অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভোজ ৰাজ

ভোজ ৰাজ সিং ছিছ’দিয়া (প্ৰায় ১৪৯৫–১৫২৬) পশ্চিম ভাৰতৰ মেৱাৰৰ শাসক ৰাণা ছাংগাৰ জ্যেষ্ঠ পুত্ৰ। তেওঁক বেছিকৈ প্ৰখ্যাত ভক্তি কবি-সাধু মীৰাবাঈৰ স্বামী হিচাপে জনা যায়।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ভোজ ৰাজ সিং ছিছ’দিয়া (প্ৰায় ১৪৯৫–১৫২৬) পশ্চিম ভাৰতৰ মেৱাৰৰ শাসক ৰাণা ছাংগাৰ জ্যেষ্ঠ পুত্ৰ। তেওঁক বেছিকৈ প্ৰখ্যাত ভক্তি কবি-সাধু মীৰাবাঈৰ স্বামী হিচাপে জনা যায়।

জীৱনী

মেৱাৰৰ প্ৰথম মহাৰাণা সংগ্ৰাম সিংহ (ৰাণা সংগ)ৰ সাত পুত্ৰৰ ভিতৰত জ্যেষ্ঠ হিচাপে ভোজৰাজ সিংহৰ জন্ম হৈছিল। এইদৰে তেওঁ মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী আছিল যদিও পিতৃৰ পূৰ্বে আৰু পুৰুষ উত্তৰাধিকাৰী নোহোৱাকৈয়ে মৃত্যুবৰণ কৰিছিল। তেওঁৰ পিতৃ ৰাজপুতৰ চিছোদিয়া বংশৰ মুৰব্বী আছিল। তেওঁৰ মাতৃ কানৱাৰ বাই ৰাজপুতৰ সোলংকি বংশত জন্মগ্ৰহণ কৰিছিল আৰু ৰাণা ছাংগাৰ পত্নীসকলৰ ভিতৰত সকলোতকৈ জ্যেষ্ঠ্য পত্নী আছিল।১

সেই সময়ৰ পৰম্পৰা অনুসৰি ১৫১৬ চনত বিবাহ সম্পন্ন হোৱাৰ সময়ত ভোজৰাজ আৰু তেওঁৰ কইনা দুয়ো সম্ভৱতঃ বয়স কিশোৰ বয়সৰ আছিল। তেওঁৰ কইনা মীৰাবাঈ চুবুৰীয়া মাৰৱাৰ ৰাজ্যৰ ভিতৰত থকা মাৰ্তাৰ সম্ভ্ৰান্ত পৰিয়ালৰ আছিল। তেওঁ ৰাজপুত ৰাথোৰ বংশৰ আছিল।

গাভৰু মীৰাবাঈ ইতিমধ্যে সেই আভ্যন্তৰীণ, আধ্যাত্মিক যাত্ৰাত নামি পৰিছিল যিয়ে তেওঁৰ জীৱনটোক আৱৰি ধৰিছিল আৰু ভৱিষ্যত শতিকাবোৰত তেওঁক ভাৰতীয়ৰ ওচৰত দেৱত্বৰ মৰ্যাদালৈ উন্নীত কৰিছিল। শাৰীৰিক বিষয়বোৰৰ প্ৰতি মীৰাৰ অনাগ্ৰহ আজন্ম পাই অহা ৰাজকীয় বিলাসিতাক প্ৰত্যাখ্যান কৰাৰ লগে লগে বৈবাহিক সম্পৰ্ক দুৰ্বল হৈ পৰিছিল। ভোজৰাজে তেওঁৰ উদাসীনতাক অসহযোগ কৰিছিল আৰু প্ৰথমতে তেওঁক লৌকিক কাম-কাজলৈ ঘূৰাই অনাৰ চেষ্টা কৰা বুলি কোৱা হয়। পিছলৈ মীৰাবাঈৰ উদাসীনতা আৰু ব্যক্তিত্বক তেওঁ মনোমোহা বুলি বিবেচনা কৰিছিল বুলি কোৱা হয়। বহু বিৱৰণী অনুসৰি ভোজৰাজ আৰু মীৰাবাঈৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ আছিল, ভোজৰাজে মীৰাবাঈৰ কাব্য প্ৰতিভাৰ শলাগ লৈছিল আৰু ৰাজপ্ৰসাদ চৌহদৰ ভিতৰত ঈশ্বৰ কৃষ্ণৰ বাবে মন্দিৰ নিৰ্মাণ কৰাৰ ইচ্ছাক সাকাৰ কৰিছিল।

১৫২৬ চনত যুদ্ধত ভোজৰাজৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৱে মীৰাবাঈৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়, কাৰণ তেওঁ দুয়োটাকে হেৰুৱালে; যিয়ে তেওঁক যিমানেই ক্ষীণ নহওক কিয়, সাংসাৰিক কাম-কাজৰ প্ৰতি আগ্ৰহী কৰি ৰাখিছিল; আৰু এজন পৃষ্ঠপোষক যিয়ে তেওঁক পৰিয়ালৰ ভিতৰত সমালোচনা আৰু তিৰস্কাৰৰ পৰা ৰক্ষা কৰিছিল।

ভোজৰাজে কোনো সন্তান এৰি থৈ যোৱা নাছিল আৰু তেওঁৰ পিছত তেওঁৰ কনিষ্ঠ ভাতৃ দ্বিতীয় ৰতন সিঙে মেৱাৰৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Genealogy of the royal family of Udaipur (Mewar).

সম্পৰ্কিত শ্ৰেণী

ৰাজপুতছিছোদিয়া বংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোজ ৰাজ” প্ৰবন্ধৰ সংশোধন ৫৭১৪৪০ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।