অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডামাস্কাছ

ডামাস্কাছ (Damascus) বা দামিস্ক (دمشق Dimashq ) হৈছে পূৰ্ৱ এলেপ্প’ৰ গণযুদ্ধৰ পৰা ছিৰিয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ই বৰ্তমান ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ। ছিৰিয়াত ইয়াক সাধাৰণতে আছ-ছাম (الشام ash-Shām) বুলি কোৱা হয় আৰু তগৰৰ চহৰ (مدينة الياسمين Madīnat al-Yāsmīn) উপনামেৰে জনা যায়।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ৪৫৩ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডামাস্কাছ (Damascus) বা দামিস্ক (دمشق Dimashq ) হৈছে পূৰ্ৱ এলেপ্প’ৰ গণযুদ্ধৰ পৰা ছিৰিয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ই বৰ্তমান ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ। ছিৰিয়াত ইয়াক সাধাৰণতে আছ-ছাম (الشام ash-Shām) বুলি কোৱা হয় আৰু তগৰৰ চহৰ (مدينة الياسمين Madīnat al-Yāsmīn) উপনামেৰে জনা যায়। ডামাস্কাছ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি কালৰে পৰা বসবাস কৰা চহৰসমূহৰ ভিতৰত অন্যতম।১ ই লেভেণ্টৰ প্ৰধান ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰ। ২০০৯ চনৰ পৰিসংখ্যামতে নগৰখনৰ জনসংখ্যা প্ৰায় ১৭,১১,০০০।২

ছিৰিয়াৰ দক্ষিণ-পশ্চিমত অৱস্থিত ডামাস্কাছ হৈছে প্ৰায় ২.৬ নিযুত জনসংখ্যাৰ (২০০৪) এক বৃহৎ মহানগৰীয় অঞ্চল।৩ ভৌগোলিকভাৱে ডামাস্কাছ এণ্টি-লেবানন পৰ্বতমালাৰ সমতলত ভূমধ্যসাগৰৰ সমুদ্ৰতীৰৰ পৰা ৮০ কিলোমিটাৰ (৫০ মাইল) আঁতৰত আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ৬৮০ মিটাৰ (২,২৩০ ফুট) উচ্চতাত অৱস্থিত। বৰ্ষা-ছায়া প্ৰভাৱৰ বাবে এই অঞ্চলৰ জলবায়ু অৰ্ধ-শুষ্ক। ডামাস্কাছৰ মাজেদি বাৰাদাৰা নদী বৈ গৈছে।

চহৰখন খ্ৰীষ্টপূৰ্ব ২য় মিলেনিয়ামত স্থাপিত হৈছিল, ৬৬১ৰ পৰা ৭৫০ চনলৈ ই উমায়াড কেলিফাটেৰ ৰাজধানী আছিল। আব্বাছিড সাম্ৰাজ্যৰ বিজয়ৰ পিছতেই ইছলামিক শক্তি বাগদাদলৈ স্থানান্তৰিত হয়। কেৱল আয়ুবিদ আৰু মামলোক কালত বিশেষ গুৰুত্ব প্ৰাপ্তি কৰিবলৈকে ডামাস্কাছত এক ৰাজনৈতিক পটত দেখা পোৱা গৈছিল। বৰ্তমান ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু সকলো চৰকাৰী মন্ত্ৰালয়ৰ শাসন চলে।

সংস্কৃতি

নেচনেল মিউজিয়াম অৱ ডামাস্কাছ
নেচনেল মিউজিয়াম অৱ ডামাস্কাছছবি: User:Aziz1005 · Public domain

ডামাস্কাছক আৰৱ সাংস্কৃতিক ৰাজধানী ২০০৮ৰ খিতাপ প্ৰদান কৰা হৈছিল।৪ এই অনুষ্ঠানৰ পূৰ্বায়োজন ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ কৰা হৈছিল। "ডামাস্কাছ আৰৱ কেপিটেল অৱ কালচাৰ"ৰ বাবে এক প্ৰশাসনিক সমিতি ইয়াৰ লগত জড়িত আছিল।৫

সংগ্ৰহালয়

  • ডামাস্কাছৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়
  • আজেম পেলেচ
  • মিলিটেৰী মিউজিয়াম
  • অক্টোবৰ ৱাৰ পেন'ৰামা মিউজিয়াম
  • মিউজিয়াম অৱ আৰৱিক কেল্লিগ্ৰাফী
  • নুৰ আল-ডিন বিমাৰিস্তান

