পানী বগলী১ (Intermediate Egret বা Median Egret,২ বা Smaller Egret৩বা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷
বিৱৰণ
পানীবগলীৰ দেহৰ আকাৰ বৰ বগ আৰু বামুণ বগলীৰ আকাৰৰ মাজৰ অৰ্থাৎ মধ্যমীয়া হয়। ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫৬-৭২ ছে: মি: আৰু ওজন প্ৰায় ৪০০ গ্ৰাম হোৱা দেখা যায়। ৪। ইয়াৰ দেহটো বগা ঢকঢকীয়া, ঠেং গাঢ় আৰু ঠোঁট হালধীয়া হয়। প্ৰজননৰ কালত পূৰ্ণবয়স্ক পানীবগলীৰ ঠোঁট ৰঙচুৱা হয়। মতা-মাইকী উভয়ে দেখাত একে হয়।
বৰ বগৰ সৈতে পাৰ্থক্য
আৰু পানীবগলীৰ পাৰ্থক্য]]

প্ৰজনন নোহোৱা কালত আকাৰৰ বাহিৰে দুয়োবিধ প্ৰজাতিৰ বিশেষ পাৰ্থক্য দেখা পোৱা নাযায়। অৱশ্যে পানীবগলীৰ ডিঙি আৰু ঠোঁট কিছু চুটি হয়। সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে বৰ বগৰ ঠোঁটৰ মাজত থকা নোমবিহীন আঁচডাল চকুৰ পিছলৈকে থাকে, কিন্তু পানীবগলীৰ এই আঁচডাল চকুৰ তলতে শেষ হয়। পানীবগলীয়ে ডিঙি মেলি খাদ্যৰ বাবে জোপ লৈ থাকে। বৰ বগ ইয়াতকৈ অধিক ধৈৰ্যশীল আৰু ই প্ৰায়ে একাষে মুৰ কৰি এটা চকুৰে চোৱাৰ দৰে কৰি জোপ লয়।
বামুণ বগলীৰ সৈতে পাৰ্থক্য
বামুণ বগলীৰ ঠেং হালধীয়া আৰু ঠোঁট ক'লা বৰণৰ হোৱা দেখা যায়। প্ৰজনন কালত ইহঁতৰ মূৰৰ পৰা বিশেষ ধৰণৰ পাখি ওলায় যিটো পানী বগলীৰ ক্ষেত্ৰত দেখা নাযায়।
আচৰণ
খাদ্য
পানী বগলীয়ে সাধাৰণতে পানীৰ পৰা বিভিন্ন ধৰণৰ মাছ, পোক-পতংগ, কেকোঁৰা, ভেকুলী আদি চিকাৰ কৰি খায়৷ ই প্ৰায়ে জোপ লৈ থাকি অগভীৰ পানীত খাদ্যৰ সন্ধান কৰা দেখা পোৱা যায়৷
প্ৰজনন
পানী বগলীয়ে প্ৰায়ে আন জলচৰ চৰাইৰ স'তে বৃহৎ ক'লনী গঠন কৰি বাস কৰে৷ ই গছৰ ডালি-পাত আদিৰে বাহ সাজে৷ এবাৰত ই ২-৫ টাকৈ কণী পাৰে৷
লগতে চাওক
- Birds of The Gambia by Barlow, Wacher and Disley, ISBN 1-873403-32-1
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
বাহ্যিক সংযোগ
- (Intermediate Egret = ) Yellow-billed Egret - Species text in The Atlas of Southern African Birds
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Grewal, Bikram. (2002). Photographic guide to birds of India. Periplus editions
- ↑ Ali, S. (1993). The Book of Indian Birds. Bombay Natural History Society. ISBN 0-19-563731-3
- ↑ del Hoyo,J., Elliott, A. and Sargatal, J.(1992) Handbook of the Birds of the World. Volume 1: Ostrich to Ducks. Lynx Edicions, Barcelona
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী বগলী” প্ৰবন্ধৰ সংশোধন ৫৪০৬৬২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।