ছিছোদিয়া বংশ
৩১ প্ৰবন্ধ
-
ছিছোদিয়া বংশ
ছিছোদিয়া বংশ ভাৰতৰ ৰাজস্থানৰ মেৱাৰ অঞ্চলৰ মেৱাৰ ৰাজ্যত শাসন কৰা বংশৰ অন্তৰ্গত এটা ৰাজপুত বংশ। ছিছোদিয়াসকল গুহিলা বংশৰ এটা শাখা আৰু তেওঁলোকে নিজকে সূৰ্যবংশ (সৌৰ বংশ)ৰ বংশধৰ বুলি দাবী কৰে।
-
সংগ্ৰাম সিংহ (প্ৰথম)
প্ৰথম সংগ্ৰাম সিংহ(১২ এপ্ৰিল ১৪৮২ – ৩০ জানুৱাৰী ১৫২৮), বেছিকৈ ৰাণা ছাংগা নামেৰে পৰিচিত, ১৫০৯ চনৰ ২৪ মে'ৰ পৰা ১৫২৮ চনত তেওঁৰ মৃত্যুৰ আগলৈকে মেৱাৰৰ মহাৰাণা আছিল।
-
ভীম সিংহ
মহাৰাণা ভীম সিংহ (১০ মাৰ্চ ১৭৬৮ – ৩০ মাৰ্চ ১৮২৮) মেৱাৰ ৰাজ্যৰ ২৬ সংখ্যক ছিছোদিয়া ৰাজপুত শাসক (ৰাজত্ব ১৭৭৮–১৮২৮) আছিল, যি উদয়পুৰ ৰাজ্যৰ প্ৰথম মহাৰাণা হৈছিল। তেওঁ দ্বিতীয় মহাৰাণা আৰি সিংহৰ দ্বিতীয় পুত্ৰ আৰু পূৰ্বৰ মহাৰাণা হাম্মীৰ সিংহ দ্বিতীয়ৰ কনিষ্ঠ ভাতৃ আছিল।
-
দ্বিতীয় উদয় সিংহ
উদয় সিংহ দ্বিতীয়; (১৫২২ চনৰ ৪ আগষ্ট – ১৫৭২ চনৰ ২৮ ফেব্ৰুৱাৰী) ১৫৪০ চনৰ পৰা ১৫৭২ চনত তেওঁৰ মৃত্যুৰ আগলৈকে মেৱাৰ ৰাজ্যৰ দ্বাদশ মহাৰাণা আছিল। ভাৰতৰ বৰ্তমানৰ ৰাজস্থান ৰাজ্যৰ উদয়পুৰ চহৰৰ প্ৰতিষ্ঠাপক আছিল। ৰাণা ছাংগা আৰু বুণ্ডীৰ ৰাজকুমাৰী ৰাণী কৰ্ণাৱতীৰ চতুৰ্থ পুত্ৰ।
-
বিক্ৰমাদিত্য সিং
ৰাণা বিক্ৰমাদিত্য (১৫১৭–১৫৩৬) মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক, ৰাণা ছাংগাৰ কনিষ্ঠ পুত্ৰ আৰু দ্বিতীয় ৰাণা উদয় সিংহৰ জ্যেষ্ঠ ভাতৃ। মেৱাৰৰ সম্ভ্ৰান্ত লোকসকলৰ মাজত তেওঁৰ জনপ্ৰিয়তা নাছিল। মীৰাবাঈক অসংখ্যবাৰ বিফল হত্যাৰ চেষ্টা কৰাৰ বাবেও তেওঁ কুখ্যাত আছিল।
-
ৰতন সিং
ৰতন সিং বা দ্বিতীয় ৰতন সিং তেওঁ ৰাণা ছাংগাৰ পুত্ৰ আছিল।(মৃত্যু ১৫৩১) ১৫২৮ চনৰ পৰা ১৫৩১ চনলৈকে মেৱাৰৰ মহাৰাণা আছিল। ১৫৩১ চনত যুদ্ধৰ সময়ত তেওঁৰ মৃত্যু হয়। তেওঁৰ পিছত তেওঁৰ ভাতৃ বিক্ৰমাদিত্য সিং ৰাজপাটত বহে।
-
জয় সিংহ
