ছাংহাই জনসংখ্যাৰ ফালৰ পৰা চীনৰ সৰ্ববৃহৎ মহানগৰ১২ আৰু বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চিটি প্ৰপাৰ (city proper)।৩ এই মহানগৰ চীনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ ভিতৰত থকা চাৰিখন নগৰপালিকা (direct-controlled municipalities)ৰ এখন। ২০১৩ চনত ছাংহাই মহানগৰৰ জনসংখ্যা আছিল ২৪ মিলিয়নৰো অধিক। এই মহানগৰ এক আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক কেন্দ্ৰ৪ আৰু পৰিবহণৰো মূলকেন্দ্ৰ।৫
ছাংহাই পূব চীনত য়াংজে নদীৰ অৱবাহিকাত অৱস্থিত। এই মহানগৰৰ উত্তৰে জিয়াংছু প্ৰদেশ (Jiangsu), দক্ষিণ আৰু পশ্চিমে ঝেজিয়াং ( Zhejiang) আৰু পূবে পূব চীন সাগৰ (East China Sea)-এ আৱৰি আছে।৬
বহু শতিকাৰ পৰাই ব্যৱসায়-বাণিজ্য আৰু শাসনব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ থকা ছাংহাইক উনৈশ শতিকাত ইউৰোপীয়ানসকলে অৰ্থনৈতিক আৰু ভৌগোলিকভাৱে গুৰুত্বপূৰ্ণ বুলি চিনাক্ত কৰাৰ পৰা সমৃদ্ধিৰ পথত আগুৱাবলৈ ধৰে। প্ৰথম কানি যুদ্ধ (First Opium War) ত ব্ৰিটিছে চীন জয় কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বৈদেশিক বাণিজ্যৰ বাবে মুকলি কৰি দিয়া পাঁচখন প্ৰদেশৰ ভিতৰত ছাংহাই অন্যতম। ইয়াৰ পিছত ১৮৪২ চনৰ নেনকিঙৰ সন্ধি (Treaty of Nanking) আৰু ১৮৪৪ চনৰ হুৱামপোআ সন্ধি (Treaty of Whampoa)-য়ে ছাংহাই আন্তৰাষ্ট্ৰীয় অৱস্থান (Shanghai International Settlement) আৰু ফ্ৰেন্স কনছেছ’ন (French Concession) -ৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰে। ইয়াৰ লগে লগে এই মহানগৰী পূব আৰু পশ্চিমৰ মাজত বাণিজ্যৰ কেন্দ্ৰৰূপে ১৯৩০-ৰ সময়ত সমৃদ্ধ হ’বলৈ আৰম্ভ কৰে।৭ অৱশ্যে ১৯৪৯ চনত কমিউনিষ্ট শাসনৰ আৰম্ভ হোৱাত এই বাণিজ্যক কেৱল কিছু দেশ (socialist countries)-ত কেন্দ্ৰীভূত কৰা হয় আৰু ইয়াৰ ফলত এই নগৰীৰ আন্তৰ্জাতিক প্ৰভাৱ হ্ৰাস পায়।৮
ছাংহাই মহানগৰী এক প্ৰখ্যাত পৰ্য্যটন কেন্দ্ৰ। এই মহানগৰীত অৱস্থিত বিভিন্ন ঐতিহাসিক কৃতীচিহ্ন যেনে The Bund, City God Temple আৰু Yu Garden আদিৰ লগতে Lujiazui ৰ অপূৰ্ব স্কাইলাইন, প্ৰসিদ্ধ অট্টালিকা আদিৰ বাবে বিখ্যাত। এই মহানগৰীক চীনত অৰ্থনৈতিক সমৃদ্ধিৰ এক চানেকী ("showpiece" of the booming economy of mainland China) বুলি গণ্য কৰা হয়। ৯১০
লগতে চাওক
- Danielson, Eric N. (2010). Discover Shanghai. Marshall Cavendish
- Danielson, Eric N. (2004). Shanghai and the Yangzi Delta. Marshall Cavendish/Times Editions. ISBN 981-232-597-2
- Elvin, Mark. (1977). The City in Late Imperial China. Stanford University Press. পৃ. 441–474. ISBN 9780804708920
- Erh, Deke and Johnston, Tess. (2007). Shanghai Art Deco. Old China Hand Press
- Haarmann, Anke. Shanghai (Urban Public) Space (Berlin: Jovis, 2009). 192 pp. online review
- Horesh, Niv. (2009). Shanghai's Bund and Beyond. Yale University Press
- Johnson, Linda Cooke. (1995). Shanghai: From Market Town to Treaty Port. Stanford University Press
- Johnson, Linda Cooke. (1993). Cities of Jiangnan in Late Imperial China. State University of New York (SUNY). ISBN 0-7914-1424-8
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Chan, Kam Wing. (2007). Misconceptions and Complexities in the Study of China's Cities: Definitions, Statistics, and Implications. Eurasian Geography and Economics. পৃ. 383–412, p. 395
- ↑ What are China's largest and richest cities?. University of Southern California
- ↑ Cities: largest (without surrounding suburban areas). Geohive
- ↑ The Competitive Position of London as a Global Financial Centre
- ↑ Top 50 World Container Ports
- ↑ Geographic Location. Basic Facts. Shanghai Municipal Government
- ↑ Scott Tong. (October 2009). Shanghai: Global financial center? Aspirations and reality, and implications for Hong Kong. Hong Kong Journal
- ↑ (27 May 1949). Historic Transformation. Shanghai.gov.cn
- ↑ Hunt, Katie. (21 May 2008). Shanghai: China's capitalist showpiece. BBC News
- ↑ (27 January 2003). Of Shanghai.. and Suzhou. The Hindu Business Line
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাংহাই” প্ৰবন্ধৰ সংশোধন ৬৩২১২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।