অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পানী শিঙৰি

শিঙৰি এবিধ জলজ উদ্ভিদ। পানী শিঙৰিৰ (Water caltrop)। অসমত পানী শিঙৰিৰ দুটা প্ৰজাতি পোৱা যায়। অসমীয়াত দুয়োবিধকে পানী শিঙৰি বা শিঙৰি বুলি কোৱা হয়। ইহঁতৰ বৈজ্ঞানিক নাম Trapa natans আৰু Trapa bispinosa। দুয়োটা প্ৰজাতি একেটা বৰ্গ Trapaceae ৰ অন্তৰ্গত। শিঙৰিৰ পাত তৃণভোজী (Herbivore) মাছৰ আহাৰস্বৰূপ।

হালনাগাদ: ৪ জানুৱাৰী ২০২২ ৬২৫ শব্দ · ৩ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

শিঙৰি এবিধ জলজ উদ্ভিদ। পানী শিঙৰিৰ (Water caltrop)। অসমত পানী শিঙৰিৰ দুটা প্ৰজাতি পোৱা যায়। অসমীয়াত দুয়োবিধকে পানী শিঙৰি বা শিঙৰি বুলি কোৱা হয়। ইহঁতৰ বৈজ্ঞানিক নাম Trapa natans আৰু Trapa bispinosa। দুয়োটা প্ৰজাতি একেটা বৰ্গ Trapaceae ৰ অন্তৰ্গত। শিঙৰিৰ পাত তৃণভোজী (Herbivore) মাছৰ আহাৰস্বৰূপ। Trapa natansৰ পাত মাছৰ বৰ প্ৰিয় খাদ্য। হিন্দীভাষী একাংশই ষঠ পূজাত কিছুমান নিয়মৰ বাবে শিঙৰি ব্যৱহাৰ কৰে। আহিন-কাতি মাহৰপৰাই শিঙৰি বজাৰত পোৱা যায়।

শিঙৰিৰ উৎপত্তি স্থান

Owoce Kasztan wodny.jpg
ছবি: Agnieszka Kwiecień, Nova · CC BY-SA 3.0

অসমৰ আৰ্দ্ৰভূমিসমূহত এই দুয়োবিধ প্ৰজাতি প্ৰাকৃতিকভাৱে কম-বেচি পৰিমানে পোৱা যায়। পশ্চিমবংগ,বিহাৰ আদি ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াৰ ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়। বিল, দলনি, পিটনি,ৰাস্তাৰ কাষৰ নৰ্দমা আদি স্থবিৰ বা ধীৰ গতিৰ পানীত শিঙৰি পোৱা যায়। দ্ৰতবেগী পানীত ইয়াক পোৱা নাযায়। পিটনি বা বিলত ইয়াক পোৱা যায় যদিও ফটফটীয়া পানীত শিঙৰি দেখা পোৱা নাযায়। শিঙৰি বৃদ্ধিৰ বাবে তুলনামূলকভাৱে বাম,পুষ্টিকাৰক দ্ৰব্য থকা পিটনি উপযুক্ত। শিঙৰি সাধাৰণতে আম্লিক পানীত হয় যদিও ৬.৭ ৰপৰা ৮.২ Ph আৰু CaCO3 এককালিনিটি ১২ - ১২৮ মিলিগ্ৰাম(প্ৰতি লিটাৰ) থকা পানীত ইয়াক পোৱা যায়।

দুয়োবিধ শিঙৰিৰ পাৰ্থক্য

Trapa natans

  • পাত মিহি আৰু যথেষ্ট পাতল।
  • কাঁইট দুটা ডাঙৰ আৰু দীঘল।
  • ফুলবিলাক সম্পূৰ্ণ বগা।

Trapa bispinsa

  • পাত যথেষ্ট ডাঠ আৰু ৰং ডাঠ সেউজীয়।
  • তিনিৰপৰা চাৰিটা চুটি কাঁইট থাকে।
  • ফুলপাহ বগা কিন্তু গুৰিফালে সৰু হালধীয়া ফুট এটা থাকে।

শিঙৰি গছজোপাৰ বিৱৰণ

Trapa natans.jpg
ছবি: Carl Axel Magnus Lindman · Public domain

শিঙৰি গছৰ কাণ্ড পানীত ওপঙি থাকে। গা-গছজোপা পানীৰ ওপৰ পৃষ্ঠত সমান্তৰালকৈ বাঢ়ি গৈ ডেৰ মিটাৰমান দীঘল হয়। শিপাবোৰ মিহি,দীঘল আৰু বহুতো ভাগত বিভক্ত। পাতবোৰ ৰম্বাছ আকৃতিৰ। পাতৰ কাষবোৰ খাঁজকটা। পাতৰ ঠাৰিডাল কোমল আৰু ফোঁপোলা। ঠাৰিৰ মাজৰ অংশ বেলুনৰ দৰে ফুলি থকা। পাতৰ মাজৰপৰা ওলোৱা ঠাৰিত ফুল ফুলে। এডাল ঠাৰিত কেৱল এপাহকৈ ফুল ফুলে। ফুলবোৰ উভয় লিংগী (একেপাহতে পুং আৰু স্ত্ৰীস্তৱক থাকে)। গৰ্ভাশয় দুটা ভাগত বিভক্ত। প্ৰতিপাহ ফুলৰ চাৰিটা ত্ৰিভূজাকৃতিৰ বেটুপাতে ফুলপাহ আবৰি থাকে। এই বেটুপাতসমূহেই বিকশিত হৈ সময়ত কাঁইটত পৰিণত হয়। প্ৰথম অৱস্থাত সেউজীয়া আৰু কোমল বেটুপাতবোৰ পূৰঠ হ'লে টান হয়। গৰ্ভধাৰণৰ পাছত ফুলবোৰ ঠাৰিডালৰ সৈতে পানীত হালি পৰে। ফলস্বৰূপে ফলৰ বিকাশ পানীৰ তলতে হয়। শিঙৰি প্ৰকৃততে দ্বিবীজপত্ৰী।কিন্তু ইয়াৰ সক্ৰিয় বীজপত্ৰ এখন। বাৰিষাৰ প্ৰথমভাগত বোকাত পোত খাই থকা আগৰ বছৰৰ বীজবোৰ পানী পাই গজালি মেলে। জুলাইৰপৰা অক্টোবৰ মাহৰ ভিতৰত শিঙৰিৰ ফুল ফুলে। অক্টোবৰৰপৰা জানুৱাৰি মাহৰ ভিতৰত ফল লাগে। স্ব-পৰাগযোগৰ উপৰিও পতংগৰদ্বাৰাও পৰাগযোগ ঘটে। একৰপৰা তিনি মাহৰ ভিতৰত বীজবোৰ পূৰঠ হয়। একোটা বীজৰপৰা ১০-১৫ জোপা শিঙৰি গছ হয়।

