ববচা বন (বৈজ্ঞানিক নাম: Eleusine indica, ইংৰাজী নাম: Indian goosegrass, yard-grass,১ goosegrass, wiregrass, বা crowfootgras; হিন্দী নাম: মালুকুৰি) হৈছে প’এচি (Poaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বন।
বিস্তৃতি
ববচা বন পৃথিৱীৰ প্ৰায়বোৰ নাতিশীতোষ্ণ অঞ্চলত বিস্তৃত হৈ আছে। কিছু অঞ্চলত এই ঘাঁহ বহিৰাগত প্ৰজাতি (invasive species) হিচাপেও পৰিগণিত হৈছে।
বিৱৰণ
ববচা বন মূলতে এবছৰহে জীয়াই থাকে যদিও কোনো কোনো অঞ্চলত ই এবছৰৰ অধিক জীয়াই থকাও দেখা যায়।
এই বনৰ পুলিটো ডাঙৰ হৈ শাখা-প্ৰশাখা ওলাই জোপোহা ৰূপো ধাৰণ কৰা দেখা যায়। ইয়াৰ শিপাবোৰ চুলি একোছাৰ দৰে।২
ববচা বনৰ ফুলৰ বৰণ সেউজবুলিয়া। ইয়াৰ পুষ্প গুচ্ছ সামান্য হয়।২
ব্যৱহাৰ
ববচা বনৰ গুটি খাব পাৰি। এই বন বহু খেতি পথাৰ, ফুলনি আদিত অপতৃণ হিচাপে গণ্য কৰা হয়।
অসমৰ বহুতো ঠাইত ববচা বন বৰশীৰ মাছ গাঁথিবলৈ ব্যৱহাৰ কৰা হয়। বৰশীৰে ধৰা মাছৰ কাণেদি ভৰাই মুখেদি উলিয়াই গাঁথি লয়।
তেনেদৰে ববচা বনবোৰৰ আগটো কাটি জোৰা দি দীঘলীয়া কৰি লৈ তলসৰা শেৱালি আৰু বকুল ফুলৰ মালাও গঁথা যায়! বিশেষকৈ ব'হাগৰ দ্বিতীয় দিনৰ 'গোঁসাই বিহু' ত অসমীয়াই ববচা বনেৰে গঁথা বকুলৰ মালা গোঁসাইঘৰত আঁৰি থোৱাৰ পৰম্পৰা আছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ BSBI List 2007. Botanical Society of Britain and Ireland
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ববচা বন” প্ৰবন্ধৰ সংশোধন ৬০২৫০৪ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।