প’গ’ (Pogo) এটা শিশু-মনোৰঞ্জনধৰ্মী কেবুল আৰু ছেটেলাইট দূৰদৰ্শন কেন্দ্ৰ, যাক ১ জানুৱাৰী, ২০০৪ তাৰিখে আৰম্ভ কৰা হৈছিল, মহাৰাষ্ট্ৰৰ মুম্বাইস্থিত টাইম ৱাৰ্নাৰৰ অংশ টাৰ্নাৰ ব্ৰড্কাষ্টিঙৰ দ্বাৰা। যদিও আৰম্ভণিতে কেৱল ভাৰততে উপলব্ধ হৈছিল, বৰ্তমান এই চেনেল নেপাল, ভূটান আৰু শ্ৰীলংকাতো উপলব্ধ। এই চেনেল হিন্দী ভাষা, তামিল ভাষা, তেলুগু ভাষা, মালয়ালম ভাষা, কন্নড় ভাষা আৰু মাৰাঠী ভাষা ভাষাত উপলব্ধ।
বাংলাদেশত এই চেনেল কাৰ্টুন নেটৱৰ্কৰ দুঘণ্টীয়া খণ্ডৰ ৰূপত প্ৰচাৰিত হয়। থাইলেণ্ডত এই চেনেল ফেমিলী চেনেল থাৰ্টিনত দুঘণ্টীয়া খণ্ডৰ ৰূপত প্ৰচাৰিত হয়।১
অনুষ্ঠানসমূহ
প’গ’ ভাৰতত ছটা ভাষাত উপলব্ধ— হিন্দী ভাষা, তামিল ভাষা, তেলুগু ভাষা, মালয়ালম ভাষা, কন্নড় ভাষা আৰু মাৰাঠী ভাষা। আটাইকেইটা অনুষ্ঠান এই ছটা ভাষাত উপলব্ধ। ভাৰতৰ বাহিৰত এই চেনেলৰ অনুষ্ঠানসমূহ কেৱল ইংৰাজীত উপলব্ধ। পাকিস্তানত এই চেনেল আনুষ্ঠানিকভাৱে হিন্দী ভাষাতেই প্ৰচাৰিত হয়, যিহেতু পাকিস্তানৰ সৰহসংখ্যক লোকৰ বাবে এই ভাষা সহজে বোধগম্য।
এই চেনেলত কেইবাখনো এনিমেছন শ্ব’ আৰু লাইভ একশ্যন শ্ব’ প্ৰচাৰিত হয়। এই চেনেলৰ সম্পূৰ্ণ নিজৰ শ্ব’ সময়ে সময়ে "প’গ’ অৰিজিনেল্ছ"ৰ নামত প্ৰচাৰিত হয়, যেনে "মেড"— যি এক "নিজে কৰা শিল্পকলা"ৰ অনুষ্ঠান। প’গ’ত বিভিন্ন লাইভ আৰু এনিমেটেড চলচ্চিত্ৰও প্ৰচাৰিত হয় "লাইট্ছ! কেমেৰা! প’গ’"ৰ নামত। এনিমেশ্যন ধাৰাবাহিক "ছোটা ভিম" এই চেনেলত প্ৰচাৰিত হয়।
কাৰ্টুন নেটৱৰ্ক ইণ্ডিয়াৰ ভগ্নী চেনেল হোৱাৰ বাবে মাজনিশাৰ পৰা পুৱাৰ ভিতৰত এই চেনেলত কাৰ্টুন নেটৱৰ্কৰ শ্ব’ কিছুমানো প্ৰচাৰিত হয় যেনে দা লাইফ এণ্ড টাইম্ছ অৱ জুনিপাৰ লী, টাইম স্কুৱাড, স্কাটুনী, লুনী টিউন্স, বেবী লুনী টিউন্স, ৰ’বটবয়, চিপ ইন বিগ চিটী, ছিল্ভেষ্টাৰ এণ্ড টুইটী মিষ্ট্ৰীজ, ফষ্টাৰ্ছ হ’ম ফৰ ইমেজিনেৰী ফ্ৰেণ্ড্ছ, দা স্মাৰ্ফ্ছ, বেটমেন, পকেমন, গাৰ্ফিল্ড এণ্ড ফ্ৰেণ্ড্ছ, দা পিংক পেন্থাৰ শ্ব’ আদি।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প’গ’ টিভি” প্ৰবন্ধৰ সংশোধন ৫২৯৮০৩ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।