চাল-কুঁৱৰী (ছাল কুঁৱৰী) বা এল' ভেৰা (Aloe vera) একপ্ৰকাৰ জলসম্বৃদ্ধ উদ্ভিদ। ইয়াৰ জন্মস্থান উত্তৰ আফ্ৰিকা বা ছোমালিয়া১ বুলি ভবা যায়। ইয়াক প্ৰাকৰতিক ভাৱে দেখা নাযায় যদিও উত্তৰ আফ্ৰিকাত ওচৰ সম্পৰ্কীয় অন্যান্য এল' জাতিৰ গছ পোৱা যায়।২ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰপৰাই ইয়াক বনৌষধি হিচাবে ব্যৱহাৰ কৰা হৈ আহিছে। ইয়াৰ (A. Vera) বিভিন্ন অংশ বা উৎপাদ (extract) প্ৰসাধন উদ্যোগ আৰু বৈকল্পিক ঔষধ উদ্যোগত উজ্জীৱক (rejuvenating), নিৰামক (healing) বা শীতলকাৰক (soothing) গুণযুক্ত বুলি প্ৰচাৰিত আৰু ব্যৱহাৰ কৰি অহা হৈছে। ৩৪৫ কিন্তু, এনে দাৱীবোৰ উপলব্ধ গৱেষণাই প্ৰায়ে বিৰোধিতা কৰা হে দেখা যায়। ৬৭৮৯ ইয়াৰ ঔষধিয় উপযোগীতাও বৰ্তমান অনুসন্ধানৰ বিষয়।
বৰ্ণনা
চাল-কুঁৱৰী কাণ্ডবিহীন বা অত্যন্ত সৰু কাণ্ডযুক্ত, ৬০-১০০ ছে.মি. (২৪-২৯ ইঞ্চি) উচ্চতাৰ, মেলখোৱা, জলসম্বৃদ্ধ উদ্ভিদ। ইয়াৰ পাতবোৰ ডাঠ মঙহাল, সেউজীয়া বা মুগা-সেউজীয়া হয়। কাণ্ডৰ ওপৰ আৰু তলৰ ফালে কেতিয়াবা বগা দাগ (flecks) দেখা যায়।১০ পাতৰ কাণ খহতা আৰু সৰু সৰু বগা ৰঙৰ কাইঁট থাকে। জহকালি প্ৰায় 90 চে.মি. এডাল দণ্ডত (spike) পেণ্ডুলামৰ দৰে ২-৩ ছে.মি. দৈৰ্ঘ্যৰ দীঘলীয়া পেটৰ ফুল লাগে।১০১১ অন্যান্য "এল'" প্ৰজাতিৰ দৰেই এল' ভেৰাইও মাটিৰ খনিজ পোষক লাভৰ বাবে, একপ্ৰকাৰ সহজীৱিতা, গঠন কৰে।১২
টেক্স'নমী আৰু ইটাইম'লজী (Taxonomy and etymology)

চাল-কুৱঁৰীৰ কেইবাটাও সমাৰ্থক নাম আছে: A. barbadensis Mill., Aloe indica Royle, Aloe perfoliata L. var. vera and A. vulgaris Lam.১৩১৪ সাধাৰণ নামৰ ভিতৰত ইয়াক Chinese Aloe, Indian Aloe, True Aloe, Barbados Aloe, Burn Aloe, First Aid Plant আদি বুলি জনা যায়।১১১৫১৬১৭১৮ উপশব্দ ভেৰাই "সঁচা" বা "প্ৰকৃত" বুজায়।১৫ কোনো ক্ষেত্ৰত দাগ থকা প্ৰজাতিটোক এল' ভেৰাৰ chinensis প্ৰভাগ বোলা হয়;১৯২০ যদিও, পাতৰ দাগৰ ধৰণ অনুসৰি ইয়াৰ প্ৰজাতিভেদ হ'ব পাৰে।২ ইয়াক A. massawanaৰ সমপ্ৰজাতীয় হ'ব পাৰে বুলিও কোৱা হয়।২১ ইয়াক সৰ্বপ্ৰথমে ১৭৫৩ চনত কাৰ্ল লিনিউচে Aloe perfoliata var. vera বুলি,২২ আকৌ ১৭৬৮ ত নিক'লাচ লৰেন্স বাৰমেনে Flora Indicaৰ ৬ এপ্ৰিল সংখ্যাত Aloe vera বুলি আৰু তাৰে প্ৰায় দহদিনমানৰ পাচত ফিলিপ মিলাৰে Gardener's Dictionaryত Aloe barbadensis বুলি নামকৰণ কৰে।২৩
ডি এন এ তুলনাকৰণ পদ্ধতিসমূহৰদ্বাৰা এল' ভেৰা য়েমেনৰ স্থানীয় এল' পেৰী নামৰ প্ৰজাতিৰ উদ্ভিদৰ লগত ওচৰ সম্পৰ্কীয় বুলি দেখা গৈছে।২৪ তদ্ৰূপ ক্ল'ৰপ্লাষ্ট ডি এন এ ছিকুৱেন্স পদ্ধতি আৰু ISSR প্ৰফাইলিং -এ ও এল' ভেৰাক এল' ইনাৰমিচ, এল' স্ক'বিনিফ'লিয়া, এল' ছিংকাটানা, আৰু এল' ষ্ট্ৰিয়াটাৰ ওচৰ সম্পৰ্কীয় বুলি দেখুৱাইছে।২৫ দক্ষিণ আফ্ৰিকীয় এল' ষ্ট্ৰিয়াটাৰ বাহিৰে উপৰোক্ত এল' প্ৰজাতিবোৰ চ'ক'ট্ৰা (য়েমেন), ছোমালিয়া আৰু ছুডানৰ স্থানীয়।২৫ স্পষ্ট আবাসস্থানৰ অভাৱে প্ৰকৃতিবিদসকলক এল' ভেৰাক বৰ্ণসংকৰীয় ভাৱে উদ্ভুদ বুলি ভবোৱাইছে।২৬
বিস্তৃতি
