অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

এনিছকিলেন

এনিছকিলেন (Enniskillen, ) উত্তৰ আয়াৰলেণ্ডত অৱস্থিত এখন নগৰ। এই নগৰখন ফাৰমানা কাউণ্টি (County Fermanagh) ৰ আৰ্ণ হ্ৰদৰ (লখ আৰ্ণ, Lough Erne) ৰ উজনি আৰু নামনি অংশৰ ঠিক সোঁমাজতে অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই নগৰৰ জনসংখ্যা ১৩,৮২৩ জন। এই কাউণ্টিৰ ভিতৰত এনিছকিলেন সৰ্ববৃহৎ নগৰ।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ৪৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এনিছকিলেন (Enniskillen, ) উত্তৰ আয়াৰলেণ্ডত অৱস্থিত এখন নগৰ। এই নগৰখন ফাৰমানা কাউণ্টি (County Fermanagh) ৰ আৰ্ণ হ্ৰদৰ (লখ আৰ্ণ, Lough Erne) ৰ উজনি আৰু নামনি অংশৰ ঠিক সোঁমাজতে অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই নগৰৰ জনসংখ্যা ১৩,৮২৩ জন। এই কাউণ্টিৰ ভিতৰত এনিছকিলেন সৰ্ববৃহৎ নগৰ।

ইতিহাস

এই নগৰখনৰ নাম Inis Ceithleann ৰ পৰা আহিছে। এই শব্দ Cethlenn নামৰ এগৰাকী আইৰিছ দেৱীৰ নাম বুজায়। লোককথা অনুসৰি এই দেৱীগৰাকী এবাৰ যুদ্ধক্ষেত্ৰত কাড়েৰে আঘাতপ্ৰাপ্ত হয় আৰু আৰ্ণ নদীৰে সাঁতুৰি পলায়ন কৰিবলৈ চেষ্টা কৰে। তেওঁ পাৰ হ’বলৈ সক্ষম নহ’ল আৰু এই ঘটনাকে সুঁৱৰি আৰ্ণ নদীয়ে আগুৰি থকা দ্বীপটোৰ নাম এনিছকিলেন ৰখা হ’ল। ১

এনিছকিলেন নগৰৰ আটাইতকৈ পুৰণি অট্টালিকাটো হৈছে এনিছকিলেন দূৰ্গ (Enniskillen Castle)। এই দূৰ্গটো ১৪২৮ চনত মৃত্যু হোৱা হিউ মেগুৱায়াৰ (Hugh Maguire)-এ নিৰ্মাণ কৰিছিল। ২ ঐতিহাসিকভাৱে দূৰ্গটো মেগুৱায়াৰ পৰিয়ালৰ মূলখুঁটি আছিল। .৩৪

জনগাঁথনি

এনিছকিলেন চহৰখনক উত্তৰ আয়াৰলেণ্ড পৰিসংখ্যা আৰু গৱেষণা প্ৰতিষ্ঠান (Northern Ireland Statistics and Research Agency (NISRA)) মধ্যমীয়া আকাৰৰ চহৰ বুলি তালিকাভুক্ত কৰিছে। ৫

২০১১ চনৰ লোকপিয়ল অনুসৰি এই নগৰৰ মুঠ জনসংখ্যা ১৩,৮২৩ জন (৫,৭৩৩টা পৰিয়াল)। এই জনসংখ্যা উত্তৰ আয়ালেণ্ডৰ মুঠ জনসংখ্যাৰ ০.৭৬% ইয়াৰে ১৯.৭৬% ১৬ বছৰৰ অনুৰ্ধৰ আৰু ১৫.৫৯% ৬৫ বছৰৰ উৰ্দ্ধৰ লোক। মুঠ জনসংখ্যাৰ ৫১.৮০% লোক মহিলা, ৪৮.২০% পুৰুষ। লগতে এই জনসংখ্যাৰ ৬১.৬২% লোক কেথলিক ধৰ্মাৱলম্বী আৰু ৩৩.৭৭% লোক প্ৰটেষ্টাণ্ট বা অন্য খ্ৰীষ্টান ধৰ্মাৱলম্বী। জনসংখ্যাৰ গড় আয়ুস ৩৯ বছৰ।

মুঠ জনসংখ্যাৰ ১৩.০৩% লোকৰ আইৰিছ (গেলিক) ভাষা আৰু ৩.৬৫% লোকৰ আল্ষ্টাৰ-স্কট (Ulster-Scots) ভাষাৰ জ্ঞান আছে।

জলবায়ু

ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ দৰেই এনিছকিলেন নগৰৰ জলবায়ু সাগৰীয় (maritime climate)। বছৰৰ গ্ৰীষ্মকাল শীতল আৰু শীতকাল মধ্যমীয়া (mild)।

এই চহৰত বৰ্তমানলৈকে হোৱা উচ্চতম তাপমাত্ৰা হৈছে ২৯.৮°C, যিটো ২০০৬ চনৰ জুলাই মাহত পোৱা গৈছিল। ৬ গড়ে বছৰৰ সৰ্বাধিক তাপমাত্ৰা ২৫.৫°C৭