মহাৰাণা জয় সিংহ (৫ ডিচেম্বৰ ১৬৫৩ – ২৩ ছেপ্টেম্বৰ ১৬৯৮), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া ৰাজপুত মহাৰাণা আছিল, তেওঁ ১৬৮০ চনৰ পৰা ১৬৯৮ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁ আছিল প্ৰথম মহাৰাণা ৰাজ সিংহৰ জ্যেষ্ঠ পুত্ৰ। জয় সিংহ মোগল সম্ৰাট ঔৰংজেবৰ বিৰুদ্ধে সামৰিক সংঘাতৰ লগত জড়িত আছিল।
-
শম্ভূ সিংহ
এইচ এইচ মহাৰাণা ছাৰ শম্ভূ সিংহ জিচিএছআই (২২ ডিচেম্বৰ ১৮৪৭ – ৭ অক্টোবৰ ১৮৭৪), ১৮৬১ চনৰ পৰা ১৮৭৪ চনলৈকে উদয়পুৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল। তেওঁ বাগুৰৰ পুত্ৰ কুঁৱৰ শ্বেৰ সিং আৰু নিঃসন্তান মোমায়েক আৰু পূৰ্বপুৰুষ মহাৰাণা স্বৰূপ সিংহৰ ভাগিন আছিল।
-
স্বৰূপ সিংহ
মহাৰাণা স্বৰূপ সিংহ ( Maharana Swarup Singh) তেওঁ পৰিয়ালটোৰ বাগুৰ শাখাৰ মহাৰাজ শিৱদন সিঙৰ জৈৱিক পুত্ৰ আছিল যদিও তেওঁক ডাঙৰ ভাতৃ মহাৰাণা চৰ্দাৰ সিংহই দত্তক লৈছিল।
-
ৰাজ সিংহ
মহাৰাণা ৰাজ সিংহ প্ৰথম (২৪ ছেপ্টেম্বৰ ১৬২৯ – ২২ অক্টোবৰ ১৬৮০) মেৱাৰ ৰাজ্যৰ মহাৰাণা আছিল (ৰাজত্ব ১৬৫২–১৬৮০), তেওঁ মহাৰাণা জগত সিংহৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজি বহুতো মোগল ভূ-খণ্ড নিজৰ অধীনলৈ আনে। তেওঁ ৰাজপুত-মোগল যুদ্ধত (১৬৭৯–১৭০৭) অংশ লৈ মোগলক পৰাস্ত কৰে।
-
চৰ্দাৰ সিংহ
মহাৰাণা চৰ্দাৰ সিংহ (২৯ আগষ্ট ১৭৯৮ – ১৪ জুলাই ১৮৪২) আছিল মেৱাৰৰ ছিছোদিয়া ৰাজপুত শাসক(ৰাজ্য ১৮৩৮–১৮৪২)। তেওঁ দ্বিতীয় মহাৰাণা সংগ্ৰাম সিংহৰ প্ৰপৌত্ৰ আছিল, বাগুৰৰ মহাৰাজ নাথ সিংহৰ নাতি, বাগুৰৰ মহাৰাজ শিৱদন সিংহৰ পুত্ৰ যি "থিকানেদাৰ" আছিল। অৰ্থাৎ তেওঁলোকৰ পিতৃ ৰাজ্য মেৱাৰৰ অধীনত থকা বংশগত ফিফ।
-
জগত সিংহ দ্বিতীয়
মহাৰাণা জগত সিংহ দ্বিতীয় (১৭ ছেপ্টেম্বৰ ১৭০৯ – ৫ জুন ১৭৫১), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (ৰাজত্ব: ১৭৩৪ – ১৭৫১)। ভাতৃসকলৰ ভিতৰত তেওঁ জ্যেষ্ঠ হোৱাৰ বাবে মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়। তেওঁ নিজৰ ৰাজ্যত সৌভাগ্যৰে অতিবাহিত কৰিছিল।
-
জগত সিংহ প্ৰথম
