অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফুটুকী জেঠী

ফুটুকী জেঠী বা হালধীয়া ফুটুকী জেঠী (Spotted Salamander বা Yellow-spotted Salamander) (বৈজ্ঞানিক নাম: Ambystoma maculatum) সাধাৰণতে আমেৰিকা বা কানাডাত পোৱা এবিধ সৰীসৃপ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ফুটুকী জেঠী বা হালধীয়া ফুটুকী জেঠী (Spotted Salamander বা Yellow-spotted Salamander) (বৈজ্ঞানিক নাম: Ambystoma maculatum) সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাত পোৱা এবিধ সৰীসৃপ।

বৰ্ণনা

এই ফুটুকী জেঠী বা চালামেণ্ডাৰ প্ৰায় ১৫-১৯ ছে. মি. দীঘল। ইয়াৰ ৰং সাধাৰণতে ক'লা কিন্তু কেতিয়াবা গাঢ় নীলা বা মটীয়া ৰঙৰো হয়। ইয়াৰ পিঠিত দুশাৰী হালধীয়া (বা কমলা-হালধীয়াৰ মিশ্ৰণ) ৰঙৰ দুশাৰী ফুটুকীয়া শাৰী থাকে। সাধাৰণতে ইয়াৰ মূৰৰফালে থকা ফুটবোৰ কমলা আৰু পিছফালে থকাবোৰ হালধীয়া হোৱা দেখা যায়।

প্ৰকৃতি

ইহঁতে ডাঠ হাবিত ঘৰ সাজে আৰু কণী পাৰে পুখুৰী বা তেনে জলাশয়ৰ পানীত। বেছিভাগ সময় ইহঁতে নিজকে শেলুৱৈ ধৰা কাঠ বা শিলৰ তলত লুকুৱাই ৰাখে। শীতকালত ইহঁতে মাটিৰ তলত থাকে। প্ৰতিৰক্ষাৰ বাবে নিজকে লুকুৱাই ৰখা, বিষ নিক্ষেপ কৰা আদি উপায় অৱলম্বন কৰে। শত্ৰুৱে আক্ৰমণ কৰিলে ইহঁতে নিজৰ নেজডাল দেহৰপৰা বিচ্চিন্ন কৰি হাত সাৰিব পাৰে। এই সৰি পৰা অংশবোৰ পিছত পুনৰ্গঠন হয়।

জীৱনচক্ৰ

ইহঁতে বসন্ত কালত পুখুৰী বা তেনে জলাশয়ৰ পানীত কণী পাৰে। এবাৰত এজনী মাইকী চালামেণ্ডাৰে ১০০ টালৈকে কণী পাৰে। কণী ফুটি পোৱালি ওলাবলৈ এমাহৰ পৰা দুমাহলৈকে সময় লয়।

খাদ্য

ইহঁতে ফৰিং, পোক-পৰুৱা, মকৰা আৰু আন সৰু সৰু সৰীসৃপ চিকাৰ কৰি খায়। ই নিশাচৰ।

একমাত্ৰ সালোক সংশ্লেষণকাৰী শেলাই বহনকাৰী প্ৰাণী

এটা ফুটুকীয়া চালামেণ্ডাৰ
এটা ফুটুকীয়া চালামেণ্ডাৰছবি: Camazine at English Wikipedia) (Scott Camazine web.mac.com/camazine) · CC BY-SA 3.0

এক গৱেষণাত প্ৰমাণিত হৈছে যে, ফুটুকীয়া ফুটুকী জেঠী ( বৈজ্ঞানিক নাম Ambystoma maculatum) নামৰ সৰীসৃপ প্ৰাণীবিধৰ দেহত পত্ৰহৰিৎযুক্ত শেলাই পোৱা গৈছে আৰু সেয়েহে ইয়াক এতিয়ালৈকে জনা প্ৰথম সালোক সংশ্লেষণকাৰী শেলাই বহনকাৰী মেৰুদণ্ডী প্ৰাণী বুলি অভিহিত কৰা হৈছে। এই আৱিষ্কাৰ ৩০ জুলাই, ২০১০ চনৰ Nature পত্ৰিকাত প্ৰকাশিত হৈছে।১

