অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কুৱালালামপুৰ

কুৱালালামপুৰ, চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত। ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কুয়ালা লামপুৰ হৈছে এক সামূহিক নগৰ।

হালনাগাদ: ২৭ জুলাই ২০২৬ ৪৯০ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কুৱালালামপুৰ,১ চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত।২ ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কুয়ালা লামপুৰ হৈছে এক সামূহিক নগৰ। ২০১৩ চনত ইয়াৰ জনসংখ্যা আছিল ৭.২ নিযুত। জনসংখ্যা আৰু অৰ্থনৈতিক দিশৰ পৰা ই হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন দ্ৰুত বিকাশশীল মহানগৰীয় অঞ্চল।

কুৱালালামপুৰ হৈছে মালয়েছিয়া সংসদৰ এক আসন। এসময়ত নগৰখন ফেডাৰেল চৰকাৰৰ কাৰ্যকৰী আৰু ন্যায়িক শাখা আছিল, কিন্তু ১৯৯৯ চনৰ আদিতে শাখাসমূহ পুত্ৰজয়লৈ স্থানান্তৰ কৰা হয়।৩ ৰাজধানী চহৰ কুৱালা লামপুৰত এতিয়াও কিছু উপবিভাগ আছে। মালয়েছিয়াৰ ৰজাৰ চৰকাৰী আৱাস, ইষ্টানা নেগাৰাও কুআলা লামপুৰতেই আছে। আলফা ৱৰ্ল্ড চিটি হিচাপে বিবেচিত কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু বিত্তীয় কেন্দ্ৰস্বৰূপ।

কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ তিনিখন ফেডাৰেল টেৰিটৰীৰ ভিতৰত এখন,৪ ইয়াৰ পৰিক্ষেত্ৰ মালয়েছিয়া উপদ্বীপৰ মধ্য পশ্চিম সমুদ্ৰতীৰত থকা ছেলাংগৰ ৰাষ্ট্ৰৰ ভিতৰত।৫ ১৯৯০ চনৰে পৰা নগৰখনত বহুতো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া, ৰাজনৈতিক আৰু সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হৈ আহিছে। ১৯৯৮ চনত কমনৱেলথ গেইমছ আৰু ফৰ্মূলা ৱান গ্ৰাণ্ড প্ৰিক্স ইয়াতেই অনুষ্ঠিত হৈছিল। ইয়াৰোপৰি মালয়েছিয়াৰ গৌৰৱ তথা উন্নয়নৰ প্ৰতীক, বিশ্বৰ আটাইতকৈ ওখ যমজ অট্টালিকা, দ্য পেট্ৰ'নাছ টুইন টাৱাৰছ ইয়াতেই আছে।

ইতিহাস

(সোঁ) নদীৰ সংগমস্থলত অৱস্থিত জামেক মঠ। নদী তীৰৰ পূৱ দিশে কুয়ালা লামপুৰত আদিতে নিৰ্মিত এক স্থাপত্য (ছবিত সোঁ ফালে দেখা গৈছে)।]]

নাম

কুআলা লামপুৰ মানে "পংকিল সংগম"; কুআলা মানে সেই বিন্দু য'ত দুখন নদী লগ লাগে বা তিনিসোঁতী, আৰু লামপুৰ মানে "বোকা"।৬

কলা-সংস্কৃতি

নেচনেল মিউজিয়ামত প্ৰদৰ্শিত মালয়েছিয়াৰ ইতিহাস
নেচনেল মিউজিয়ামত প্ৰদৰ্শিত মালয়েছিয়াৰ ইতিহাসছবি: DaveSumpner at English Wikipedia · Public domain

কোআলা লামপুৰ মালয়েছিয়াৰ বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপ আৰু অনুষ্ঠানৰ কেন্দ্ৰ স্বৰূপ। এনে কেন্দ্ৰসমূহৰ ভিতৰত মাহামেৰু ঘাইপথৰ কাষত অৱস্থিত নেচনেল মিউজিয়াম প্ৰধান। ইয়াত সংগ্ৰহিত বিভিন্ন কলাকৃতি আৰু পেইণ্টিংসমূহ জগত বিখ্যাত।৭ কোআলা লামপুৰৰ অন্য এটা প্ৰধান আকৰ্ষণ হৈছে ইছলামিক আৰ্ট মিউজিয়াম, ইয়াত প্ৰায় সাত সহস্ৰাধিক ইছলামিক কলাকৃতি তথা ইছলামিক সাংস্কৃতিক সমলৰ এটা পুথিভঁৰাল আছে।৮ এই সংগ্ৰহালয়ত কেৱল মধ্য পূৱৰ সমলেই সংগ্ৰহিত হৈ থকা নাই, ইয়াত চীন আৰু দক্ষিণ এছিয়াৰ দৰে এছিয়াৰ বিভিন্ন অঞ্চলৰ সমল সংগ্ৰহ কৰি ৰখা হৈছে। কোআলা লামপুৰত সংগ্ৰহালয়ৰ সৈতে সংলগ্ন এটা ক্ৰাফ্ট কমপ্লেক্স আছে, ইয়াত বিভিন্ন বয়ন শিল্প, ধাতৱ শিল্প আৰু থলুৱা উৎপাদ প্ৰদৰ্শিত কৰা হয়। সামগ্ৰীসমূহ উৎপাদনৰ সকলো তথ্য, পক্ৰিয়া ডায়োৰামা আৰ্হিত ঐতিহাসিক বিৱৰণ তথা কৌশল আৰু পৰম্পৰাগত নিৰ্মান সৰঞ্জামৰ সৈতে পুতলাৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। এনে পক্ৰিয়াসমূহৰ ভিতৰত কাঠৰ আচবাব নিৰ্মান, ৰূপৰ শাল, কাপোৰৰ কলা আৰু নাও নিৰ্মান আদি উল্লেখযোগ্য।৯

