চীনৰ ব্যক্তি
৮২ প্ৰবন্ধ
-
চিয়া পেইচু
চিয়া পেইচু বা পেই-চু চিয়া (জন্ম: ২৮ জুলাই ১৯২৩ – মৃত্যু: ২৭ আগষ্ট ২০১৪) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী আৰু শিক্ষাবিদ আছিল। তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অগ্ৰণী গৱেষণাৰ বাবে পৰিচিত।
-
চিয়েম পিয়েট নিঅ'
চিয়েম পিয়েট নিঅ (ইংৰাজী: Siem Piet Nio; জন্ম: ১৯০৭, মৃত্যু: ১৯৮৬), যিয়ে হং লে হোৱা ছদ্মনামেৰে লিখা-মেলা কৰিছিল, এগৰাকী ইণ্ডোনেছিয়ান ভাষাৰ লেখিকা, আলোচনী সম্পাদক, সাংবাদিক আৰু ডাচ ইষ্ট ইণ্ডিজৰ নাৰী অধিকাৰ কৰ্মী আছিল। তেওঁ ১৯২০ আৰু ১৯৩০ৰ দশকত সক্ৰিয় আছিল।
-
চু টং
টং ঝংগুই (Tong Zhonggui; চীনা: 童忠贵; জন্ম: ২৩ জানুৱাৰী, ১৯৬৩) এগৰাকী চীনা ঔপন্যাসিক। তেওঁ সাধাৰণতে চু টং নামেৰেহে পৰিচিত। চু টং তেওঁৰ কলম নাম। টঙে চুঝৌত জন্মগ্ৰহণ কৰিছিল আৰু বৰ্তমান তেওঁ নানজিঙত বাস কৰে। ১৯৮০ চনত তেওঁ বেইজিং নৰ্মাল বিশ্ববিদ্যালয়ৰ চীনা বিভাগত আছিল।
-
চু পেই
চু পেই (ইংৰাজী: Xu Pei; জন্ম: ১৯৬৬) এগৰাকী চীনত জন্মগ্ৰহণ কৰা জাৰ্মান কবি, লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। ছিচুয়ানত জন্মগ্ৰহণ কৰা চুই ১৯৮৮ চনত চীন ত্যাগ কৰে আৰু জাৰ্মানীত অধ্যয়ন কৰে। চুৱে ২০০৪ চনত জাৰ্মান নাগৰিকত্ব লাভ কৰে আৰু বৰ্তমান জাৰ্মানীৰ কলনত বাস কৰে।
-
চুন জু
চুন জু(Sun Tzu) (অনুমাণিক ৫৪৪–৪৯৬ খ্ৰীষ্টপূৰ্ব) আছিল প্ৰাচীন চীনৰ এজন কিংবদন্তি সামৰিক জেনেৰেল, ৰণনীতিবিদ আৰু দাৰ্শনিক। তেওঁ চীনৰ বসন্ত আৰু শৰৎকালৰ যুগত বসবাস কৰিছিল। সামৰিক ৰণনীতিৰ ওপৰত ৰচিত পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থ দ্য আৰ্ট অৱ ৱাৰ (যুদ্ধৰ কলা) ৰচনা কৰাৰ শ্ৰেয় তেওঁকেই দিয়া হয়।
-
চুৱান ৱু
চুৱান ৱু (吳川) হৈছে এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী। তেওঁ মূলতঃ ক্লাউড কম্পিউটিং, বিতৰণিত যন্ত্ৰ শিক্ষণ আৰু জ্যেষ্ঠ নাগৰিকৰ যত্নৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য তথ্য-প্ৰযুক্তি প্ৰণালীৰ ওপৰত গৱেষণা কৰে। তেওঁ হংকং বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এজন পূৰ্ণ অধ্যাপক।
-
চেং হো
চেং হো (Zheng He; ১৩৭১–১৪৩৩/১৪৩৫) আছিল চীনৰ নৌসেনা অধিনায়ক আৰু কূটনীতিজ্ঞ, যি প্ৰাৰম্ভিক মিং বংশৰ সময়ত কাৰ্যৰত আছিল। তেওঁক প্ৰায়ে চীনৰ ইতিহাসত আটাইতকৈ মহান নৌসেনা অধিনায়ক হিচাপে গণ্য কৰা হয়।