সমগ্ৰ পৃথিৱীতে ব্যাপক ভাৱে খেতি কৰা হয় হেতুকে এল' ভেৰাৰ প্ৰাকৃতিক পৰিৱেশস্থান (range) অস্পষ্ট। প্ৰাকৃতিকভাৱে ইয়াক আৰব উপমহাদ্বীপৰ দক্ষিণাৰ্ধ, উত্তৰ আফ্ৰিকা (মৰক্ক', মৌৰিটানিয়া, ইজিপ্ত) তথা কেনেৰি, কে'প ভাৰ্ডে আৰু মাডেইৰা দ্বীপপুঞ্জ আদিৰ লগতে ছুডান আৰু প্ৰতিবেশী দেশসমূহত পোৱা যায়।১৩ এই বিস্তৃতি কিছু পৰিমাণে ইউফ'ৰ্বিয়া বালচেমিফেৰা, পিষ্টাচিয়া আট্লাণ্টিকা আদিৰ সমতুল্য, যি ইয়াক চাহাৰাৰ মৰুভূমিকৰণৰ কৱলত পৰা এসময়ৰ শুষ্ক স্ক্লেৰ'ফিল অৰণ্যৰ বাসিন্দা হোৱাৰ সম্ভাৱনা সূচায়। এনেধৰণৰ কেইবাবিধৰো ওচৰ সম্পৰ্কীয় (বা একে) প্ৰজাতি চাহাৰাৰ দুই বিপৰীত দিসত পোৱা যায়: এনে দুটা উদাহৰণ হৈছে ড্ৰেগন ট্ৰী/ড্ৰাচীনা, (Dracaena) আৰু ইয়নিয়াম .
চীন আৰু পৃথিৱীৰ অন্য অঞ্চললৈ এই প্ৰজাতিৰ আগমণ ঘটে ১৭শ শতিকাত।২৭ কালক্ৰমত ই অষ্ট্ৰেলীয়া, বাৰ্বাড'চ, বেলীজ, নাইজেৰীয়া, পাৰাগুৱে, জামেৰিকা আদি পৃথিৱীৰ অন্যান্য ক্ৰান্তীয় আৰু উষ্ণ অঞ্চল সমূহলৈ বিয়পি পৰে।২২৮ অনেক ক্ষেত্ৰত মানুহে খেতি কৰাৰ বাবেও ই এনেদৰে বিয়পি পৰে বুলি ভবা হয়।২১
কৃষি

এল' ভেৰা বা চাল-কুৱঁৰীক বাগিচাৰ সৌন্দৰ্য্যবদ্ধক উদ্ভিদ হিচাবে প্ৰভুতভাৱে খেতি কৰা হয়। ইয়াৰ তথাকথিত ঔষধি গুণ, বিশিষ্ট ফুল, আকৃতি আৰু জলসম্বৃদ্ধিৰ বাবে ই আধুনিক ফুলনিত জনপ্ৰিয়। ইয়াৰ জলাকৰ্ষীতাৰ কাৰণে ই কম পানী থকা অঞ্চল, শৈলোদ্যান (rockeries) আৰু অন্যান্য কম পানী ব্যৱহাৰ কৰা বাগিচাৰ বাবে বিশেষভাৱে উপযুক্ত।১০ এই উদ্ভিদ কষ্টসহিষ্ণু যদিও অধিক বৰফপাত হোৱা অঞ্চলৰ অনুপযোগী।১১২৯ ই বেছিভাগ কীট পতংগৰ পৰা প্ৰতিৰোধী যদিও মকৰা কীট (spider mites), মীলি বাগ, স্কেল কীট, আৰু এফিড আদিয়ে ইয়াক আক্ৰান্ত কৰিব পাৰে।৩০৩১ টাবত ৰোওঁতে ইয়াক পানী নোৰোৱা বালিয়া মাটিৰ প্ৰয়োজন। অধিক সূৰ্য্যৰশ্মি বা পানী ৰোৱা পৰিবেশত গছজোপা শুকাই যাব পাৰে।৩২ ইয়াৰ বাবে ৰন্ধ্ৰযুক্ত টেৰাকোটা পাত্ৰ উপযুক্ত।৩২ পাত্ৰত থকা গছত পানী দিয়াৰ আগতে আগৰ পানী সম্পূৰ্ণৰূপে সুকাবলৈ দিব লাগে আৰু নতুন পোখাবোৰ নিয়মিতভাৱে উঠাই থাকিব লাগে। জাৰকালি ফুলজোপা "সুপ্ত" অৱস্থাত থাকে আৰু ন্যূনতম পানীৰ প্ৰয়োজন হয়। বৰফ পৰা স্থানত ইয়াক ঘৰৰ ভিতৰত ৰাখিব লাগে।১১
অষ্ট্ৰেলীয়া,৩৩ বাংলাদেশ, কিউবা,৩৪ ডমিনিকান গণৰাজ্য, চীন, মেক্সিকো,৩৫ ভাৰত,৩৬ জামাইকা,৩৭ কেনীয়া, টাঞ্জানীয়া আৰু দক্ষিণ আফ্ৰিকা,৩৮ along with the USA৩৯ আদিত প্ৰসাধন উদ্যোগৰ বাবে এল' ভেৰাৰ ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়।
এই গছজোপা ৰয়েল হৰ্টিকালচাৰেল চচাইটিৰ "এৱাৰ্ড অৱ গাৰ্ডেন মেৰিট" মৰ্য্যদাপ্ৰাপ্ত।৪০
ব্যৱহাৰ

এল' ভেৰা বা চাল-কুৱঁৰীৰ উৎপাদসমূহক সাধাৰণতে এল' ভেৰাই বোলা হয়।৪১ ইয়াৰ সৌন্দৰ্য্যবৰ্ধক বা নিৰাময়ক গুণৰ বৈজ্ঞানিক প্ৰমাণ খুব সীমাবদ্ধ আৰু য'ত আছে তাতো প্ৰায়ে বিবদমান (contradictory)। ৬ তথাপিও সৌন্দৰ্য্যবদ্ধক আৰু বৈকল্পিক চিকিৎসা উদ্যোগে ইয়াৰ শীতলকাৰক (soothing), জলীয়কাৰক (moisturizing) আৰু নিৰামক (healing) গুণ থকা বুলি দাবী কৰি আহিছে।৮৪৫৩৪২ এল' ভেৰা জেল বাণিজ্যিকভাৱে উপলব্ধ ল'শ্যন, দৈ, খাদ্য আৰু কোনো কোনো জলপান (dessert) আদিত ব্যৱহাৰ কৰা হয়৪৩৪৪৪৫ যদিও কোনো কোনো মাত্ৰাত সেৱন কৰিলে ইয়াৰ বিশাক্ত লক্ষণ পৰিলক্ষিত হয়।৪৬
পৰম্পৰাগত ঔষধ
