অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহাদেৱী বৰ্মা

মহাদেৱী বৰ্মা (২৬ মাৰ্চ, ১৯০৭ – ১১ ছেপ্তেম্বৰ, ১৯৮৭) হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ ছায়াবাদী যুগৰ "চাৰিটা মুখ্য স্তম্ভৰ" ভিতৰত মহাদেৱী বৰ্মা অন্যতম। তেওঁক আধুনিক মীৰা বুলিও জনা যায়। এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মহাদেৱী বৰ্মা (২৬ মাৰ্চ, ১৯০৭ – ১১ ছেপ্তেম্বৰ, ১৯৮৭) হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ ছায়াবাদী যুগৰ "চাৰিটা মুখ্য স্তম্ভৰ" ভিতৰত মহাদেৱী বৰ্মা অন্যতম।১ তেওঁক আধুনিক মীৰা বুলিও জনা যায়।২ এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।

জীৱনী

জন্ম আৰু পৰিয়াল

১৯০৭ চনৰ ২৬ মাৰ্চত উত্তৰ প্ৰদেশৰ ফৰুখাবাদ নামে ঠাইত মহাদেৱী বৰ্মাৰ জন্ম হৈছিল।৩ তেওঁলোকৰ পৰিয়ালত প্ৰায় ২০০ বছৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰীৰ জন্ম হৈছিল। সেইকাৰণে তেওঁলোকৰ ঘৰৰ মানুহে মহাদেৱী বৰ্মাক ঘৰৰ দেৱী — মহাদেৱী হিচাপে গণ্য কৰিছিল আৰু সেইকাৰণেই তেওঁৰ নামো মহাদেৱী ৰখা হয়। তেওঁৰ পিতৃ গোবিন্দ প্ৰসাদ বৰ্মা ভাগলপুৰৰ এখন মহাবিদ্যালয়ত প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ মাতৃ হেমৰানী দেৱী আছিল এগৰাকী ধৰ্ম পৰায়ণ, কৰ্মনিষ্ঠ, ভাবুক তথা নিৰামিষভোজী তিৰোতা।৩

শিক্ষা

ইন্দোৰৰ মিছন স্কুলত মহাদেৱী বৰ্মাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। সমান্তৰালকৈ সংস্কৃত, ইংৰাজী, সংগীত তথা চিত্ৰকলাৰ শিক্ষা তেওঁক ঘৰতেই অধ্যাপকৰ দ্বাৰা দিয়া হৈছিল। ইয়াৰ মাজতেই বিবাহপাশত আবদ্ধ হ'বলগীয়া হোৱাত কিছুদিনৰ বাবে তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছিল। অৱশ্যে বিবাহৰ পাছত তেওঁ পুনৰ শিক্ষা গ্ৰহণ কৰিবলৈ মন মেলিছিল। ১৯১৯ চনত তেওঁ এলাহাবাদৰ ক্ৰস্থৱেট ছোৱালী বিদ্যালয়ত নামভৰ্তি কৰে আৰু বিদ্যালয়ৰ ছাত্ৰীৱাসত থাকিয়েই শিক্ষা গ্ৰহণ কৰিবলৈ ধৰে। ১৯২১ চনত তেওঁ অষ্টম শ্ৰেণীৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়। ইয়াৰ পৰাই তেওঁ নিজৰ কাব্য জীৱনৰ পাতনি মেলিছিল। তেওঁ সাত বছৰ বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু ১৯২৭ চনত যেতিয়া তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তেতিয়ালৈকে তেওঁ এগৰাকী প্ৰসিদ্ধ কবি হিচাপে খ্যাতি লাভ কৰিছিল। বিভিন্ন কাকত-আলোচনীত তেওঁৰ কবিতা প্ৰকাশ হৈছিল। কলেজত পঢ়ি থকা কালছোৱাত সুভদ্ৰা কুমাৰী চৌহানৰ সৈতে তেওঁৰ ঘনিষ্ঠ বন্ধুত্ব গঢ় লৈ উঠিছিল।

মুখ্য কৃতিত্ব

মহাদেৱী বৰ্মা কবিৰ উপৰিও এগৰাকী বিশিষ্ট গল্পকাৰ আছিল। তেওঁৰ কৃতিসমূহ এইধৰণৰ:

