অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অনুৰাধাপুৰা

অনুৰাধাপুৰা (අනුරාධපුරය; তামিল: அனுராதபுரம்) হ’ল শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ তথা শ্ৰীলংকাৰ পুৰণি ৰাজধানী। এই চহৰখন এসময়ত অনুৰাধাপুৰা সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বৰ্তমান অনুৰাধাপুৰা হ’ল শ্ৰীলংকাৰ এখন গুৰুত্বপূৰ্ণ চহৰ তথা পৰ্যটনস্থলী।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অনুৰাধাপুৰা (අනුරාධපුරය; তামিল: அனுராதபுரம்) হ’ল শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ তথা শ্ৰীলংকাৰ পুৰণি ৰাজধানী। এই চহৰখন এসময়ত অনুৰাধাপুৰা সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বৰ্তমান অনুৰাধাপুৰা হ’ল শ্ৰীলংকাৰ এখন গুৰুত্বপূৰ্ণ চহৰ তথা পৰ্যটনস্থলী। শ্ৰীলংকা চৰকাৰে বৰ্তমান এই চহৰখনক কেন্দ্ৰ কৰি পৰ্যটন শিল্পৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে।১

অৱস্থান

অনুৰাধাপুৰা চহৰখন উত্তৰ-মধ্য প্ৰদেশৰ অনুৰাধাপুৰা জিলাত অৱস্থিত। এই চহৰখন শ্ৰীলংকাৰ মধ্যভাগৰ মালভূমিত অৱস্থিত। সমুদ্ৰৰ সমতলৰ পৰা চহৰখনৰ উচ্চতা প্ৰায় ৮১ মিটাৰ বা ২৭০ ফুট। অনুৰাধাপুৰাৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত কলম্বো চহৰ আৰু প্ৰায় ১৮০ কিলোমিটাৰ দূৰত্বত জাফনা অৱস্থিত।

ইতিহাস

অনুৰাধাপুৰা শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ। এই চহৰখনে শ্ৰীলংকাৰ এক সত্যতাৰ চিহ্ন বহন কৰে। এই চহৰখনক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছিল অনুৰাধাপুৰা সাম্ৰাজ্য বা অনুৰাধাপুৰা সভ্যতা। এই চহৰখনৰ আগতে আৰু দুখন সাম্ৰাজ্য গঢ় লৈ উঠিছিল। তেতিয়াৰ সেই সাম্ৰাজ্যদুখন সম্পৰ্কে আগলৈ সঠিক তথ্য পোৱা নাযায়।

জনসংখ্যা

+
জাতীয়তাজনসংখ্যামুঠ জনসংখ্যাৰ শতকৰা
সিংহলী৫১,৭৭৫৯১.৪২
শ্ৰীলংকীয় মূৰ্ষ৩,৮২৫৬.৭৫
শ্ৰীলংকীয় তামিল৮৫০১.৫০
ভাৰতীয় তামিল৪৫০.০৪
অন্যান্য (বুৰঘেৰ, মালয় ভাষাকে ধৰি)১৩৭০.২৪
মুঠ৫৬,৬৩২১০০

উৎস: www.statistics.gov.lk - জনগণনা ২০০১ ২০০১ চনৰ লোকপিয়ল অনুসৰি অনুৰাধাপুৰাৰ মুঠ জনসংখ্যা হৈছে ৫৬,৬৩২ জন। জাতিয়তা অনুসৰি অনুৰাধাপুৰাত ৯১.৪২% বা প্ৰায় ৫১ হেজাৰ সিংহলী, ৬.৭৫% বা প্ৰায় ৪ হেজাৰ শ্ৰীলংকীয় মূৰ্ষ, ১.৫০% বা ৮৫০ জন শ্ৰীলংকীয় তামিল, ০.০৪% বা প্ৰায় ৫০ জন ভাৰতীয় তামিল আৰু বুৰঘেৰ, মালয়কে ধৰি প্ৰায় ১৩০ জন বা ০.১৪% অন্যান্য লোক আছে।

জলবায়ু

এই চহৰখন বিষুৱৰেখাৰ পৰা ৮.২১ ডিগ্ৰী উত্তৰে অৱস্থিত যাৰ ফলত এই চহৰখন ক্ৰান্তীয় অঞ্চলত পৰিছে য’ত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। গ্ৰীষ্মকালত এই চহৰৰ গড় তাপমাত্ৰা ২৬ ডিগ্ৰী হয় যদিও শীতকালত তাপমাত্ৰা ২০ ডিগ্ৰীৰ তললৈ কমি যায়।

পৰিবহণ

অনুৰাধাপুৰা চহৰখন পথ আৰু ৰেলসেৱা দুই মাধ্যমেৰে দেশৰ আন আন ঠাইৰ লগত যুক্ত হৈ আছে। চহৰখনত অনুৰাধাপুৰা ৰেলৱে ষ্টেচন নামৰ এটা ৰেল ষ্টেচন আছে। এই ষ্টেচনটো অনুৰাধাপুৰাৰ ৰেলৱেৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত। এই ৰেল ষ্টেচনটো কলম্বো, জাফনা ৰেল পথৰ ওপৰত অৱস্থিত।

পৰ্যটন

অনুৰাধাপুৰা এখন ঐতিহাসিক চহৰ হোৱা কাৰণে প্ৰতিবছৰে অনুৰাধাপুৰালৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটে। অনুৰাধাপুৰাক বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাৰ পাছৰ পৰাই চহৰখনত পৰ্যটন সংখ্যা বৃদ্ধি পাইছে।

পৰিবহন

অনুৰাধাপুৰাত ৰেলপথ আৰু ঘাইপথ উপলব্ধ। উত্তৰ ৰেলৱে লাইনে অনুৰাধাপুৰাক কলম্বো, জাফনা আৰু কংকেছনথুৰাইৰ সৈতে সংযোগ কৰিছে। প্ৰধান ৰেলৱে ষ্টেছন হৈছে অনুৰাধাপুৰা ৰেলৱে ষ্টেছন। অনুৰাধাপুৰা শ্ৰীলংকাৰ এখন কেন্দ্ৰীয় নগৰ। ই দ্বীপ ৰাষ্ট্ৰখনৰ বহুতো প্ৰধান নগৰ, আৰু চহৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোজিত। স্থলপথেপে অনুৰাধাপুৰা ভাভুন্যা, ডাম্বুল্লা, পুট্টালাম, ত্ৰিংকোমালী, জাফানা, কুৰুংএগালা, আৰু কান্দিৰ সৈতে সংযুক্ত। পথৰ কাষৰিয়া নগৰ হিচাপে, ইয়াত থাকি অতি কম দুৰত্বতে বহু পুৰণি কীৰ্তিচিহ্ন দৰ্শনৰ সুবিধা লাভ কৰিব পাৰি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Anuradhapura

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধাপুৰা” প্ৰবন্ধৰ সংশোধন ৫৭১৭৮১ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।