জনজাতীয় আৰু পাৰম্পৰিক ভেষজ ঔষধ হিচাবে এল' ভেৰাৰ ব্যৱহাৰ কৰা হৈ আহিছে যদিও ইয়াৰ ঔষধিয় গুণ কেতিয়াৰ পৰা আৱিস্কৃত জনা নাযায়। ১৬শ শতিকাৰ Ebers Papyrus -অত,১৮ খ্ৰীঃ পূঃ মধ্য প্ৰথম শতিকাত ৰচিত De Materia Medica আৰু Pliny the Elder অৰ Pliny's Natural History দুয়ো বিবৰণীতে ১৮ আৰু ৫১২ খ্ৰীঃ পূঃত ৰচিত Juliana Anicia Codex -অত এল' ভেৰাৰ উল্লেখ পোৱা যায়।৪৩ চীন, ভাৰত, জামাইকা, জাপান, লেটিন আমেৰিকা, ৰুচ, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পৰম্পৰাগত ভেষজ ঔষধিয় হিচাবে এই প্ৰজাতিৰ বহুলভাবে ব্যৱহাৰ হয়।৮
খাদ্য পৰিপূৰক
২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰাধিকৰণ বিভাগে "ক্লাচ III উপাদান" (class II ingredient)/ বুলি বন্ধ নকৰালৈকে কোনো কোনো এল' প্ৰজাতিৰ পৰা উৎপাদিত "এল'ইন" অক কিছুমান মুকলিভাৱে বিক্ৰি কৰিব পৰা জুলাপ (laxative) জাতীয় ঔষধৰ উপাদান হিচাবে ব্যৱহাৰ কৰা হৈ আহিছিল।৪৭ এল' ভেৰাৰ বিশাক্ত আৰু বিভিন্ন শাৰিৰিক উপসৰ্গ সৃষ্টি কৰিব পৰা গুণ আছে, যদিও পৰিশোধিত কৰি এল'ইন আঁতৰ কৰিলে ই সম্যকভাৱে দূৰ হয়।৪৬৮৯৪৮ এক ২ বছৰীয়া ৰাষ্ট্ৰীয় বিষ নিৰ্ণায়ক পৰীক্ষণত ৰং দূৰ নকৰা সম্পূৰ্ণ পাতৰ নিষ্কাষে মতা আৰু মাইকী নিগনিৰ ওপৰত কাৰ্চিন'জেনিক ক্ৰিয়া দেখুওৱা পৰিলক্ষিত হৈছে। মানৱ শৱীৰত ইয়াৰ প্ৰতিক্ৰিয়া জানিবলৈ অধিক তথ্যৰ প্ৰয়োজন বুলি পৰীক্ষাটোত প্ৰকাশিত।৪৯৫০৫১
এল' ভেৰাৰ ৰসক পাচন প্ৰক্ৰিয়াৰ বাবে স্বাস্থ্যবৰ্ধক বুলি বিক্ৰি কৰা হয় যদিও ইয়াৰ কোনো বৈজ্ঞানীক প্ৰমাণ বা আধিকাৰিক অনুমতি নাই।৫২ এনে উপাচাৰৰ বাবে সাধাৰণতঃ প্ৰয়োগ কৰা উৎপাদ আৰু ইয়াৰ পৰিমাণৰ বিশাক্ততা ইয়াৰ পৰিমাণৰ ওপৰত নিৰ্ভৰশীল।৪৬
অন্যান্য ভেষজ (Phytochemical)
এল' ভেৰাৰ পাতৰ সম্ভাব্য জৈব প্ৰকাৰ্য্যমূলক (bioactivity) অন্যান্য ভেষজ দ্ৰব্যৰ যেনে এচিটাইলেটেড (acetylated) মান্নান, পলীমান্নান (polymannans), এন্থ্ৰাকুইন'ন চি-গ্লিচাৰইড, এনথ্ৰন যেনে ইম'ডিন আৰু বিভিন্ন লেক্টিন আদিৰ বিষয়ে গৱেষণা চলি আছে।৮৫৩৫৪ এইবোৰৰ কিছুমান কীটনাশক উৎপাদনৰ বাবে ব্যৱহাৰ হয়।৫৫
উপভোক্তা প্ৰয়োগ (Commodities)
এল' ভেৰাক আজিকালি বহুলভাৱে মুখমণ্ডলত ব্যৱহাৰৰ বাবে মইশ্বাৰাইজাৰ, হে' ফিভাৰ, চৰ্দী আদিত নাকৰ এণ্টি-ইৰিটেণ্ট হিচাবে উৎপ্ৰণোদিত (promoted) কৰা হৈছে।৫৬ বিভিন্ন প্ৰসাধন কোম্পানীৰ মেক-আপ, টিচ্যু, মইশ্বাৰাইজাৰ, চাবোন, চানস্ক্ৰীণ, ধুপ, শ্বেভিং ক্ৰীম, শ্বেম্পু আদিত ইয়াৰ ৰস বা অন্যান্য নিষ্কাষ ব্যৱহাৰ কৰা হয়।৪৩ অন্যান্য ব্যৱহাৰৰ ভিতৰত ছাগলীৰ কৃত্ৰিম প্ৰজননত শুক্ৰাণু পাতল কৰিবৰ বাবে,৫৭ সতেজ খাদ্য সংৰক্ষণৰ বাবে,৫৮ আৰু সৰু ফাৰ্মবোৰত জল সংৰক্ষণৰ ব্যৱহাৰ কৰা হয়।৫৯ It has also been suggested that biofuels could be obtained from Aloe vera seeds.৬০
এল'ক খাদ্য সামগ্ৰী হিচাবেও ব্যৱহাৰ কৰা হয়। কোনো কোনো "মলিকুলাৰ গেষ্ট্ৰনমিষ্টে" ইয়াৰ "জেল" হ'ব পৰা গুণৰ সহায় লয়। উদাহৰণ স্বৰূপে চে'ফ (chef) কুইক ডাক'ষ্টাৰ (Chef Quique Dacosta) স্পেইনৰ El Poblet -অত সৃষ্ট "Oysters Guggenheim" অৰ কথা ক'ব পাৰি।৬১
সম্ভাব্য ঔষধিয় প্ৰয়োগৰ বাবে গৱেষণা

কটা-ছিঙাৰ উপচাৰৰ বাবে
