অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামধাৰী সিং দিনকৰ

ৰামধাৰী সিং দিনকৰ (২৩ চেপ্তেম্বৰ, ১৯০৮ - ২৪ এপ্ৰিল, ১৯৭৪) আছিল হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ আধুনিক যুগৰ শ্ৰেষ্ঠ 'বীৰ ৰস'ৰ কবি ৰূপে পৰিচিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাটত তেওঁৰ জন্ম হৈছিল।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৩ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰামধাৰী সিং দিনকৰ (২৩ চেপ্তেম্বৰ, ১৯০৮ - ২৪ এপ্ৰিল, ১৯৭৪) আছিল হিন্দী ভাষা সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ আৰু স্বাধীনতা সংগ্ৰামী।১ তেওঁ আধুনিক যুগৰ শ্ৰেষ্ঠ 'বীৰ ৰস'ৰ কবি ৰূপে পৰিচিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাটত তেওঁৰ জন্ম হৈছিল।২৩ তেওঁ পাটনা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস, দৰ্শনশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞান শিক্ষা আহৰণ কৰিছিল। তেখেতে বঙালী ভাষা, ইংৰাজী ভাষা আৰু উৰ্দু ভাষা ভাষাৰো অধ্যয়ন কৰিছিল।

দিনকৰ স্বাধীনতাৰ পূৰ্বে এজন বিদ্ৰোহী কবিৰূপে প্ৰতিষ্ঠিত হৈছিল আৰু স্বাধীনতাৰ পাছত ৰাষ্ট্ৰকবি নামে জনা গৈছিল। তেওঁ আছিল ছায়াবাদোত্তৰ কবিসকলৰ প্ৰথম প্ৰজন্মৰ কবি। তেওঁৰ কবিতাত এফালে বিদ্ৰোহ, আক্ৰোশ আৰু বিপ্লৱৰ প্ৰভাৱ আৰু আনফালে কোমল প্ৰেমময় অনুভূতিৰ অভিব্যক্তি পৰিলক্ষিত হয়। এই দুই প্ৰবৃত্তিৰ চৰম উৎকৰ্ষ তেওঁৰ কুৰুক্ষেত্ৰ আৰু উৰ্বশী নামৰ কাব্যত পোৱা যায়।

তেখেতৰ কাব্যৰচনা উৰ্বশীয়ে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰে আৰু কুৰুক্ষেত্ৰ নামৰ কাব্যখনে বিশ্বৰ ১০০টা সৰ্বশ্ৰেষ্ঠ কাব্য সংকলনৰ ভিতৰত ৭৪ স্থান লাভ কৰে।

জীৱন পৰিচয়

দিনকৰৰ জন্ম ১৯০৮ চনৰ ২৩ চেপ্তেম্বৰত বিহাৰৰ অন্তৰ্গত মুংগেৰৰ সিমৰিয়া নামে ঠাইত হৈছিল। পাটনা বিশ্ববিদ্যালয়ৰ পৰা বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ এখন বিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৩৪ চনৰ পৰা ১৯৪৭ চনলৈ বিহাৰ চৰকাৰৰ সেৱাত উপ-পঞ্জীয়ক আৰু প্ৰচাৰ বিভাগৰ উপনিৰ্দেশক পদত কাম কৰিছিল। ১৯৫০ চনৰ পৰা ১৯৫২ চনলৈ মুজফ্ফৰ কলেজত হিন্দী বিভাগৰ প্ৰধান অধ্যক্ষ আছিল, ভগলপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ পদত কাম কৰিছিল আৰু তাৰ পাছত ভাৰত চৰকাৰৰ হিন্দী ভাষা উপদেষ্টা হৈছিল।

মুখ্য কৃতিত্বসমূহ

ৰামধাৰী সিং দিনকৰে সামাজিক আৰু আৰ্থিক সমতা আৰু শোষণৰ বিৰুদ্ধে কবিতা ৰচনা কৰিছিল। তেওঁ আছিল এজন প্ৰসিদ্ধ প্ৰগতিবাদী আৰু মানৱতাবাদী কবি, যিয়ে ঐতিহাসিক চৰিত্ৰসমূহ আৰু ঘটনাবোৰক ওজস্বী আৰু প্ৰখৰ শব্দৰে প্ৰকাশ কৰিছিল। তেওঁৰ মহান ৰচনাবোৰৰ ভিতৰত ৰশ্মিৰথী আৰু পৰশুৰাম কী প্ৰতীক্ষা উল্লেখযোগ্য। উৰ্বশীৰ বাহিৰেও দিনকৰৰ বেছিভাগ ৰচনাই বীৰ ৰসাত্মক। ভূষণৰ পাছতেই তেওঁক বীৰ ৰসৰ সৰ্বশ্ৰেষ্ঠ কবি হিচাপে গণ্য কৰা হয়।৪