মহাৰাণা জগত সিংহ প্ৰথম (১৬০৭ – ১০ এপ্ৰিল ১৬৫২), ছিছোদিয়া বংশৰ অন্তৰ্গত মেৱাৰ ৰাজ্যৰ ৰাণা (শাসক) আছিল। ১৬২৮ চনৰ পৰা ১৬৫২ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল।
-
দ্বিতীয় অৰি সিংহ
মহাৰাণা দ্বিতীয় অৰি সিংহ (২৭ জুলাই ১৭২৪ – ৯ মাৰ্চ ১৭৭৩ চনৰ পিছত) মেৱাৰ ৰাজ্যৰ মহাৰাণা আছিল। তেওঁ সিংহাসনত অধিষ্ঠিত হোৱাটো বিতৰ্কিত হৈ পৰিছিল কাৰণ তেওঁ তেওঁৰ ভতিজা আৰু পূৰ্বৰ মহাৰাণা ৰাজ সিংহ দ্বিতীয় (জন্ম ১৭৪৩, ৰাজত্ব ১৭৫৪–১৭৬১)ৰ একমাত্ৰ পুত্ৰ কুঁৱৰ ৰতন সিং (১৯)ক হত্যা কৰি ৰাজপাট নিষ্কণ্টক আৰু…
-
প্ৰথম উদয় সিংহ
উদয় সিং বা প্ৰথম উদয় সিংহ, যাক উদয়কৰণ বুলিও জনা যায়, মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল। মেৱাৰৰ সিংহাসন লাভ কৰিবলৈ তেওঁ ৰাণা কুম্ভৰ জ্যেষ্ঠ পুত্ৰক হত্যা কৰিছিল।
-
বনবীৰ সিং
বনবীৰ সিং (মৃত্যু ১৫৪০), যাক ৱনবীৰ বুলিও কোৱা হয়, ১৫৩৬ চনৰ পৰা ১৫৪০ চনৰ ভিতৰত মেৱাৰৰ শাসক আছিল। ডাঙৰ ভাতৃ পৃথ্বীৰাজ আৰু উপপত্নীৰ ঘৰত জন্মগ্ৰহণ কৰা ৰাণা সংগ্ৰাম সিংহৰ ভতিজা। ১৫২৮ চনত ছাংগাৰ মৃত্যুৰ পিছত আৰম্ভ হোৱা ৰাজ্যখনৰ ৰাজনৈতিক অস্থিৰতাৰ যুগত বনবীৰ, মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়।
-
ভোজ ৰাজ
ভোজ ৰাজ সিং ছিছ’দিয়া (প্ৰায় ১৪৯৫–১৫২৬) পশ্চিম ভাৰতৰ মেৱাৰৰ শাসক ৰাণা ছাংগাৰ জ্যেষ্ঠ পুত্ৰ। তেওঁক বেছিকৈ প্ৰখ্যাত ভক্তি কবি-সাধু মীৰাবাঈৰ স্বামী হিচাপে জনা যায়।
-
সজ্জন সিংহ
কৰ্ণেল এইচ এইচ মহাৰাজাধিৰাজ মহাৰাণা ছাৰ সজ্জন সিংহ জি চি এছ আই(১৮ জুলাই ১৮৫৯ – ২৩ ডিচেম্বৰ ১৮৮৪), উদয়পুৰ ৰাজকুমাৰী ৰাজ্যৰ ছিছোদিয়া ৰাজপুত শাসক আছিল (মৃত্যু ১৮৭৪ – ১৮৮৪)।
-
ৰাণা ক্ষেত্ৰ সিংহ
ৰাণা ক্ষেত্ৰ সিংহ (ৰাজত্ব ১৩৬৪–১৩৮২), মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। তেওঁ পিতৃ আৰু পূৰ্বপুৰুষ ৰাণা হাম্মিৰ সিঙৰ জ্যেষ্ঠ পুত্ৰ ছিছোদিয়াৰ পূৰ্বপুৰুষ আছিল। তেওঁৰ ৰাজত্ব কালত তেওঁ আজমেৰ আৰু মণ্ডলগড়ৰ ভূখণ্ড দখল কৰে।