এল' ভেৰা ঘাঁ আদিৰ চিকিৎসাৰ বাবে উপযোগী হ'ব পাৰে বুলি ভবা হয় যদিও ইয়াৰ প্ৰমাণ যৎসামান্য আৰু পৰস্পৰবিৰোধী৯ কোনো কোনো অধ্যয়নত এল' ভেৰাৰ প্ৰয়োগে আৰোগ্য হোৱাৰ গতি খৰতকীয়া কৰে৬২৬৩ বুলি দেখুৱালেও অনেক ক্ষেত্ৰত এল' ভেৰা জেল ব্যৱহাৰ কৰা ঘাঁ অন্য দৰব ব্যৱহাৰ কৰাতকৈ কম গতিত শুকায় বুলি দাবী কৰা হৈছে।৬৪৬৫ ২০০৭ চনৰ এক সমীক্ষাত ২য় ডিগ্ৰীৰ পোৰাৰ চিকিৎসাত এল' ভেৰাই সুফল দেখুওৱা পোৱা গৈছে।৬৬ যৌনাংগৰ হাৰ্পিচ আৰু ছ'ৰিয়াচিচ ইয়াৰ বাহ্যিক প্ৰয়োগ উপশম দিয়ে বুলিও কোৱা হৈছে।৬৭ অৱশ্যে তেজস্ক্ৰীয়তা সম্পৰ্কীয় আঘাতত ই কাম নিদিয়ে।
এল' ভেৰাৰ জেলক অন্য সম প্ৰজাতীয় আৰু এছফ'ডেলাচি প্ৰজাতিৰ উদ্ভিদৰ জেলৰ লগতো তুলনা কৰা হৈছে - যেনে বালবাইন ফ্ৰাক্টেছিন (Bulbine frutescens), যাক পোৰা আৰু অন্যান্য ছালৰ কটা-ছিঙাত ব্যৱহাৰ কৰা হয়। ৬৮ ইয়াৰ বিভিন্ন নিষ্কাষৰ চালৰ সৰু-সুৰা ৰোগ নিৰাময় কৰিব পৰা এণ্টিবেক্টেৰীয়েল বা এণ্টিফাংগেল ধৰ্মও থাকিব পাৰে।৬৯ পৰীক্ষাগাৰত কোনো পৰীক্ষাত ইয়াৰ চালৰ ভিতৰুৱা অংশৰ জেলে ষ্ট্ৰেপ্ট'কক্কাচ আৰু জাতীয় বেক্টেৰীয়াৰ গতি ৰোধ কৰা দেখা গৈছে।৭০ অৱশ্যে ই জেন্থ'ম'নাচ প্ৰজাতিৰ বিষয়ে সুফল দেখুওৱাব পৰা নাই।৭১''
চালৰ সুৰক্ষা আৰু কেন্সাৰ
কথিত ভাৱে দাবী কৰিলেও এল' ভেৰাই মানুহক চানবাৰ্ণ, চানটোন বা সূৰ্য্যৰশ্মিৰ পৰা প্ৰতিৰোধ কৰাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই।৭২
অৱশ্যে এল' ভেৰাত থকা উদ্ভিদ পলিছেকাৰাইডবোৰে সূৰ্য্যৰশ্মিৰ পৰা প্ৰত্যক্ষ প্ৰতিৰোধ নিদিলেও, অতি-বেঙুনী ৰশ্মিৰ প্ৰভাৱ পথবোৰ অপ্ৰত্যক্ষ ভাৱে বন্ধ কৰি অ-মেলান'মা (non-melanoma) চালৰ কেন্সাৰৰ পৰা চালক ৰক্ষা কৰিব পাৰে।৭৩ অতি-বেঙুনী বিকিৰণে স্থানীয় এণ্টিজেন-প্ৰতিৰোধী লেংহাৰ্ন চেল (LC) বোৰৰ ক্ষয়ীভৱন ঘটায় আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা কমায় (immunosuppression)। পৰীক্ষাগাৰত নিগনিৰ ওপৰত কৰা পৰীক্ষাত ই সূচিত হৈছে।৭৪৭৫৭৬৭৩ পৰীক্ষাগাৰত কুকুৰ আৰু মেকুৰীৰ ওপৰত এল' ভেৰাৰ কেন্সাৰ প্ৰতিৰোধ ক্ষমতাৰ আভাস পোৱা গৈছে৫৩ যদিও মানুহৰ ক্ষেত্ৰত ইয়াৰ প্ৰমাণ নাই।
দাঁত
দাঁতৰ gingivitis আৰু plaque প্ৰতিৰোধ সম্পৰ্কীয় পৰীক্ষাত এল' ভেৰাৰ কোনো সুফল থকাৰ প্ৰমাণ পোৱা নাই।৭৭
মধুমেহ আৰু তেজৰ লিপিড
মধুমেহ ৰোগ আৰু তেজৰ লিপিডৰ প্ৰাধিক্যৰ উপচাৰ সম্পৰ্কীয় প্ৰাথমিক পৰীক্ষাত এল' ভেৰাৰ নিষ্কাষৰ সুফল পোৱা গৈছে।৮ ইয়াক এল' ভেৰাৰ মান্নান, এন্থ্ৰকুইন'ন আৰু লেক্টিনৰ সুফল বুলি ভৱা হৈছে।৮৫৩৫৪ এল' ভেৰাই তেজৰ গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণত প্ৰভাৱ পেলাব পৰাৰ কথাও অনুমান কৰা হৈছে।৭৮৭৯৪৯ হাইপাৰলিবিডিমেনিয়াৰ ৰোগীৰ নিম্ন লিপিড স্তৰৰ লগতো তথা লিভাৰৰ ৰোগৰ লগতো ইয়াৰ সম্পৰ্ক থাকিব পাৰে।৮০৪৮
অন্যান্য
প্ৰাৰম্ভিক পৰীক্ষাত চিহ্নিত হৈছে যে এল' ভেৰাই আলচাৰেটিভ কলাইটিচৰ লক্ষণ আৰু প্ৰদাহৰো উপশম গটাব পাৰে।৪১
বিশাক্ত গুণ
এল' ভেৰা খালে ডায়েৰীয়া, ইলেক্ট্ৰলাইটৰ হীন-দেড়ি, কিডনীৰ জটিলতা আৰু অন্যান্য ঔষধৰ ক্ৰিয়াৰ লগত প্ৰতিক্ৰিয়া হ'ব পাৰে। বাহ্যিক (topical) ব্যৱহাৰৰ ফলত কণ্টেক্ট ডাৰ্মাইটিচ, এৰীথেমা, ফট'টক্সিচিটি আদি হোৱাও দেখা গৈছে।৮ ইয়াৰ ব্যৱহাৰৰ ফলত হোৱা ডায়েৰীয়াৰ ফলত শৰীৰৰ অন্য ঔষধ গ্ৰহণ কৰা কমিব পাৰে।৪৯
তথ্যসূত্ৰ
- ↑ দেৱী, ড: জ্যোৎস্না; দাস, জনাৰ্দন. (১৬ - ৩১ আগষ্ট). এলো ভেৰা: প্ৰকৃতিৰ এক অৱদান. প্ৰান্তিক