ধৰ্ম

ডামাস্কাছৰ সৰ্বাধিক লোক ইছলাম ধৰ্মী। অধিকতৰ মুছলমান ছু্ন্নি আনহাতে নগণ্য সংখ্যক আলাৱাইট আৰু টুৱেলভাৰ ছিয়া। পূৰ্বতে আলাৱাইট সকল মেজাহ জিলাত বসবাস কৰিছিল। ছিয়া সকল পূৰ্বতে ছিয়া পবিত্ৰ স্থান ছায়িদা ৰুকায়া আৰু ছায়িদাহ জাইনাবৰ কাষত বাস কৰিছিল। ডামাস্কাছত প্ৰায় দুশৰো অধিক মঠ আছে, আটাইতকৈ বিখ্যাত মঠ হৈছে উমায়াদ মঠ।৬ মুঠ জনসংখ্যাৰ ১৫%-২০% খ্ৰীষ্টান ধৰ্মৰ লোক আছে। বহু খ্ৰীষ্টান ৰায়তৰ মুখ্য কাৰ্যালয় ডামাস্কাছত আছে। ইয়াৰ খ্ৰীষ্টান প্ৰধান জিলা হৈছে বাব টুমা, কুঁৱাছা আৰু ঘাছানি। প্ৰত্যেক জিলাতে বহু গীৰ্জাঘৰ আছে, বহু পুৰণি ছেপেল অৱ ছেইণ্ট পাওল উল্লেখযোগ্য। ১৯৮২ আৰু ২০০৪ চনৰ মাজত কুমাৰী মেৰীৰ অনুপ্ৰেৰণাৰ এক শৃংখলা ছৌফেনিছ অনুষ্ঠিত কৰা হৈছিল বুলি কোৱা হয়।৭ নগৰখনত অতি কম সংখ্যক ড্ৰোজ ধৰ্মী লোকো আছে, বিশেষকৈ টডমন,৮ জাৰামানা আৰু ছাহনায় অঞ্চলত। বব টামাত ছিৰিয়ান অৰ্থডক্সৰ উচ্চতম গীৰ্জা আছে। এই গীৰ্জা ডামাস্কাছৰ মধ্য-পূব মূলৰ ছিৰিয়াক অৰ্থডক্স গীৰ্জাৰ সতন্ত্ৰ গীৰ্জা আৰু নিজা নেতৃত্ব সম্পন্ন আৰু ভাৰততো ইয়াৰ গঠন আছে, যদিও দুয়োটাতে একেই খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰা হয়। ছিৰিয়াত প্ৰয় ১,৭০,০০০ ছিৰিয়াক অৰ্থডক্স সদস্য আছে।

ইয়াত হাৰাত-আল-য়াহুদ জিয়ুছ কোৱাৰ্টাৰ নামৰ এক ক্ষুদ্ৰ জিয়ুছ সম্প্ৰদায়ো আছে।

ছুফিবাদ

ছুন্নি ধৰ্মী, বিশেষকৈ ডামাস্কাছৰ ছুন্নি সকলৰ ওপৰত বিংশ শতিকাৰ ছুফিবাদে প্ৰভাৱিত কৰা পৰিলক্ষিত হয়। সমগ্ৰ বিশ্বজুৰি মুনিৰা-আল-কোৱাছিৰ নেতৃত্বত চলা বৃহত্তৰ কেৱল মহিলা আৰু কেৱল ছোৱালী মুছলীম বিপ্লৱ ছুফীবাদৰ দ্বাৰা প্ৰভাৱিত আৰু ডামাস্কাছেই ইয়াৰ আধাৰ স্বৰূপ। ডামাস্কাছৰ দৰে নগৰীয় অঞ্চলত ছিৰিয়ান ছুফীবাদৰ স্থিতি অতি শক্তিশালী, ই মঠৰ এক শৃংখলা আৰু আবিদ আল-ঘানি আল-নাবুলছি, ছৈয়দ হাৱা, আবিদ আল-ৰহমান আল-ছাঘূৰি, আৰু মুহম্মদ আল-য়াকুবিৰ দৰে লোকৰ সহযোগত জায়াদৰ দৰে ৰাজনৈতিক বিপ্লৱৰো প্ৰতিষ্ঠা কৰিছে।৯

তথ্যসূত্ৰ

  1. ↑ পৃ. 21
  2. ↑ Central Bureau of Statistics in Syria: Chapter 2: Population & Demographic Indicators Table 3: Estimates of Population actually living in Syria on 31 December 2011 by Mohafazat and six (in thousands)
  3. ↑ Central Bureau of Statistics Syria Syria census 2004
  4. ↑ دمشق عاصمة الثقافة العربية 2008. Damascus.org.sy
  5. ↑ (22 October 2007). مجلس الإدارة و المجلس الاستشاري. Damascus.org.sy
  6. ↑ Flood, Finbarr Barry. (2001). The Great Mosque of Damascus: studies on the makings of an Umayyad visual culture. BRILL. পৃ. 12. ISBN 978-90-04-11638-2
  7. ↑ Sbalchiero in: Laurentin/ Sbalchiero (2007), p. 1093-1097
  8. ↑ Syria's Alawites Under Siege
  9. ↑ (3 October 2013). Syrian Sufis Divided As Salafist Influence Grows

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰৰাজধানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডামাস্কাছ” প্ৰবন্ধৰ সংশোধন ৪৯১৩১৩ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।