পেট্ৰ'নাছ ফিলহাৰমনিক হল হৈছে কোআলা লামপুৰত অৱস্থিত প্ৰদৰ্শন কলাৰ এক মঞ্চ। ইয়াৰ স্থায়ী অৰ্কেষ্ট্ৰা হৈছে মালয়েছিয়ান ফিলহাৰমনিক অৰ্কেষ্ট্ৰা। এই অৰ্কেষ্ট্ৰাত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীত শিল্পীয়ে নিয়মীয়া কনচাৰ্ট, চেম্বাৰ কনচাৰ্ট আৰু পকম্পৰাগত সংগীত পৰিৱেশন কৰে।১০

কোআলা লামপুৰত নেচনেল আৰ্ট গেলাৰী অৱ মালয়েছিয়া, দ্য নেচনেল থিয়েটাৰ (ইষ্টানা বুদায়া) আৰু নেচনেল লাইব্ৰেৰী আছে।

কোআলা লামপুৰত প্ৰত্যেক বছৰে ইণ্টাৰনেচনেল গৌৰমেণ্ট ফেষ্টিৱেল অনুষ্ঠিত কৰা হয়।১১ কোআলা লামপুৰত অনুষ্ঠিত অন্য এটা বাৰ্ষিক অনুষ্ঠান হৈছে কোআলা লামপুৰ ফেশ্বন ৱিক,১২ ইয়াত বহু স্থানীয় আৰু অন্তঃৰাষ্ট্ৰীয় ডিজাইনাৰ ব্ৰেণ্ডে অংশগ্ৰহণ কৰে।

কোআলা লামপুৰ বৰ্তমান এই অঞ্চলৰ এক আধুনিক কলা-সংস্কৃতি, উন্মোচন আৰু সৃষ্টিশীল উদ্যোগ বিকাশৰ কেন্দ্ৰলৈ পৰিণত হৈছে। ইয়াত আন্তঃৰাষ্ট্ৰীয় সৃষ্টিশীল উদ্যোগ অনুষ্ঠান, ক্ৰিয়েটিভ.এছিয়া (Kreative.Asia) অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত পৰিৱেশন কলা, সংস্কৃতি, সমল আদিৰ সৃষ্টি, বিকাশ আৰু যোগানধৰোতা স্থানীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পাৰদৰ্শী লোক সমবেত হয়। সংগীত, কলা, সংস্কৃতি আৰু যোগাযোগৰ বিনিময়ত কোআলা লামপুৰ বিশেষভাবে আগবঢ়া।

তথ্যসূত্ৰ

  1. ↑ কেএল এট্ৰেকশ্বন, এক্টিভিটিছ এণ্ড হোৱাটছ অন ইন কেএল – টাউম আউত কুৱালা লামপুৰ। টাইমআউটকেএল.কমৰ পৰা ১৬ নৱেম্বৰ ২০১৬ত আহৰণ কৰা হৈছে।
  2. ↑ ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ. ডিপাৰ্টমেণ্ট অৱ ষ্টেটিছটিক্স, মালয়েছিয়া
  3. ↑ পুত্ৰজায়া – এডমিনিষ্ট্ৰেটিভ কেপিটেল অৱ মালয়েছিয়া. গভৰ্ণমেণ্ট অৱ মালয়েছিয়া
  4. ↑ জিয়ং চুন হাই @ইব্ৰাহিম, এণ্ড নোৰ ফাৎজলিনা নাৱি। (২০০৭)। প্ৰিঞ্চিপলছ অৱ পাবলিক এডমিনিষ্ট্ৰেশ্বৱ: এন ইণ্ট্ৰ’ডাক্সন কুৱালা লামপুৰ পাব্লিকেশ্বন। ISBN 978-983-195-253-5
  5. ↑ টেৰিটৰিয়েন এক্সটেণ্ট. ষ্টেট অৱ মালয়েছিয়া. statoids.com
  6. ↑ কুয়ালা ইন ইংলিছ. গ্ল'ছবি
  7. ↑ Main Page. Muzium Negara Malaysia
  8. ↑ Main. Islamic Arts Museum Malaysia
  9. ↑ Craft Cultural Complex Kuala Lumpur – Kompleks Budaya Kraf
  10. ↑ Meet the MPO. Malaysian Philharmonic Orchestra
  11. ↑ Main. Malaysia International Gourmet Festival
  12. ↑ Kuala Lumpur Fashion Week 2005. People's Daily Online

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰৰাজধানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৱালালামপুৰ” প্ৰবন্ধৰ সংশোধন ৬২০২৬৭ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।