- ↑ Akinyele BO, Odiyi AC. (2007). Comparative study of the vegetative morphology and the existing taxonomic status of Aloe vera L.. Journal of Plant Sciences. পৃ. 558–563
- ↑ Forever Living Website
- ↑ Miracle of Aloe
- ↑ Aloe Vera Australia
- ↑ Ernst E. (2000). Adverse effects of herbal drugs in dermatology. Br J Dermatol. পৃ. 923–929
- ↑ {{cite journal | author = Marshall JM | year = 2000 | title = Aloe vera'' gel: what is the evidence? | url = | journal = Pharm J | volume = 244 | issue = | pages = 360–362 }}
- ↑ Boudreau MD, Beland FA. (2006). An Evaluation of the Biological and Toxicological Properties of Aloe Barbadensis (Miller), Aloe Vera. Journal of Environmental Science and Health Part C. পৃ. 103–154
- ↑ Vogler BK, Ernst E. Aloe vera: a systematic review of its clinical effectiveness. Br J Gen Pract. 1999 Oct;49(447):823-8
- ↑ Yates A. (2002) Yates Garden Guide. Harper Collins Australia
- ↑ Random House Australia Botanica's Pocket Gardening Encyclopedia for Australian Gardeners Random House Publishers, Australia
- ↑ Gong M, Wang F, Chen Y. (2002). (Study on application of arbuscular-mycorrhizas in growing seedings of Aloe vera). Zhong yao cai = Zhongyaocai = Journal of Chinese medicinal materials. পৃ. 1–3
- ↑ Aloe vera, African flowering plants database. Conservatoire et Jardin botaniques de la Ville de Genève
- ↑ Taxon: Aloe vera (L.) Burm. f.. Germplasm Resources Information Network, United States Department of Agriculture
- ↑ Ombrello, T. Aloe vera
- ↑ Liao Z, Chen M, Tan F, Sun1 X and Tang K (2004) Microprogagation of endangered Chinese aloe Plant Cell, Tissue and Organ Culture'76'(1):83–86
- ↑ Jamir T. T., Sharma H. K., Dolui A. K. (1999). Folklore medicinal plants of Nagaland, India. Fitoterapia. পৃ. 395–401
- ↑ Barcroft and Myskja (2003) Aloe Vera: Nature's Silent Healer. BAAM, USA. ISBN 0-9545071-0-X
- ↑ Wang H, Li F, Wang T, et al.. (2004). (Determination of aloin content in callus of Aloe vera var. chinensis). Zhong yao cai = Zhongyaocai = Journal of Chinese medicinal materials. পৃ. 627–8
- ↑ Gao W, Xiao P. (1997). (Peroxidase and soluble protein in the leaves of Aloe vera L. var. chinensis (Haw.)Berger). Zhongguo Zhong yao za zhi = Zhongguo zhongyao zazhi = China journal of Chinese materia medica. পৃ. 653–4, 702
- ↑ Lyons G. The Definitive Aloe vera, vera?. Huntington Botanic Gardens
- ↑ Linnaeus, C. (1753). Species plantarum, exhibentes plantas rite cognitas, ad genera relatas, cum differentiis specificis, nominibus trivialibus, synonymis selectis, locis natalibus, secundum systema sexuale digestas. Vol. 2 pp. [i], 561–1200, [1–30, index], [i, err.]. Holmiae [Stockholm]: Impensis Laurentii Salvii