-
অমৰ সিংহ দ্বিতীয়
মহাৰাণা অমৰ সিংহ দ্বিতীয় (৩ অক্টোবৰ ১৬৭২ – ১০ ডিচেম্বৰ ১৭১০) ১৬৯৮ চনৰপৰা ১৭১০ চনলৈকে মেৱাৰ ৰাজ্যৰ মহাৰাণা আছিল। তেওঁ তেওঁৰ পিতৃ মেৱাৰৰ মহাৰাণা জয় সিংহৰ জ্যেষ্ঠ পুত্ৰ।
-
কৰণ সিংহ দ্বিতীয়
মহাৰাণা কৰণ সিংহ দ্বিতীয়(৭ জানুৱাৰী ১৫৮৪ – মাৰ্চ ১৬২৮) মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত ৰাণা (শাসক) আছিল (ৰাজত্ব ১৬২০ – ১৬২৮)। তেওঁ প্ৰথম মহাৰাণা অমৰ সিংহৰ জ্যেষ্ঠ পুত্ৰ আৰু মহাৰাণা প্ৰতাপৰ নাতি। তেওঁৰ পিছত তেওঁৰ পুত্ৰ জগত সিংহ প্ৰথম।
-
জৱান সিংহ
মহাৰাণা জৱান সিংহ (২ জুলাই ১৮০০ – ৩০ আগষ্ট ১৮৩৮) উদয়পুৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক (ৰাজত্ব: ১৮২৮–১৮৩৮) আছিল। মহাৰাণা ভীম সিংহৰ একমাত্ৰ পুত্ৰ যিয়ে পিতৃৰ পিছত তেওঁ ৰাণা হৈছিল। তেওঁ কবি আছিল আৰু "ব্ৰিজৰাজ" ছদ্ম নামেৰেও জনাজাত আছিল।
-
দ্বিতীয় সংগ্ৰাম সিংহ
মহাৰাণা সংগ্ৰাম সিং দ্বিতীয় (২৪ মাৰ্চ ১৬৯০ – ১১ জানুৱাৰী ১৭৩৪) আছিল মেৱাৰ ৰাজ্যৰ ছিছোদিয়া ৰাজপুত শাসক। ১৭১০ চনৰ পৰা ১৭৩৪ চনলৈকে তেওঁ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ জগত সিংহ দ্বিতীয়। মহাৰাণা সংগ্ৰাম সিং দ্বিতীয় তেওঁৰ সময়ৰ এজন বিখ্যাত ৰাজনৈতিক ব্যক্তি আছিল।
-
প্ৰতাপ সিংহ দ্বিতীয়
মহাৰাণাপ্ৰতাপ সিংহ দ্বিতীয় (২৭ জুলাই ১৭২৪ – ১০ জানুৱাৰী ১৭৫৪) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল। ৰাজত্ব কাল আছিল ১৭৫১ চনৰ পৰা ১৭৫৪ চনলৈকে। তেওঁৰ চুটি ৰাজত্বকালত ৰাজপুতনাৰ মেৱাৰৰ ছিছোদিয়া বংশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক দুয়োটা দিশতে অৱনতি ঘটিছিল।
-
লখা সিংহ
ৰাণা লখা সিংহ (ৰাজত্ব ১৩৮২–১৪২১) মধ্যযুগীয় ভাৰতৰ মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। ৰাণা ক্ষেত্ৰ সিংহৰ পুত্ৰ তেওঁ ১৩৮২ চনৰ পৰা ১৪২১ চনত মৃত্যুৰ আগলৈকে মেৱাৰত শাসন কৰিছিল। লখাই কেইবাবাৰো বিবাহপাশত আবদ্ধ হৈছিল আৰু কমেও আঠজন পুত্ৰ সন্তান আছিল।
