অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ছিউল

ছিউল দক্ষিণ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত। ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ।

হালনাগাদ: ২৮ জুন ২০২৪ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ছিউল দক্ষিণ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত।১ ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ।২

ছিউলত ১৯৮৬ এছিয়ান গেইম, গীষ্মকালীন অলিম্পিক ১৯৮৮, ফিফা বিশ্বকাপ ফুটবল ২০০২ আৰু জি-টুৱেণ্টি ছিউল ছামিট ২০১০ অনুষ্ঠিত কৰা হৈছিল।

নাম

অতীজত ছিউলৰ নাম আছিল ৱাইৰি-ছিয়ং (위례성), হানজু (한주), নামজেয়ং (남경), হানছেয়ং (한성), হানয়াং (한양), জেয়ংছেয়ং (경성) আদি।৩ ইয়াৰ বৰ্তমান নামটো কোৰিয়ান ভাষাত "ৰাজধানী চহৰ" অৰ্থ প্ৰকাশ কৰা ছিউৰাবিয়ল (서라벌) শব্দৰ পৰা আহৰণ কৰা হৈছে, যি প্ৰকৃততে ছিলাৰ ৰাজধানী জেয়ংজুকহে বুজাইছিল।৪ ছিউলৰ ইমান অধিক সংখ্যক নাম থকাৰ আঁৰত বহু কাৰণ আছে। হানছেয়ং (한성) শব্দই হান চাইনিজকো বুজায় বাবে হানজা '漢'ৰ দ্বাৰ্থতা দূৰ কৰিবলৈ, কোৰিয়াত জাপানীসকলৰ আধিপত্যৰ সময়ত হানছেয়ং নামটো সলাই "জেয়ংছেয়ং" (경성, বা কেইজ) কৰা হৈছিল। প্ৰকৃততে ছিউলৰ পুৰণি নাম আছিল হানছেয়ং (한성), ঠাৰ অৰ্থ হৈছে "ডাঙৰ" বা "বৃহৎ"।

অন্য যিকোনো কোৰিয়ান নামৰ দৰে, কোৰিয়াণ ভাষাত ব্যৱহাৰ হোৱা হানজা (চীনা ভাষা আখৰ)ৰ সৈতে ছিউলৰ কোনো সম্পৰ্ক নাই। ২০০৫ চনৰ ১৮ জানুৱাৰীত, ছিউল চৰকাৰে ঐতিহাসিক হানছেয়ং নামটো চৰকাৰীভাৱে চীনা ভাষাৰ Shou'er লৈ সলনি কৰে।৫৬৭

ভূগোল

]]

ছিউল দক্ষিণ কোৰিয়াৰ দক্ষিণপশ্চিমত আছে। ইয়াৰ মাটিকালি প্ৰায় ৬০৫.২৫ কিমি২,৮ প্ৰায় 15 কি.মি. ব্যাসাৰ্ধত, হান নদীয়ে নগৰখনক উত্তৰ আৰু দক্ষিণ তীৰ হিচীপে দুভাগ কৰিছে। নদীখন অতীজৰে পৰা ব্যৱসায়ৰ প্ৰধান পথ ৰূপে ব্যৱহাৰ হৈ আহিছে।৯

জলবায়ু

ছিউলৰ গ্ৰীষ্মকাল সাধাৰণতে গৰম আৰু আৰ্দতাযুক্ত, জুনৰ পৰা ছেপ্টেম্বৰলৈকে পূৱ এছীয় মৌচুমী বতৰ গেখা যায়। আগষ্ট, আটাইতকৈ গৰম মাহ, গড় তাপমান 22.4 to। শীতকালত অতি ঠাণ্ডা হয়, বৰফো পৰে, জানুৱাৰী মাহৰ গড় তাপমান হৈছে -5.9 to আৰু গীষ্মকালতকৈ বতৰ শুকান হয় লগতে বছৰি গড়ে প্ৰায় ২৮ দিন মান বৰফ পৰে। কেতিয়াবা তাপমান নাটকীয়ভাৱে -10.0 °Cলৈ নামি আহে, জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ মাজভাগত কেতিয়াবা সৰ্বনিম্ন তাপমান -15.0 °C পৰ্যন্ত হোৱা দেখা যায়।

প্ৰশাসনিক জিলাসমূহ

ছিউলৰ পুৰণা পতাকা (১৯৪৭–১৯৯৬)
ছিউলৰ পুৰণা পতাকা (১৯৪৭–১৯৯৬)ছবি: AnonMoos (earlier non-vector versions by Jedan02) · Public domain
ছিউলৰ জিলাসমূহ
ছিউলৰ জিলাসমূহছবি: 안우석 · CC BY-SA 4.0

ক্ৰীড়া

ঘৰুৱা ক্ৰীড়া সংঘসমূহ

ফুটবল

Seoul's most popular football club is the FC Seoul. Recently, FC Seoul finished as a runner-up in 2013 AFC Champions League.

  • পুৰুষৰ ফুটবল
TierLeagueClubHome stadiumNotes
শীৰ্যK League ClassicFC SeoulSeoul World Cup Stadium (North Seoul)
২য়K League ChallengeSeoul E-Land FCSeoul Olympic Stadium (South Seoul)
৪ৰ্থK3 LeagueSeoul UnitedMadeul Stadium
Seoul FC MartyrsGangbuk Public Stadium
Jungnang Chorus MustangJungnang Public Ground
  • মহিলাৰ ফুটবল
TierLeagueClubHome stadiumNotes
শীৰ্ষWK LeagueSeoul WFCHyochang Stadium, Seoul Olympic Auxiliary Stadium

বেছবল

Seoul has three professional baseball clubs under the KBO League: One of oldest clubs, Doosan Bears, LG Twins and Nexen Heroes.

বাস্কেতবল

  • Seoul SK Knights and Seoul Samsung Thunders.

ভলীবল

  • Seoul Woori Card Hansae and GS Caltex Seoul KIXX

হেণ্ডবল

  • Doosan Handball Club, SK Sugar Gliders and Seoul city

বাহ্যিক সংযোগ

চৰকাৰী ৱেবছাইট

পৰ্যটন

মানচিত্ৰ

চিত্ৰসমূহ

তথ্যসূত্ৰ

  1. ↑ www.moj.go.kr/HP/COM/bbs_03/ShowData.do?strNbodC
  2. ↑ kosis.kr/statHtml/statHtml.do?orgId=111&tblI
  3. ↑ (2009). Seoul. Encyclopædia Britannica
  4. ↑ yahoo. Uk.holidaysguide.yahoo.com
  5. ↑ (2005-10-23). ko:서울특별시표기 首爾로..중국, 곧 정식 사용키로:: 네이버 뉴스. News.naver.com
  6. ↑ (2005-01-20). 'Seoul' morphs into Chinese 'Shouer'. Chinadaily.com.cn
  7. ↑ goodcharacters.com. goodcharacters.com
  8. ↑ Seoul Statistics (Land Area). Seoul Metropolitan Government
  9. ↑ Brief History of Hangang (River). Seoul Metropolitan Government

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰদক্ষিণ কোৰিয়াৰাজধানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিউল” প্ৰবন্ধৰ সংশোধন ৪২৪১৮১ (২৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।