- ↑ Newton L. E. (1979). In defense of the name Aloe vera'. The Cactus and Succulent Journal of Great Britain''. পৃ. 29–30
- ↑ Darokar MP, Rai R, Gupta AK, Shasany AK, Rajkumar S, Sunderasan V and Khanuja SPS (2003). Molecular assessment of germplasm diversity in Aloe spp. using RAPD and AFLP analysis. J Med. Arom. Plant Sci.25(2): 354–361
- ↑ Treutlein, J., Smith, G. F. S., van Wyk, B. E. & Wink, W. (2003). Phylogenetic relationships in Asphodelaceae (Alooideae) inferred from chloroplast DNA sequences (rbcl, matK) and from genomic finger-printing (ISSR). Taxon 52:193
- ↑ Jones WD, Sacamano C. (2000) Landscape Plants for Dry Regions: More Than 600 Species from Around the World. California Bill's Automotive Publishers. USA
- ↑ Farooqi and Sreeramu (2001) Cultivation of Medicinal and Aromatic Crops (Revised Edition). Orient Longman, India. p. 25
- ↑ Global Compendium of Weeds Aloe vera (Aloeaceae). Global Compendium of Weeds
- ↑ BBC Gardening, Aloe vera. British Broadcasting Corporation
- ↑ Pest Alert: Aloe vera aphid Aloephagus myersi Essi.. Florida Department of Agriculture and Consumer Services
- ↑ Kemper Center for Home Gardening: Aloe vera. Missouri Botanic Gardens, USA
- ↑ Coleby-Williams, J. Fact Sheet: Aloes. Gardening Australia, Australian Broadcasting Corporation
- ↑ Aloe vera producer signs $3m China deal. Australian Broadcasting Corporation
- ↑ More Medicinal Plants Grow in Ciego de Ávila. invasor.cu
- ↑ Korea interested in Dominican ‘aloe vera’. DominicanToday.com—The Dominican Republic News Source in English
- ↑ Vaibhav Varma. India experiments with farming medicinal plants. channelnewsasia.com
- ↑ Harnessing the potential of our aloe. Jamaica Gleaner, jamaica-gleaner.com
- ↑ Kenya: Imported Gel Hurts Aloe Vera Market. allafrica.com
- ↑ US Farms, Inc. – A Different Kind of Natural Resource Company. resourceinvestor.com
- ↑ আৰ্কাইভ কপি
- ↑ Langmead L, Feakins RM, Goldthorpe S, et al.. (2004). Randomized, double-blind, placebo-controlled trial of oral aloe vera gel for active ulcerative colitis. Alimentary pharmacology & therapeutics. পৃ. 739–47
- ↑ Kunkel. G. Plants for Human Consumption. Koeltz Scientific Books 1984 ISBN 3-87429-216-9
- ↑ Reynolds, T. (2004) Aloes: The Genus Aloe. CRC Press
- ↑ Liza Armstrong. Clean and green. Australian Broadcasting Corporation
- ↑ Yagua unveils cosmeceutical beverage. Decision News Media
- ↑ Cosmetic Ingredient Review Expert Panel. (2007). Final report on the safety assessment of AloeAndongensis Extract, Aloe Andongensis Leaf Juice,aloe Arborescens Leaf Extract, Aloe Arborescens Leaf Juice, Aloe Arborescens Leaf Protoplasts, Aloe Barbadensis Flower Extract, Aloe Barbadensis Leaf, Aloe Barbadensis Leaf Extract, Aloe Barbadensis Leaf Juice,aloe Barbadensis Leaf Polysaccharides, Aloe Barbadensis Leaf Water, Aloe Ferox Leaf Extract, Aloe Ferox Leaf Juice, and Aloe Ferox Leaf Juice Extract. Int J Toxicol. পৃ. 1–50