শিঙৰি ফলটোৰ বিৱৰণ

প্ৰতিজোপা শিঙৰি গছত ১৫-২০টাকৈ ফল ধৰে। শিঙৰি ফলটো পূৰঠ হ'লে ক'লা ৰঙৰ হয়। বাকলিৰ ভিতৰ অংশ বেঙুনীয়া ৰঙৰ। বেঙুনীয়া ৰঙৰ তলত ঘেঁহু ৰঙৰ এটা তৰপো থাকে। বাকলি গুচাবলৈ যথেষ্ট টান। তাৰ তুলনাত সতেজ ফলৰ বাকলি গুচাবলৈ সহজ। বাকলি গুচাই পোৱা বীজৰ ৰং গাখীৰৰ দৰে বগা। বীজটো যথেষ্ট কোমল। ইয়াৰ সোৱাদ পথাৰত পোৱা চেঁচুৰৰ দৰে। ডায়েবিটিছ ৰোগীক খাবলৈ দিয়া মিঠাৰ লগত ইয়াক তুলনা কৰিব পাৰি। এই বীজবোৰ পুষ্টিকাৰক তথা সতেজ অৱস্থাত ইয়াক খাব পাৰি। পানীত উতলাই খাবলৈ বেছি সোৱাদ হয়। বাকলি গুচোৱাৰ পাছত বীজটো দেখাত ভোটা ত্ৰিভূজৰ আকাৰৰ হয়। প্ৰতিটো বীজৰ ওজন গঢ়ে ৮.৩৪ গ্ৰাম। কিন্তু কেতিয়াবা ১০ গ্ৰাম পৰ্যন্ত ওজনৰ বীজও পোৱা যায়। শিঙৰিবোৰ পাত্ৰত পানীত ডুবাই বীজৰ বাবে সঞ্চয় কৰিব পাৰি। কিন্তু এবাৰ পানীৰপৰা উলিয়াই শুকাবলৈ দিলে বীজবোৰৰ জীৱনী শক্তিৰ বিনষ্ট হয়।

শিঙৰি ফলৰ পুষ্টিকাৰিতা

পুষ্টিকাৰক খাদ্য হিচাপে ইয়াৰ জৈৱিক মূল্য ঘেঁহুতকৈ বেছি শিঙৰিত শৰ্কৰা আৰু প্ৰটিনৰ পৰিমাণ যথেষ্ট হোৱাৰ লগতে ঔষধি গুণযুক্তও। ইয়াক দেহৰ জ্বলা-পোৰা নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰস্ৰাৱৰ বিভিন্ন সমস্যা সমাধানৰ বাবেও ই উপযুক্ত। আইছক্ৰিমৰ ই এবিধ অনন্য উপকৰণ। শিঙৰি বীজ শুকুৱাই গুৰি কৰি শৰ্কৰা আৰু সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। The Wealth of India Raw Materials অত প্ৰকাশিত তথ্য অনুসৰি এইবিধ ফলত ৪.৭% প্ৰটিন, ২৩% কাৰ্বহাইড্ৰেট, বিভিন্ন ধৰণৰ খনিজ লৱণ, যেনে - পটাছিয়াম ৬০০ মিলিগ্ৰাম, আয়'ডিন ৫০.৬ মিলিগ্ৰাম/১০০ গ্ৰাম থাকে। তদুপৰি ইয়াত ভিটামিন -'এ', ভিটামিন -'ছি', থায়েমিন, ৰিবফ্লেডিন, নিক'টিনিক এছিড আদি পোৱা যায়। আনহাতে বাকলিৰপৰা প্ৰস্তুত কৰা গুৰিত প্ৰ'টিনৰ পৰিমাণ ৮%।

পিটনিবোৰত মাছ মৰা লোকৰ বাবে ই শত্ৰুস্বৰূপ।

তথ্য সংগ্ৰহ

  • "শিঙৰি" লেখক ৰঞ্জিতা বণিয়া প্ৰান্তিক ২০০৯ (১-১৫ মে') ২৮শ বছৰ (১১শ সংখ্যা) ৩২

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

তৃণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী শিঙৰি” প্ৰবন্ধৰ সংশোধন ৩১০২৪৪ (৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।