সন্মান

কুৰুক্ষেত্ৰৰ বাবে তেওঁ কাশী নগৰী প্ৰচাৰণী সভা, উত্তৰ প্ৰদেশ চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা সন্মান লাভ কৰে।৪ সংস্কৃতি কে চাৰ অধ্যায়ৰ বাবে তেওঁ ১৯৫৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।৫ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডা ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক ১৯৫৯ চনত পদ্মবিভূষণেৰে সন্মানিত কৰে। ভাগলপুৰ বিশ্ববিদ্যালয়ৰ তেতিয়াৰ কুলাধিপতি আৰু বিহাৰৰ ৰাজ্যপাল জাকিৰ হুচেইনে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰে। ১৯৬৮ চনত ৰাজস্থান বিদ্যাপীঠে তেখেতক "সাহিত্য-চূড়ীমণি"ৰে সন্মানিত কৰিছিল। ১৯৭২ চনত কাব্যৰচনা উৰ্বশীৰ বাবে তেখেতক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়।৬ ১৯৫২ চনত তেওঁ ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হৈছিল আৰু একেৰাহে তিনিবাৰকৈ ৰাজ্যসভাৰ সদস্য আছিল।৪

মৰণোত্তৰ সন্মান

১৯৭৪চনৰ ২৪ এপ্ৰিল তাৰিখে মাদ্ৰাজত তেওঁৰ মৃত্যু হয় আৰু গংগাৰ পাৰত তেওঁৰ অন্তেষ্ট্যক্ৰিয়া কৰা হয়।৭

১৯৮৭ চনৰ ৩০ ছেপ্টেম্বৰত তেওঁৰ ৭৯ত্ম জন্ম বাৰ্ষিকীত তেতিয়াৰ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছিল।৮ ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত ডাক টিকটৰ সূচনা কৰিছিল।৯ কেন্দ্ৰীয় তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰী প্ৰিয়ৰঞ্জন দাস মুঞ্চীয়ে তেওঁৰ জন্মশতাব্দীত ৰামধাৰী সিং দিনকৰ-ব্যক্তিত্ব আৰু কৃতিত্ব পুৰস্কাৰৰ সূচনা কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Biography and Works anubhuti-hindi.org
  2. ↑ (16 January 2021). 'राष्‍ट्रकवि' की कविता पढ़ पीएम मोदी ने बढ़ाया हौसला, जानिए क्‍यों खास हैं 'दिनकर'. Aaj Tak
  3. ↑ (22 May 2015). रामधारी सिंह दिनकर के जरिए BJP का 'भूमिहार' प्रेम. Navbharat Times
  4. ↑ Vijendra Narayan, Singh. (2005). Bharatiya Sahitya ke Nirmata: Ramdhari Singh 'Dinkar'. সাহিত্য অকাডেমি. ISBN 81-260-2142-X
  5. ↑ Sahitya Akademi Awards 1955–2007 সাহিত্য অকাডেমি বঁটা Official website
  6. ↑ Jnanpith Laureates Official listings. জ্ঞানপীঠ বঁটা Website
  7. ↑ (1973). Socialist India. Indian National Congress. All India Congress Committee. পৃ. 28
  8. ↑ Chand, Attar. (1992). President Shankar Dayal Sharma, the scholar and the statesman. Anmol Publications. পৃ. 371. ISBN 978-81-7041-678-4
  9. ↑ (September 1999). Special Postage Stamps on Linguistic Harmony of India. Latest PIB Releases. Press Information Bureau of the ভাৰত চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

হিন্দী কবিহিন্দী গল্পকাৰভাৰতৰ স্বাধীনতা সংগ্ৰামীপদ্মভূষণ বঁটা বিজয়ীজ্ঞানপীঠ বঁটা বিজয়ীহিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামধাৰী সিং দিনকৰ” প্ৰবন্ধৰ সংশোধন ৩৯৮৪৬৭ (২২ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।