ডি ৱাই ৩৬৫ (DY 365)হৈছে উত্তৰ-পূব ভাৰতৰ ২৪ ঘণ্টীয়া চেটেলাইট নিউজ চেনেল।১ ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড আৰু পৰিচালন সঞ্চালক হৈছে দিপন্নিতা জয়ছৱাল।২ এই চেনেলটোত মুখ্যতঃ অসমীয়া ভাষাত বাতৰিৰ উপৰিও সংগীতৰ অনুষ্ঠান, বিনোদন, চলচ্চিত্ৰ, ধাৰাবাহিক আদি পৰিৱেশন কৰা হয়। ২০০৮ চনৰ ৩০ অক্টোবৰত এই চেনেলটোৰ প্ৰতিষ্ঠা কৰা হৈছিল।১৩৪৫৬
ইতিহাস
ডি ৱাই ৩৬৫ প্ৰতিষ্ঠিত হৈছিল ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ দ্বাৰা। যি অসমৰ গুৱাহাটীত অৱস্থিত এটা মিডিয়া কোম্পানী।৭৮
উল্লেখযোগ্য অনুষ্ঠান
- প্ৰভাতী আৰতি
- মত ভিন্নমত
- এই সময়
- ডি ৱাই পৰিক্ৰমা
- জুহাল
- অচিনাকি অসম
- মহানগৰ ৩৬৫
- প্ৰসংগক্ৰমে
- একান্ত ব্যক্তিগত
- ডি ৱাই মেডলি
- ডি ৱাই বিহুৰাণী৯
স্থানাংক
তলত দিয়া স্থানাংকৰ অধীনত ডি ৱাই ৩৬৫ দূৰসংযোগ উপগ্ৰহ GSAT-30-ত আছে:১০
- কম্পাঙ্ক: ৩৯৪৯ মেগাহাৰ্টজ
- মডুলেচন: ৮পিএছকে, ডিভিবিএছ২
- চিহ্নৰ হাৰ: ৩.৬৭৩ এম এছ পি এছ
- FEC: ৫/৬
- মেৰুকৰণ: অনুভূমিক
- কোডেক: MPEG-4
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ DY 365 Satellite News Channel of Assam and Northeast - Watch online or preview on TV. assamjournal.com
- ↑ (9 December 2021). Assam: DY365 Director Dipannita Jaiswal receives International honour in Dubai. India Today NE
- ↑ Singh, Dr Paramveer. (5 August 2021). Indian Silver Screen. K.K. Publications. পৃ. 312
- ↑ Das, Gaurav. (17 July 2020). Assam Journalist Arrested After Reports on Smuggling, Channel to Move HC. The Wire
- ↑ Dowerah, Simantik. (17 July 2012). Guwahati shame: How a news channel dumped ethics for TRP. Firstpost
- ↑ (20 July 2020). Video Of Landslide In Indonesia Shared As Goa. www.boomlive.in
- ↑ FTA Channels. TRAI
- ↑ Pandey, Gyan Prakash. (2013). Press in the North-East. Publications Division, Ministry of Information and Broadcasting, Government of India. পৃ. 44. ISBN 978-81-230-1840-9
- ↑ Buck, Ralph; Snook, Barbara; Nath, Debarshi Prasad. (18 July 2023). Reflections of Dance along the Brahmaputra: Celebrating Dance in North East India. Taylor & Francis. ISBN 978-1-000-90148-1
- ↑ G-Sat 30 at 83.0°E - LyngSat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিৱাই ৩৬৫” প্ৰবন্ধৰ সংশোধন ৫২৯৭৯৮ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।