ইয়াৰ ওপৰত হোৱা গৱেষণা

ডেলহাউচি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰায়ান কাৰ্ণি আৰু তেওঁৰ সতীৰ্থসকলে কেইবাবিধো চালামেণ্ডাৰৰ ভ্ৰূণৰ ওপৰত এক পৰীক্ষা চলাইছিল। এই পৰীক্ষাত এওলোকে সেই বিশেষ চালামেণ্ডাৰবিধৰ ভ্ৰূণৰ কিছুমান কোষৰপৰা এক বিশেষ ধৰণৰ সেউজীয়া আভা বিকিৰিত হোৱা দেখিবলৈ পালে। তাৰপৰাই তেওঁলোক প্ৰথমবাৰৰ বাবে ইয়াত পত্ৰহৰিৎ থকাৰ প্ৰমাণ পালে। এই পত্ৰহৰিতেই সূৰ্য্যৰ পোহৰ শোষণ কৰি সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা গ্লুক’জ প্ৰস্তুত কৰে। তেওঁলোকৰ মতে এই জীৱবিধৰ ভ্ৰূণৰ সালোকসংশ্লেষণকাৰী এবিধ শেলাইৰ লগত যথেষ্ট মিল আছে। তেওঁলোকে পিছত এটা ঠিক প্ৰষ্ফুটিত হোৱাৰ আগৰ সময়ৰ ভ্ৰণৰ Transmission Electron Microscopy ৰ দ্বাৰা ছবি লৈ এই মন্তব্যত উপনীত হয়।

পৰিঘটনাটো প্ৰকৃততে

বিজ্ঞানীৰ দলটোৱে প্ৰকৃততে সেই ভ্ৰণসমূহত শেলাইবিধ আৰু চালামেণ্ডাৰৰ মাইট’কন্দ্ৰিয়াই সহাৱস্থান কৰি থকা বুলিহে কৈছে। ইয়াৰদ্বাৰা দুয়ো দুয়োৰে পৰা লাভবান হৈছে। কিন্তু এনেকৈ এবিধ জীৱৰ কলাসমূহৰ মাজত এবিধ উদ্ভিদে সহাবস্থান কৰি থকাটো অসম্ভৱ। কাৰণ যিকোনো প্ৰাণীত প্ৰতিৰক্ষা কৰিবলৈ থকা কলাসমূহে দেহত সোমোৱা যিকোনো বাহ্যিক পদাৰ্থকে দেহত সোমোৱাত বাধা প্ৰদান কৰে আৰু দেহক সুৰক্ষিত কৰি ৰাখে। যদিহে সুৰক্ষাপ্ৰণালীৰ বাধা অতিক্ৰমি দেহত সেইসমূহ পদাৰ্থ প্ৰৱেশ কৰে, জীৱটোৰ দেহ আক্ৰান্ত হ’ব নাইবা জীৱটোৰ মৃত্যু হ’ব। বিজ্ঞানীসকলে এটি মাতৃ চালামেণ্ডাৰৰ জৰায়ুৰ পৰা দেহলৈ সংযোজিত নলীৰ বেৰতো এই পদাৰ্থসমূহ প্ৰত্যক্ষ কৰিছে। ইয়াৰ অৰ্থ এয়াই যে মাতৃৰ পৰা ভ্ৰূণলৈ এই পদাৰ্থবোৰ গৈছে অথাৎ সেইটো কোনো আক্ৰান্ত ভ্ৰুণ নহয়। কিন্তু এই সহাৱস্থানক লৈ এতিয়াও দ্বিমত নথকা নহয়।১

তথ্য সংগ্ৰহ

  • Database entry includes a range map and a brief justification of why this species is of least concern.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "A solar salamander"

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুটুকী জেঠী” প্ৰবন্ধৰ সংশোধন ৩৮১৯০৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।