্ধতি অনুসৰণ কৰা হৈছিল। আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ পৰিকল্পনাবিদ ডিনোক্ৰেটছ অব ৰোডছ এই পৰিকল্পনা মতে নিৰ্মাণ কৰা হৈছিল।
বহিঃসংযোগ
- World Urbanization Prospects, the 2011 Revision, Website of the United Nations Population Division
- Geopolis - research group that studies the world's urbanization, Université Paris Diderot, France
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চহৰ” প্ৰবন্ধৰ সংশোধন ২৩৪৮১৯ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।