অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয় সিংহ

মহাৰাণা জয় সিংহ (৫ ডিচেম্বৰ ১৬৫৩ – ২৩ ছেপ্টেম্বৰ ১৬৯৮), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া ৰাজপুত মহাৰাণা আছিল, তেওঁ ১৬৮০ চনৰ পৰা ১৬৯৮ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁ আছিল প্ৰথম মহাৰাণা ৰাজ সিংহৰ জ্যেষ্ঠ পুত্ৰ। জয় সিংহ মোগল সম্ৰাট ঔৰংজেবৰ বিৰুদ্ধে সামৰিক সংঘাতৰ লগত জড়িত আছিল।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মহাৰাণা জয় সিংহ১ (৫ ডিচেম্বৰ ১৬৫৩ – ২৩ ছেপ্টেম্বৰ ১৬৯৮), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া ৰাজপুত মহাৰাণা আছিল, তেওঁ ১৬৮০ চনৰ পৰা ১৬৯৮ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁ আছিল প্ৰথম মহাৰাণা ৰাজ সিংহৰ জ্যেষ্ঠ পুত্ৰ। জয় সিংহ মোগল সম্ৰাট ঔৰংজেবৰ বিৰুদ্ধে সামৰিক সংঘাতৰ লগত জড়িত আছিল। ঢেবৰ হ্ৰদ (জৈছামণ্ড নামেৰেও জনাজাত) নিৰ্মাণৰ বাবেও তেওঁ পৰিচিত।

মোগলৰ সৈতে সংঘৰ্ষ

সন্ধি আৰু ভূখণ্ড ৰেহাই

পূৰ্বপুৰুষৰ দৰে জয় সিংহই মোগলৰ সৈতে শান্তি বজাই ৰাখিবলৈ কূটনীতিৰ পথ বাছি লৈছিল। ১৬৮১ চনত তেওঁ ঔৰংজেবৰ সৈতে সন্ধি স্বাক্ষৰ কৰি তিনিখন জিলা এৰি দিয়ে আৰু শত্ৰুতা বন্ধ কৰাৰ বিনিময়ত কৰ দিবলৈ সন্মত হয়। এই সিদ্ধান্তক অৱশ্যে মেৱাৰৰ ভিতৰৰ এটা দলে অসন্মতি প্ৰকাশ কৰিছিল, যিয়ে বিশ্বাস কৰিছিল যে ইয়াৰ ফলত তেওঁলোকৰ সাৰ্বভৌমত্বৰ সৈতে আপোচ কৰা হৈছে।২

সামৰিক সংঘৰ্ষ

জয় সিংহক ১৬৭৯ চনত আক্ৰমণকাৰী মোগল সেনাৰ সন্মুখীন হ'বলৈ পিতৃ প্ৰথম ৰাজ সিংহই গিৰ্ৱাৰ ওচৰৰ পাহাৰত স্থাপন কৰিছিল। ১৬৮০ চনত উদয়পুৰ, চিত্তোৰ দখল কৰি কেইবাখনো গাঁও আৰু মন্দিৰ ধ্বংস কৰি ঔৰংজেবে মেৱাৰ এৰি আজমেৰত উপস্থিত হয়। জয় সিঙে শক্তিশালী সেনাবাহিনীৰে চিত্তোৰত আকস্মিক আক্ৰমণ চলাই মোগল সেনাবাহিনীত যথেষ্ট ক্ষতিসাধন কৰে। ৰাজপুতসকলৰ প্ৰতিৰোধ, শক্তি আৰু নিশাৰ আক্ৰমণৰ বাবে মোগল আউটপোষ্টসমূহে নিজৰ স্থান বজাই ৰখাটো কঠিন হৈ পৰিছিল।৩

সন্ধিৰ সত্ত্বেও জয় সিংহৰ গোটেই ৰাজত্বকালত মেৱাৰ আৰু মোগল বাহিনীৰ মাজত সংঘৰ্ষ আৰু সামৰিক সংঘৰ্ষ অব্যাহত আছিল। ১৬৮১ চনত তেওঁ মোগলৰ পৰা কৌশলগতভাৱে উল্লেখযোগ্য মণ্ডলগড় দুৰ্গটো সফলতাৰে দখল কৰিছিল বুলি দাবী কৰা হয়। কিন্তু দীৰ্ঘদিনীয়া সংঘাতত কোনো পক্ষই নিৰ্ণায়ক জয় লাভ কৰিবলৈ সক্ষম নহ’ল।

তথ্যসূত্ৰ

  1. ↑ Udaipur
  2. ↑ {{cite book author=Ram Vallabh Somani url-https://books.google.com/books? id=NcIBAAAAMAAJ title=History of Mewar, from Earliest Times to 1751 A.D. publisher=Mateshwari |year=1976 oc1c=2929852 }}
  3. ↑ Sharma, G.n. (1954). Mewar and the Mughal Emperors. Shiva Lal Agarwala and Co Ltd, Agra. পৃ. 171-173

সম্পৰ্কিত শ্ৰেণী

ছিছোদিয়া বংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় সিংহ” প্ৰবন্ধৰ সংশোধন ৫৭২৩৭০ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।