- ↑ FDA
- ↑ Bottenberg MM, Wall GC, Harvey RL, Habib S. (2007). Oral aloe vera-induced hepatitis. The Annals of pharmacotherapy. পৃ. 1740–3
- ↑ Aloe Vera – Side Effects and Cautions. National Center for Complementary and Alternative Medicine
- ↑ ntp.niehs.nih.gov/NTP/About_NTP/TRPanel/2011/Apr
- ↑ www.niehs.nih.gov/news/interviews/aloevera/index
- ↑ www.mayoclinic.com/health/aloe-vera/NS_patient-a
- ↑ King GK, Yates KM, Greenlee PG, et al.. (1995). The effect of Acemannan Immunostimulant in combination with surgery and radiation therapy on spontaneous canine and feline fibrosarcomas. Journal of the American Animal Hospital Association. পৃ. 439–47
- ↑ Eshun K., He Q. (2004). Aloe Vera: A Valuable Ingredient for the Food, Pharmaceutical and Cosmetic Industries—A Review. Critical Reviews in Food Science and Nutrition. পৃ. 91–96
- ↑ Yang YC, Lim MY, Lee HS. (2003). Emodin isolated from Cassia obtusifolia (Leguminosae) seed shows larvicidal activity against three mosquito species. J Agric Food Chem. পৃ. 7629-31
- ↑ google search for aloe-vera facial-tissue, Sep 2009
- ↑ Rodriguez F, Baldassarre H, Simonetti J, Aste F, Ruttle JL. (1988). Cervical versus intrauterine insemination of ewes using fresh or frozen semen diluted with ((Aloe vera gel)).. Theriogenology. পৃ. 843–54
- ↑ Serrano M, Valverde JM, Guillén F, Castillo S, Martínez-Romero D, Valero D. (2006). Use of Aloe vera gel coating preserves the functional properties of table grapes. Journal of Agricultural and Food Chemistry. পৃ. 3882–6
- ↑ (2008-07-10). Water conservation. The Hindu, India
- ↑ Shukla S. Aloe Vera has biodiesel potential, reveals MSU study. The Indian Express
- ↑ Quique Dacosta. Guggenheim Bilbao
- ↑ Heggers JP, Elzaim H, Garfield R, et al.. (1997). Effect of the combination of Aloe vera, nitroglycerin, and L-NAME on wound healing in the rat excisional model. Journal of alternative and complementary medicine. পৃ. 149–53
- ↑ Davis RH, Leitner MG, Russo JM, Byrne ME. (1989). Wound healing. Oral and topical activity of Aloe vera'. Journal of the American Podiatric Medical Association''. পৃ. 559–62
- ↑ Schmidt JM, Greenspoon JS. (1991). Aloe vera dermal wound gel is associated with a delay in wound healing. Obstetrics and gynecology. পৃ. 115–7
- ↑ Kaufman T, Kalderon N, Ullmann Y, Berger J. (1988). Aloe vera gel hindered wound healing of experimental second-degree burns: a quantitative controlled study. The Journal of burn care & rehabilitation. পৃ. 156–9
