বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল (evolutionarily stable strategy) বা ESS হৈছে এক বিশেষ ধৰণৰ কৌশল অথবা কিছুমান কৌশলৰ সমষ্টি৷ যদি কোনো এটা পৰিৱেশত কোনো এটা জনসমষ্টিয়ে এই কৌশল অৱলম্বন কৰে, তেন্তে সেই জনসমষ্টিটো অভেদ্য হৈ পৰে৷ অৰ্থাৎ, আন বিকল্প কৌশলে (যি প্ৰথমাৱস্থাত বিৰল) এই জনসমষ্টিটোৰ ওপৰত আগ্ৰাসন চলাব নোৱাৰে৷ খেল তত্ত্ব, আচৰণগত পৰিস্থিতিবিজ্ঞান, আৰু বিৱৰ্তনীয় মনোবিজ্ঞানত এই কৌশল প্ৰাসংগিক৷ বিসুকৌ (বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল) হৈছে নাশ্ব সাম্যৱস্থাৰ এটা সাম্যৱস্থাগত পৰিশোধন৷ অৰ্থাৎ ই এটা নাশ্ব সাম্যৱস্থা, যি বিৱৰ্তনীয়ভাৱে সুস্থিৰ: যেতিয়া ই এটা জনসমষ্টিৰ মাজত স্থায়ী হৈ পৰে, তেতিয়া যিকোনোধৰণৰ বিকল্প (উৎপৰিৱৰ্তনীয়)ৰ কৌশলৰ আগ্ৰাসন মোকাবিলা কৰিবলৈ প্ৰাকৃতিক নিৰ্বাচনেই (natural selection) যথেষ্ট হৈ পৰে৷ ১৯৭২ চনত জন মেইনাৰ্ড স্মিথে তেওঁৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে এই বিশেষ পৰিভাষাটো প্ৰকাশ কৰে৷ ১ "বিসুকৌ"ক আচৰণগত পৰিস্থিতিবিজ্ঞান আৰু অৰ্থনীতিবিজ্ঞানত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ লগতে নৃতত্ববিজ্ঞান, বিৱৰ্তনীয় মনোবিজ্ঞান, দৰ্শন, আৰু ৰাজনীতিবিজ্ঞানতো ইয়াৰ ব্যৱহাৰ হৈছে৷
চৰ্তসমূহ
ধৰি লওক ⟨N⟩ প্ৰকাৰৰ খেলুৱৈ আছে, আৰু প্ৰত্যেকে কোনো কৌশল ⟨p(i) \in \delta _n⟩ চয়ন কৰিছে। কোনো এজন ⟨p(i)⟩ খেলা খেলুৱৈৰ আন ⟨p(j)⟩খেলা খেলুৱৈৰ বিৰুদ্ধে গড় উপযোগিতাঢ়'ল ⟨u_{ij} = p(i) \cdot Ap(j)⟩, য'ত ⟨A⟩ হ'ল উপযোগিতাৰ মৌলকক্ষ। কোনো কৌশল ⟨\hat p⟩ অনন্তস্পৰ্শীভাৱে সুস্থিৰ যদিহে তলত দিয়া দুই চৰ্ত পূৰ্ণ হয়২:
১। সাম্যাৱস্থাৰ চৰ্ত: ⟨p \cdot A \hat p \leq \hat p \cdot A \hat p⟩। এই চৰ্তৰ মতে, ⟨\hat p⟩ এক নাশ্ব সাম্যাৱস্থা। গৃহস্থৰ বিৰুদ্ধে কোনো আক্ৰান্তাই গৃহস্থতকৈ ভাল প্ৰদৰ্শন কৰিব নোৱাৰে।
২। সুস্থিৰতাৰ চৰ্ত: ⟨p \cdot A \hat p = \hat p \cdot A \hat p \Rightarrow p \cdot A p < \hat p \cdot A p⟩। এই চৰ্তৰ মতে, যদি গৃহস্থৰ বিৰুদ্ধে আক্ৰান্তাই গৃহস্থৰ সমানেই ভাল প্ৰদৰ্শন কৰে, তেন্তে, আক্ৰান্তাৰ বিৰুদ্ধে গৃহস্থই আক্ৰান্তাতকৈ ভাল প্ৰদৰ্শন কৰিব।
তথ্যসূত্ৰ
- ↑ Maynard Smith, J. (1972). On Evolution. Edinburgh University Press. ISBN 0-85224-223-9
- ↑ homepage.univie.ac.at/Karl.Sigmund/psapm573.pdf
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল” প্ৰবন্ধৰ সংশোধন ২৯৮৬৮৪ (১৮ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।