অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জীৰা

জীৰা (বৈজ্ঞানিক নাম: Cuminum cyminum) এবিধ বাৰ্ষিক তৃণজাতীয় উদ্ভিদ আৰু তাৰ বীজ। ঘাইকৈ মছলা হিচাপে ব্যৱহৃত জীৰা এছিয়াৰ স্থানীয় উদ্ভিদ। ইয়াৰ ফলৰ ভিতৰত থকা জীৰাৰ গুটিসমূহ গোটাই বা গুৰি দুই ধৰণে খাদ্যত ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধি গুণ আছে বাবে পাৰম্পৰিক চিকিৎসা পদ্ধতিত জীৰা ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জীৰা (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Cuminum cyminum) এবিধ বাৰ্ষিক তৃণজাতীয় উদ্ভিদ আৰু তাৰ বীজ। ঘাইকৈ মছলা হিচাপে ব্যৱহৃত জীৰা এছিয়াৰ স্থানীয় উদ্ভিদ।১ ইয়াৰ ফলৰ ভিতৰত থকা জীৰাৰ গুটিসমূহ গোটাই বা গুৰি দুই ধৰণে খাদ্যত ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধি গুণ আছে বাবে পাৰম্পৰিক চিকিৎসা পদ্ধতিত জীৰা ব্যৱহাৰ কৰা হয়।২ ভাৰত, চীন আৰু মেক্সিকোত জীৰা খেতি কৰা হয়। ই ভাৰতীয় খাদ্যশৈলীৰ অন্যতম অপৰিহাৰ্য মছলা।

নাম

অসমীয়া নাম 'জীৰা' সংস্কৃত ভাষাৰ 'जीरक'ৰ (জীৰক) পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে খাদ্য পাচক। আয়ুৰ্বেদত জীৰাক পাচনৰ সহায়ক বুলি গণ্য কৰা হয়।

বিৱৰণ

জীৰা এবিধ তৃণজাতীয় উদ্ভিদ। ই প্ৰায় ৩০-৫০ ছেণ্টিমিটাৰ ওখ হয় আৰু সচৰাচৰ হাতেৰে গুটি চপোৱা হয়। ইয়াৰ গা-গছ কোমল আৰু প্ৰায় ২০-৩০ ছেণ্টিমিটাৰ মান হয়।৩ প্ৰতিটো ডালত দুই বা তিনিটা উপ শাখা থাকে। গোটেই শাখা-প্ৰশাখা বোৰ সমান উচ্চতালৈ বৃদ্ধি পায়।৩ ইয়াৰ কাণ্ডৰ ৰং ডাঠ সেউজীয়াৰ পৰা ধোঁৱা বৰণীয়া। ইয়াৰ পাতসমূহ ৫-১০ ছেণ্টিমিটাৰ দীঘল হয়। পাতৰ আকাৰ সূতাৰ দৰে। কিছুমান পাত দুটা ভাগত বিভক্ত। ফুলসমূহ সৰু আৰু বগা বা গুলপীয়া ৰঙৰ। পুষ্পবিন্যাস ছাতি সদৃশ।৩ ফল সমূহ উপবৃত্তাকাৰ আৰু ভিতৰত এটা গুটি থাকে।৩ জীৰা গুটিত আঠটা সিৰা থাকে।৩ জীৰা গুটি দেখিবলৈ চঁফ গুটিৰ দৰে। গুটি সমূহ ৰ'দত শুকুৱাই গোটাকৈ বা গুৰি কৰি মছলা হিচাপে ব্যৱহাৰ কৰা হয়।

ইতিহাস

জীৰা গুটি
জীৰা গুটিছবি: Sanjay Acharya · CC BY-SA 3.0

পূব ভূমধ্যসাগৰীয় অঞ্চলৰ লেভেণ্ট অঞ্চলত জীৰাৰ উৎপত্তি হৈছিল।৪ হাজাৰ বছৰৰ আগৰ পৰা জীৰা মছলা হিচাপে ব্যৱহাৰ হৈ আহিছে।৫ ছিৰিয়াৰ তেল-এড-ডেৰত খননত খ্ৰীষ্টপূৰ্ব ২০০০ বছৰৰ পুৰণি জীৰাৰ অৱশেষ উদ্ধাৰ কৰা হৈছে। ইজিপ্তৰ বহু পুৰাতাত্বিক স্থলৰ খননত জীৰাৰ অৱশেষ পোৱা গৈছে।৪৬ প্ৰাচীন ইজিপ্ত সভ্যতাত জীraক মামী বনোৱাত ব্যৱহাৰ কৰা হৈছিল।৪৩ প্ৰাচীন ক্ৰেটেৰ মিনোৱান সভ্যতাতো জীৰা মছলা হিচাপে ব্যৱহাৰ কৰা হৈছিল।৭ প্ৰাচীন গ্ৰীচত খোৱামেজত জীৰাৰ পাত্ৰ এটা ৰখা নিয়ম আছিল আৰু এই নিয়ম মৰক্কত এতিয়াও পালন কৰা হয়। ৰোমান সকলেও মছলা হিচাপে জীৰা ব্যৱহাৰ কৰিছিল। ভাৰতত হাজাৰ বছৰৰ পৰা অসংখ্য খাদ্যত জীৰা ব্যৱহৃত হৈ আহিছে।

স্পেনিছ আৰু পৰ্তুগীজ কলনীয়ে আমেৰিকালৈ জীৰা নিছিল। বৰ্তমান ভাৰতীয় উপমহাদেশ, উত্তৰ আফ্ৰিকা, মেক্সিকো, চিলি আৰু চীন দেশত ঘাইকৈ জীৰাৰ উৎপাদন কৰা হয়।৫৮

বজাৰত জীৰা গুৰি
বজাৰত জীৰা গুৰিছবি: Giovanni Dall'Orto · Attribution

তথ্যসূত্ৰ

  1. ↑ Boning, Charles R. (2010). Florida's Best Herbs and Spices: Native and Exotic Plants grown for Scent and Flavor. Pineapple Press. পৃ. 79. ISBN 978-1-56164-453-7
  2. ↑ (2018). Cumin. Drugs.com
  3. ↑ Sastry, E. V. Divakara; Anandaraj, Muthuswamy. Soils, Plant Growth and Crop Production. Encyclopedia of Life Support Systems (EOLSS)
  4. ↑ Nabhan, Gary Paul. (2014). My library My History Books on Google Play Cumin, Camels, and Caravans: A Spice Odyssey. Univ of California Press. পৃ. 234. ISBN 978-0-520-26720-6
  5. ↑ (2018). Cumin. Encyclopaedia Britannica
  6. ↑ Zohary, Daniel; Hopf, Maria. (2000). Domestication of plants in the Old World. Oxford University Press. পৃ. 206
  7. ↑ Castleden, Rodney, “Minoans: Life in Bronze Age Crete”, Routledge, London & New York, 1990, p.52
  8. ↑ Bird Seed Aliens in Britain

সম্পৰ্কিত শ্ৰেণী

তৃণমছলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৰা” প্ৰবন্ধৰ সংশোধন ৬৩১৫৬৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।