- ↑ Maenthaisong R, Chaiyakunapruk N, Niruntraporn S et al.. (2007). The efficacy of aloe vera for burn wound healing: a systematic review. Burns. পৃ. 713–718
- ↑ Vogler BK, Ernst E. (1999). Aloe vera: a systematic review of its clinical effectiveness. Br J Gen Prac. পৃ. 823–828
- ↑ আৰ্কাইভ কপি
- ↑ Shamim Sumbul, Ahmed S. Waseemuddin, Azhar Iqbal. (2004). Antifungal activity of Allium, Aloe, and Solanum species. Pharmaceutical Biology. পৃ. 491–498
- ↑ Ferro VA, Bradbury F, Cameron P, Shakir E, Rahman SR, Stimson WH. (2003). In vitro susceptibilities of Shigella flexneri and Streptococcus pyogenes to inner gel of Aloe barbadensis Miller. Antimicrobial agents and chemotherapy. পৃ. 1137–9
- ↑ Satish S., Raveesha K. A., Janardhana G. R. (1999). Antibacterial activity of plant extracts on phytopathogenic Xanthomonas campestris pathovars. Letters in Applied Microbiology. পৃ. 145–147
- ↑ Feily A, Namazi MR. (2009). Aloe vera in dermatology: a brief review. G Ital Dermatol Venereol. পৃ. 84–91
- ↑ Strickland FM. Immune regulation by polysaccharides: implications for skin cancer. J. Photochem. Photobiol. B.63(1–3),132–140 (2001) PMID: 11684460
- ↑ Strickland FM, Kripke ML. Immune response associated with nonmelanoma skin cancer. Clin. Plast. Surg.24(4),637–647 (1997)
- ↑ Strickland FM, Pelley RP, Kripke ML. Prevention of ultraviolet radiation-induced suppression of contact and delayed hypersensitivity by aloe barbadensis gel extract. J. Invest. Dermatol.102(2),197–204 (1994) PMID: 7906286
- ↑ Chen D, Payne LG. Targeting epidermal Langerhans cells by epidermal powder immunization. Cell Res.12(2),97–104 (2002) PMID: 12118944
- ↑ de Oliveira SM, Torres TC, Pereira SL et al. (2008). "Effect of a dentifrice containing Aloe vera on plaque and gingivitis control: A double-blind clinical study in humans
- ↑ Yongchaiyudha S, Rungpitarangsi V, Bunyapraphatsara N, Chokechaijaroenporn O. (1996). Antidiabetic activity of Aloe vera L juice. I. Clinical trial in new cases of diabetes mellitus. Phytomedicine. পৃ. 241–243
- ↑ Bunyapraphatsara N, Yongchaiyudha S, Rungpitarangsi V, Chokechaijaroenporn O. (1996). Antidiabetic activity of Aloe vera L juice. II. Clinical trial in diabetes mellitus patients in combination with glibenclamide. Phytomedicine. পৃ. 245–248
- ↑ Nassiff HA, Fajardo F, Velez F. (1993) Effecto del aloe sobre la hiperlipidemia en pacientes refractarios a la dieta. Rev Cuba Med Gen Integr 9:43–51
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাল-কুঁৱৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭০৪৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।