এই নগৰত বৰষুণৰ পৰিমাণ অধিক, গড়ে প্ৰায় ১৫০০ মিমি। বছৰৰ ২১২টা দিনেই নগৰৰখনত সৰ্বনিম্ন ১ মিমি অধক্ষেপ (precipitation) পোৱা যায়।

আকৰ্ষণীয় ঠাই

Cole's Monument
Cole's Monumentছবি: Go2pub at English Wikipedia · Public domain
  • কেছ’ল কুল (Castle Coole)
  • কুলৰ কীৰ্তিচিহ্ন (Cole's Monument)
  • এনিছকিলেন দূৰ্গ (Enniskillen Castle)
  • পৰ্ট’ৰা দূৰ্গ (Portora Castle)
  • চেইণ্ট মেককাৰ্টিনৰ কেথেড্ৰেল (St. Macartin's Cathedral)
  • ক্লিণ্টন চেণ্টাৰ (The Clinton Centre)
  • ৰেজিমেণ্টেল সংগ্ৰহালয় ( The Regimental Museum of the Inniskilling Regiment)
  • মাৰ্বল আৰ্চ গুহাশ্ৰেণী (The Marble Arch Caves)
  • কুলকা পাহাৰ আৰু জিঅ’ পাৰ্ক ( Cuilcagh Mountain Global Geo-Park)
  • ম’নিয়া দূৰ্গ (Monea Castle)
  • লখ নেভাৰ (Lough Navar) আৰু মাঘ’ৰ গ'ৰা (Cliffs of Magho)
  • লখ আৰ্ণ (Lough Erne)

যাতায়ত

ৰে’লপথ

ঐতিহাসিকভাৱে এনিছকিলেন নগৰত ৰে’লপথ আছিল। ১৮৫৪ চনত এনিছকিলেন ৰে’লৱে ষ্টেচনৰ পৰা লণ্ডন ডেৰীলৈ, ১৮৬১ চনত দাণ্ডাক (Dundalk), ১৮৬৮ চনৰ বুণ্ডৰান (Bundoran) আৰু ১৮৮২ চনত শ্লাইগ’ (Sligo) ৰে’লসেৱা আছিল।৮ ১৮৮৩ চনত গ্ৰেট নৰ্থান ৰে’লৱে, আয়াৰলেণ্ডে (Great Northern Railway (Ireland)) এই ৰে’লসেৱা সমূহৰ পৰিচালনাৰ দায়িত্ব লয় কিন্তু ১৯৫৭ চনৰ অক্টোবৰত আয়াৰলেণ্ড চৰকাৰে গ্ৰেট নৰ্থান ৰে’লৱে বন্ধ কৰি দিয়ে। ফলত ইয়াৰ দ্বাৰা পৰিচালিত ৰে’লসেৱা সমূহো বন্ধ হৈ যায়। ৯

এনিছকিলেন নগৰৰ ৰা বৰ্তমান নিকটতম ৰে’লৱে ষ্টেচনটো হ’ল শ্লাইগ’ ষ্টেচন ( Sligo station)।

বাছ

এনিছকিলেনৰ বাছসেৱা মূলত: আলষ্টাৰবাছ (Ulsterbus) আৰু বাছ এইৰিন (Bus Éireann) ৰ দ্বাৰা পৰিচালিত।১০

উৰাজাহাজ

এনিছকিলেনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বিমানবন্দৰ আছে। পূৰ্বে ইয়াৰ পৰা যাত্ৰীবাহী উৰাজাহাজ চলিছিল যদিও বৰ্তমান মাথোঁ ব্যক্তিগত উৰাজাহজৰ সেৱাহে আগবঢ়ায়।

ঘাইপথ

এনিছকিলেনৰ মূল ঘাইপথ A4/N16 ৰ যোগেদি অঞ্চলটো বেলফাষ্ট আৰু শ্লাইগ’ৰ লগত আৰু N3/A46/A509 ৰ যোগেদি ডাবলিনৰ লগত সংযুক্ত।

তথ্যউৎস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bunachar Logainmneacha na hÉireann
  2. ↑ Mary Rogers. (1982). Prospect of Fermanagh. Watergate Press, Enniskillen
  3. ↑ The Maguires of Fermanagh
  4. ↑ Witherow, Thomas. "The Defence of Enniskillen". Derry and Enniskillen in the Year 1689. Library Ireland. Retrieved 24 May 2012
  5. ↑ (February 2005). Statistical Classification and Delineation of Settlements. NI Statistics and Research Agency (NISRA)
  6. ↑ 2006 Maximum
  7. ↑ 71-00 Mean Warmest Day
  8. ↑ Hajducki, S. Maxwell. (1974). A Railway Atlas of Ireland. David & Charles. ISBN 0-7153-5167-2
  9. ↑ Sprinks, N.W. (1970). Sligo, Leitrim and Northern Counties Railway. Irish Railway Record Society (London Area)
  10. ↑ Leydons Coaches . Leydons Coaches (11 February 2013). Retrieved on 23 July 2013

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনিছকিলেন” প্ৰবন্ধৰ সংশোধন ৬০২০১০ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।