টেলিভিছন চেনেল
৩৫ প্ৰবন্ধ
-
নেপাল ১
নেপাল ১ (নেপাল ৱান) হ'ল ভাৰতৰ প্ৰথমটো নেপালী ভাষাৰ চেটেলাইট তথ্য-মনোৰঞ্জন চেনেল, যি নতুন দিল্লীৰপৰা প্ৰচাৰিত হৈছিল। ২০০৪ চনৰপৰা ২০১৫ চনলৈ ভূটানত এই চেনেলটো অতি জনপ্ৰিয় হৈছিল, বিশেষকৈ ইয়াৰ ‘ব্ৰেকিং নিউজ’ আৰু সংবাদ অনুষ্ঠানসমূহৰ বাবে, কাৰণ তেতিয়া ভূটানত চেটেলাইট চেনেলৰ সংখ্যা অতি কম আছিল।
-
ভাৰতৰ টেলিভিছন চেনেলৰ তালিকা
২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত ৯০০ টা ব্যক্তিগত টেলিভিছন চেনেল আছে। সমগ্ৰ ভাৰততে অসংখ্য আঞ্চলিক চেনেল উপলব্ধ, প্ৰায়ে ভাষা অনুসৰি বিতৰণ কৰা হয়।
-
ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ
ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ (BBS) হৈছে ভূটানৰ এটা ৰাজ-অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰেডিঅ’ আৰু টেলিভিছন সেৱা। এইটো এটা ৰাজহুৱা সেৱামূলক নিগম যি সম্পূৰ্ণৰূপে ৰাজ্যৰদ্বাৰা আৰ্থিকভাৱে পুষ্ট আৰু ভূটানত ৰেডিঅ’ আৰু টেলিভিছন দুয়োটাই প্ৰদান কৰা একমাত্ৰ সেৱা।
-
লাইভ ইণ্ডিয়া
লাইভ ইণ্ডিয়া (Live India) হৈছে ৰাষ্ট্ৰীয় বাতৰি আৰু ভাইৰেল কণ্টেণ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰতীয় হিন্দী ভাষাৰ বাতৰি আৰু সংবাদ মাধ্যমৰ ৱেবছাইট। ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ নইডাত।
-
ৰিপাব্লিক টিভি
ৰিপাব্লিক টিভি (Republic TV) এক ইংৰাজী ভাষাৰ ভাৰতীয় বাতৰি চেনেল যি এআৰজি আউটলায়াৰ এছিয়ানেট নিউজৰ মালিকানাধীন। এই কোম্পানী অৰ্ণৱ গোস্বামীৰ দ্বাৰা সমৰ্থিত। এই চেনেল ৬ মে' ২০১৭ত উদ্বোধিত হ'ল।