অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফুলটোকা চৰাই

ফুলটোকা চৰাই (Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ফুলটোকা চৰাই (Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।

বিৱৰণ

ফুলটোকা চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯ ছে:মি: হোৱা দেখা যায়। ছুটি নেজেৰে সৈতে ই এবিধ সৰু আকাৰৰ চৰাই। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত বেলেগ বেলগ হয়। . মতা ফুলটোকা চৰাই চৰাইৰ পিঠি অংশ নীলা আৰু ইয়াৰ মাজেৰে এডাল উজ্জ্বল ৰঙা আঁচ মূৰৰ পৰা নেজলৈকে বৈ গৈছে। মাইকী আৰু পোৱালি ফুলটোকা চৰাইৰ দেহৰ বৰণ সাধাৰণতে জলফাই সেউজীয়া বৰণৰ হয়। ইয়াৰ নেজ ক'লা আৰু নেজ অংশ ৰঙা বৰণীয়া হোৱা দেখা যায়। মতা-মাইকী উভয়ৰে পেট অংশ বগা বৰণীয়া, চকু ক'লা আৰু ঠোঁট গাঢ় মুগা হয়। পোৱালি ফুলটোকা চৰাইৰ দেহৰ বাহ্যিক গঠন মাইকীজনীৰদৰেই হয়, কেৱল ইয়াৰ ঠোঁট কমলা বৰণীয়া হোৱা দেখা যায়। ১

বিতৰণ

এই চৰাইবিধ বংলাদেশ, ভূটান, ব্ৰণেই, কম্বোডিয়া, চীণ, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে।

বাসস্থান

ফুলটোকা চৰাই সাগৰ পৃষ্ঠৰ পৰা ১০০০ মিটাৰ উচ্চতাত ক্ৰান্তীয় সেমেকা বনাঞ্চল (tropical moist lowland forests)আৰু উদ্যানসমূহত দেখা পোৱা যায়। I২

আচৰণ

খাদ্য

এই চৰাইবিধে প্ৰধানকৈ Ficus fistulosa, F. grossularoides৩,Syzygium jambos আদি গছৰ গুটি খোৱা দেখা যায়।

প্ৰজনন

ফুলটোকা চৰায়ে গছৰ ডালৰ পৰা ওলমি থকা মোনাৰ দৰে বাহ সাজে। বাহটোৰ একাষে সোমোৱা বাট থাকে। ৪

তথ্যসূত্ৰ

মতা ফুলটোকা চৰাই
মতা ফুলটোকা চৰাইছবি: Doug Janson · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ Brazil, Mark. (2009). Birds of East Asia. A&C Black. পৃ. 444. ISBN 0-7136-7040-1
  2. ↑ S. SIVAKUMAR, JEEJO VARGHESE and VIBHU PRAKASH. (2006). Abundance of birds in different habitats in Buxa Tiger Reserve, West Bengal, Indi. Forktail. পৃ. 128–33
  3. ↑ Peh, Kelvin S.-H. (2003). Seed dispersal agents of two Ficus species in a disturbed tropical forest. Ornithological Science. পৃ. 119–25
  4. ↑ Strange, Morten. (2000). Photographic Guide to the Birds of Southeast Asia. Periplus. পৃ. 365. ISBN 962-593-403-0

সম্পৰ্কিত শ্ৰেণী

শালিকাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলটোকা চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৬৯৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।