অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শালিকা ঠুঁটীয়া সাপ

শালিকা ঠুঁটীয়া সাপ (oriental whipsnake,বৈজ্ঞানিক নাম-Ahaetulla prasina) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা গছ-সাপ (tree snake)ৰ প্ৰজাতি৷

হালনাগাদ: ৭ অক্টোবৰ ২০২১ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

শালিকা ঠুঁটীয়া সাপ (oriental whipsnake,বৈজ্ঞানিক নাম-Ahaetulla prasina) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা গছ-সাপ (tree snake)ৰ প্ৰজাতি৷

বিৱৰণ

পূৰ্ণবয়স্ক শালিকা ঠুঁটীয়া সাপৰ দৈৰ্ঘ্য ১.৮ মিটাৰ ৷১ ইয়াৰ দেহৰ ৰং উজ্জল সেউজীয়া বা মুগা-মটিয়া৷ লগতে তলৰফালে এডাল দীঘলীয়া হালধীয়া আঁচ আছে৷ ২

টেক্স'নমি

শালিকা ঠুঁটীয়া সাপৰ বৰ্তমানলৈকে চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ এইবোৰ হ'ল-

  • Ahaetulla prasina medioxima Lazell, ২০০২
  • Ahaetulla prasina preocularis (Taylor, ১৯২২): ফিলিপাইনছ
  • Ahaetulla prasina prasina (Boie, ১৮২৭)
  • Ahaetulla prasina suluensis Gaulke, ১৯৯৪: ফিলিপাইনছ

বিতৰণ

ভাৰত, বাংলাদেশ, ভূটান, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওছ, ভিয়েটনাম, চীন, মালয়েছিয়া, ছিংগাপুৰ আৰু ইণ্ডোনেছিয়া আদি দেশত এই সাপবিধ দেখা পোৱা যায়৷ ভাৰতবৰ্ষত ছিকইম, অসম, আৰু অৰুণাচল প্ৰদেশত শালিকা ঠুঁটীয়া সাপ বিস্তৃত হৈ আছে৷

আচৰণ

খাদ্য

শালিকা ঠুঁটীয়া সাপে সাধাৰণতে সৰু আকাৰৰ সৰীসৃপ, উভচৰ প্ৰাণী খাই জীয়াই থাকে৷

তথ্যসূত্ৰ

  • Boulenger, G.A. 1897 List of the reptiles and batrachians collected by Mr. Alfred Everett in Lombok, Flores, Sumba and Saru, with descriptions of new species.Ann. Mag. Nat. Hist. (6) 19: 503-509
  • Shaw, G. 1802 General Zoology, or Systematic Natural History. Vol.3, part 1 + 2. G. Kearsley, Thomas Davison, London: 313-615

তথ্যসূত্ৰ

  1. ↑ Boulenger, G.A. 1896. Catalogue of the Snakes in the British Museum (Natural History), Volume III. London
  2. ↑ Boulenger, G.A. 1890. Fauna of British India. Reptilia and Batrachia. British Museum. London. p. 369

সম্পৰ্কিত শ্ৰেণী

সাপজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালিকা ঠুঁটীয়া সাপ” প্ৰবন্ধৰ সংশোধন ৩০৩২৬৭ (৭ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।