কবিতা সংগ্ৰহ

  1. নীহাৰ (১৯৩০)
  2. ৰশ্মি (১৯৩২)
  3. নীৰজা (১৯৩৪)
  4. সান্ধ্যগীত (১৯৩৬)
  5. দ্বীপশিখা (১৯৪২)
  6. সপ্তপৰ্ণা (১৯৫৯; অনূদিত)
  7. প্ৰথম আয়াম (১৯৭৪)
  8. অগ্নিৰেখা (১৯৯০)

মহাদেৱী বৰ্মাৰ আন বহুতো কাব্য সংকলন প্ৰকাশ হৈছে য'ত উপৰোক্ত ৰচনাসমূহৰ পৰা নিৰ্বাচিত গীত সংকলন কৰা হৈছে। উদাহৰণস্বৰূপে আত্মিকা, পৰিক্ৰমা, সন্ধিনী (১৯৬৫), য়ামা (১৯৩৬), গীতপৰ্ব, দ্বীপগীত, স্মাৰিকা, নীলাম্বৰা আৰু আধুনিক কবি মহাদেৱী আদি।

মহাদেৱী বৰ্মাৰ গদ্য সাহিত্য

  • 'ৰেখাচিত্ৰ:'অতীত কে চলচ্চিত্ৰ (১৯৪১) আৰু স্মৃতি কী ৰেখাএ (১৯৪৩)
  • 'স্মৃতিকথা:'পথ কে সাথী (১৯৫৬), মেৰা পৰিৱাৰ (১৯৭২) আৰু সংস্মৰণ (১৯৮৩)
  • 'নিৰ্বাচিত ভাষাৰ সংকলন:'সম্ভাষণ (১৯৭৪)
  • 'নিবন্ধ:'শৃংখলা কী কড়িয়া (১৯৪২), বিবেচনাত্মক গদ্য (১৯৪২), সাহিত্যকাৰ কী আস্থা তথা অন্য নিবন্ধ (১৯৬২), সংকল্পিতা (১৯৬৯)
  • 'ললিত নিবন্ধ:'ক্ষণদা (১৯৫৬)
  • 'কাহিনী:'গিল্লু
  • 'স্মৃতিকথা, ৰেখাচিত্ৰ আৰু নিবন্ধৰ সংগ্ৰহ:'হিমালয় (১৯৬৩)

মহাদেৱী বৰ্মাৰ শিশু সাহিত্য

মহাদেৱী বৰ্মাৰ শিশু কবিতাসমূহ দুটা সংকলনত প্ৰকাশিত হৈছে:

  • ঠাকুৰজী ভোলে হ্যে
  • আজ খৰীদেংগে হম জ্বালা

বঁটা আৰু সন্মান

মহাদেৱী বৰ্মাৰ যোগদান

মহাদেৱী বৰ্মা জড়িত থকা স্থানসমূহ
মহাদেৱী বৰ্মা জড়িত থকা স্থানসমূহছবি: पूर्णिमा वर्मन at hi.wikipedia · Public domain

টোকা

ক. ছায়াবাদৰ আন তিনিটা স্তম্ভ হৈছে জয়শংকৰ প্ৰসাদ, সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা আৰু সুমিত্ৰনন্দন পন্ত। খ. "हिंदी के विशाल मंदिर की वीणापाणी, स्फूर्ति चेतना रचना की प्रतिमा कल्याणी" ― নিৰালা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বৰ্মা, ধীৰেন্দ্ৰ. (১৯৮৫). হিন্দী সাহিত্য কোষ, প্ৰথম আৰু দ্বিতীয় ভাগ. জ্ঞানমণ্ডল লিমিটেড
  2. ↑ Mahadevi Verma: Modern Meera. literaryindia.com
  3. ↑ সিংহ, ৰাজকুমাৰ. (২০০৭). বিচাৰ বিমৰ্শ — মহাদেৱী বৰ্মা: জন্ম, শৈশৱস্থা এবং বাল্যৱস্থা. সাগৰ প্ৰকাশন
  4. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ SAHITYA AKADEMI FELLOWSHIP. Sahitya Akademi
  6. ↑ Gyanpeeth LAUREATES. Bharatiya Jnanpith
  7. ↑ Rubin, David. The Return of Sarasvati: Four Hindi Poets. Oxford University Press, 1993, p. 153

সম্পৰ্কিত শ্ৰেণী

হিন্দী কবিহিন্দী গল্পকাৰজ্ঞানপীঠ বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাদেৱী বৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯২০২৭ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।