-
হাম্মীৰ সিংহ দ্বিতীয়
মহাৰাণা হাম্মীৰ সিংহ দ্বিতীয় (১৭৬২ – ৬ জানুৱাৰী ১৭৭৮) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (মৃত্যু ১৭৭২–১৭৭৮)। তেওঁ আছিল মহাৰাণা দ্বিতীয় অৰি সিংহৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ ১৬ বছৰ বয়সত নিজ হাতত ৰাইফল ফাটি মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ কনিষ্ঠ ভাতৃ ভীম সিংহ মেৱাৰৰ পৰৱৰ্তী মহাৰাণা হৈ পৰে।
-
ৰাণা কুম্ভ সিংহ
কুম্ভ কৰণ সিংহ ( Kumbhakarṇa Siṃha) (১৪১৭–১৪৬৮) বা জনপ্ৰিয়ভাৱে মহাৰাণা কুম্ভ সিংহ নামেৰে পৰিচিত, মধ্যযুগীয় ভাৰতৰ মেৱাৰ ৰাজ্যৰ শাসক আছিল। তেওঁ ছিছোদিয়া বংশৰ আছিল যিটো গুহিলা ৰাজপুতৰ এটা উপ শাখা। তেওঁৰ ৰাজত্বকালতেই মেৱাৰ উত্তৰ ভাৰতৰ অন্যতম শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে পৰিগণিত হয়।
-
ৰাণা ভূপাল সিংহ
শ্ৰী মহাৰাণা ছাৰ ভূপাল সিংহ বাহাদুৰ কে চি আই ই (১৮৮৪ – ৪ জুলাই ১৯৫৫), ভোপাল সিং বুলিও বানান কৰা হয়, ১৯৩০ চনৰ পৰা ভাৰতৰ ৰাজকীয় ৰাজ্য উদয়পুৰ (বা মেৱাৰ)ৰ শাসক আৰু ১৯৪৮ চনৰ পৰা ১৯৫৫ চনৰ ৪ জুলাইত মৃত্যুৰ আগলৈকে ৰাজস্থানৰ ৰাজপ্ৰমুখো আছিল।
-
ৰাণা হাম্মীৰ সিংহ
মহাৰাণা হাম্মীৰ সিংহ (১৩০২–১৩৬৪), বা হাম্মিৰা, ভাৰতৰ বৰ্তমানৰ ৰাজস্থানৰ মেৱাৰৰ চতুৰ্দশ শতিকাৰ শাসক। হাম্মীৰ সিংহ, গুহিলা বংশৰ পৰা সৃষ্ট ৰাণা শাখাৰ বংশধৰ আছিল, যিয়ে অঞ্চলটোৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিছিল, তুঘলক বংশক পৰাস্ত কৰি পুনৰ বংশটো প্ৰতিষ্ঠা কৰিছিল, আৰু দিল্লীৰ মুছলমান বাহিনীৰ পৰা বৰ্তমানৰ…
-
ৰায়মল সিংহ
ৰাণা ৰায়মল সিংহ, যাক ৰাণা ৰায়মল বুলিও জনা যায়, (মৃত্যু ১৪৭৩–১৫০৯) মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। ৰাণা ৰাইমল ৰাণা কুম্ভৰ কনিষ্ঠ পুত্ৰ আৰু তেওঁৰ পূৰ্বৰ ৰাণা প্ৰথম উদয় সিংহৰ কনিষ্ঠ ভাতৃ আৰু ৰাণা ছাংগাৰ পিতৃ।