বৃহৎ মালয় কেৰ্কেটুৱা ('Malayan giant squirrel,'Ratufa bicolor)) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দেখা পোৱা এবিধ কেৰ্কেটুৱাৰ প্ৰজাতি৷ এই কেৰ্কেটুৱাবিধ বাংলাদেশ, নেপাল, ভূটান, চীন, ম্যানমাৰ, লাওছ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু পশ্চিম ইণ্ডোনেছিয়ালৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷১
বিৱৰণ
, India]]
বৃহৎ মালয় কেৰ্কেটুৱাৰ মূৰ আৰু নেজৰ নোমবোৰ গাঢ়-মুগা বৰণীয়া৷ ঠেঙৰ আগবোৰত হালধীয়া বৰণ দেখা যায়৷ ইয়াৰ নেজ দীঘল আৰু জোপোহা৷অন্য বহুতো কেৰ্কেটুৱাৰ দৰে ইহঁতৰ নেজৰ আগটো ওপৰলৈ ঘোৰ খাই নাথাকে৷ তাৰ সলনি ইয়াৰ নেজডাল পিছফালে তললৈ পৰিহে থাকে৷ অন্য কেৰ্কেটুৱাৰ দৰে ইহঁতৰ মতা আৰু মাইকী কেৰ্কেটুৱাৰ মাজত বাহ্যিক কোনো পাৰ্থক্যও নাই৷ ই কেৰ্কেটুৱাৰ প্ৰজাতিবোৰৰ ভিতৰত আটাইতকৈ বৃহৎ প্ৰজাতিসমূহৰ এটা৷ ২
বাসস্থান
এই কেৰ্কেটুৱাবিধ নেপালৰ পৰা ভিয়েটনামলৈকে বহুলভাৱে বিয়পি আছে৷১ অসমত ইয়াক প্ৰধানকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, হোলোঙাপাৰ গিবন অভয়াৰণ্য আদি বনাঞ্চলত পোৱা যায়৷ ৩
বৃহৎ মালয় কেৰ্কেটুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ঘন অৰ্ধ চিৰসেউজীয়া, চিৰসেউজীয়া আৰু পৰ্ণপাতী অৰণ্যৰ গছত বাস কৰে (arboreal)৷ গতিকে ধ্বংসপ্ৰায় অৰণ্যত ইহঁত বিৰল৷ এই কেৰ্কেটুৱাবিধ প্ৰধানকৈ সাগৰ পৃষ্ঠৰ পৰা ১৯০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতাৰ অৰণ্যত পোৱা যায়৷১
আচৰণ
ই প্ৰধানকৈ দিনৰ ভাগত সক্ৰিয়৷১ এই কেৰ্কেটুৱা বিধে ওখ গছৰ ডালত পাত আৰু ঠাৰিৰে বাহ সাজে৷ বৃহৎ মালয় কেৰ্কেটুৱাই প্ৰায়েই অকলশৰীয়াকৈ চৰে আৰু ফল-মূল, পাত আৰু ডাল আদি খাই জীয়াই থাকে৷ এই প্ৰক্ৰিয়াৰে কেৰ্কেটুৱাবিধে গছৰ বীজৰ বিতৰণ (seed dispersal)ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইহঁতৰ জীৱনকাল ওঠৰ বছৰ পৰ্য্যন্ত হ’ব পাৰে বুলি জনা যায়৷৪
বৃহৎ মালয় কেৰ্কেটুৱাৰ প্ৰজননৰ সময় মাৰ্চৰ পৰা এপ্ৰিল আৰু জুলাইৰ পৰা আগষ্ট মাহলৈকে৷ মাইকী কেৰ্কেটুৱাই বছৰত দুয়োবাৰে গৰ্ভধাৰণ কৰিব পাৰে আৰু গৰ্ভধাৰণৰ সময় ২৮ ৰ পৰা ৩৫ দিন পৰ্য্যন্ত৷ ইহঁতে এবাৰত এটা বা দুটা পোৱালিৰ জন্ম দিয়ে৷ পোৱালি কেৰ্কেটুৱাক মাকে পাঁচসপ্তাহ মানলৈ যত্ন লয়৷ মতা কেৰ্কেটুৱাই পোৱালিৰ কোনো যত্ন লোৱা দেখা নাযায়৷৫
, অৰুণাচল প্ৰদেশ, ভাৰত]]
শ্ৰেণীবিভাজন
বৃহৎ মালয় কেৰ্কেটুৱাৰ বৰ্তমানলৈকে দহবিধ উপপ্ৰজাতি চিনাক্ত হৈছে৷২
| +Ratufa bicolortaxonomy | Subspecies | Authority | Synonyms |
| R. b. bicolor | Sparrman (1778) | albiceps, baliensis, humeralis, javensis, leschnaultii, major, sondaica | |
| R. b. condorensis | Kloss (1920) | none | |
| R. b. felli | Thomas and Wroughton (1916) | none | |
| R. b. gigantea | McClelland (1839) | lutrina, macruroides | |
| R. b. hainana | J. A. Allen (1906) | stigmosa | |
| R. b. leucogenys | Kloss (1916) | sinus | |
| R. b. melanopepla | Miller (1900) | anambae, angusticeps, dicolorata, fretensis, penangensis, peninsulae, tiomanensis | |
| R. b. palliata | Miller (1902) | batuana, laenata | |
| R. b. phaeopepla | Miller (1913) | celaenopepla, marana | |
| R. b. smithi | Robinson and Kloss (1922) | none |
সংৰক্ষণ
বৃহৎ মালয় কেৰ্কেটুৱাক আই ইউ চি এনৰ ৰঙা তালিকাত ’সংকটাসন্ন’ (Near Threatened) বুলি চিহ্নিত কৰা হৈছে৷ বনাঞ্চল ধ্বংস আৰু বন্য মাংসৰ বাবে চিকাৰ এই কেৰ্কেটুৱাৰ জনসংখ্যা হ্ৰাসৰ মূল কাৰণ বুলি জনা যায়৷২
অন্যান্য উৎস
- Francis, Charles M., Priscilla Barrett. A field guide to the mammals of South-East Asia. London: New Holland, 2008., OCLC: 190967851.
- Lekhakun, Bunsong, Jeffrey A. McNeely. Mammals of Thailand. Bangkok: Association for the Conservation of Wildlife, 1977. OCLC: 3953763.
- Nowak, Ronald M. Walker’s mammals of the world. Baltimore: Johns Hopkins University Press, 1999., OCLC: 39045218. Chapter: "Sciuridae: squirrels, chipmunks, marmots, and prairie dogs" in volume two.
বাহ্যিক উৎস
- Black Giant Squirrel - Ecology Asia page about this species, with beautiful photos and description.
তথ্যসূত্ৰ
- ↑ Walston, J.; Duckworth, J. W.; Molur, S. (2008). Ratufa bicolor
- ↑ {Author1, Author2...}, (n.d.). Ratufa bicolor (Sparrman, 1778) . [online] India Biodiversity Portal,Species Page: {name of species field} Available at: indiabiodiversity.org/biodiv/species/show/238526 [Accessed date Oct 15, 2020]
- ↑ Menon, Vivek. (2009). Mammals of India. Princeton field guides. Princeton University Press. ISBN 978-0-691-14067-4
- ↑ www.mammalsofindia.org/#!/sp/460/Ratufa-bicolor
- ↑ animaldiversity.org/accounts/Ratufa_bicolor/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহৎ মালয় কেৰ্কেটুৱা” প্ৰবন্ধৰ সংশোধন ২৪৯৩৩৩ (১৫ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।