-
চেন জিং
চেন জিং (ইংৰাজী: Chen Jing; জন্ম ২০ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ। তেওঁ চীনৰ হৈ অলিম্পিক স্বৰ্ণ পদক আৰু পৰৱৰ্তী সময়ত চীনা টাইপেইৰ হৈ অলিম্পিক পদক লাভ কৰিছিল।
-
চেন ঝেয়ুয়ান
চেন ঝেয়ুয়ান (জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী চীনদেশীয় অভিনেতা। তেওঁ বিশেষকৈ ২০২০ চনৰ উক্সিয়া ধাৰাবাহিক হেণ্ডছাম ছিবিলিংছ আৰু ২০২১ চনৰ যৌৱনভিত্তিক নাটক আৱাৰ ছিক্ৰেটত তেওঁৰ অভিনয়ৰ বাবে জনাজাত। ২০২৩ চনত প্ৰকাশিত জনপ্ৰিয় ধাৰাবাহিক হিডেন লাভত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।
-
চ্যু জি
চ্যু জি (চীনা ভাষা: 朱熹; Pinyin: Zhū Xī; জন্ম: ১৮ অক্টোবৰ ১১৩০ – মৃত্যু: ২৩ এপ্ৰিল ১২০০) আছিল এজন চীনা দাৰ্শনিক, শিক্ষাবিদ আৰু নিও-কনফুচিয়ানিজমৰ অন্যতম স্ৰষ্টা। ছং ৰাজবংশৰ সময়ত জীৱন কটাই, চ্যু জিয়ে কনফুচিয়ান দৰ্শনৰ এক গঢ়-পুনৰ্গঠন আগবঢ়াইছিল।
-
ছিমা কিয়ান
ছিমা কিয়ান (Sima Qian, খ্ৰীষ্টপূৰ্ব প্ৰায় ১৪৫ – খ্ৰীষ্টপূৰ্ব প্ৰায় ৮৬) হান ৰাজবংশৰ আৰম্ভণিৰ সময়ত এজন চীনা ইতিহাসবিদ আছিল। তেওঁক ‘চীনা ইতিহাস লেখনৰ জনক’ বুলি গণ্য কৰা হয়, কাৰণ তেওঁ ৰচনা কৰিছিল শিজি (ইংৰাজীত Records of the Grand Historian বুলি অনুবাদ কৰা হয়), যি চীনা ইতিহাসৰ সাধাৰণ বৰ্ণনা।
-
ছুই শিউৱেন
ছুই শিউৱেন (চীনা: 崔岫闻; ১৯৬৭ – ১ আগষ্ট ২০১৮) এগৰাকী চীনা শিল্পী আছিল, যিয়ে তৈলচিত্ৰ, ভিডিঅ’ আৰু আলোকচিত্ৰমূলক শিল্পকৰ্ম সৃষ্টি কৰিছিল। তেওঁ চীনৰ এগৰাকী সুপৰিচিত সমকালীন শিল্পী আছিল। তেওঁৰ কৰ্মসমূহ টেট মডাৰ্ন আৰু ব্ৰুকলিন মিউজিয়াম আদি সংগ্ৰহালয়ত সংৰক্ষিত আছে।
-
জাং জি
জাং জি (, Zhang Jie; জন্ম: ১৯৩৭) এগৰাকী চীনা ঔপন্যাসিক আৰু গল্পকাৰ। ইয়াৰ মাজতে, তেওঁ ১৯৮৬ চনত চলচ্চিত্ৰ পৰিচালক ‘উ জুগুয়াং’ৰ জীৱনী এখনৰ সহ-লেখিকাও আছিল।
-
জুলি ঝুও
জুলি ঝুও এগৰাকী চীনা-আমেৰিকান ব্যৱসায়ী আৰু কম্পিউটাৰ বিজ্ঞানী। তেওঁ ফেচবুকৰ প্ৰডাক্ট ডিজাইনৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু বৰ্তমান ছানডিয়ালৰ সহ-প্ৰতিষ্ঠাপক। ঝুও হৈছে দ্য মেকিং অৱ এ মেনেজাৰ (২০১৯) নামৰ গ্ৰন্থখনৰ লেখক।
-
ঝাং জিলিন
ঝাং জিলিন (Zhang Zilin, সৰলীকৃত চীনা: 张梓琳; পৰম্পৰাগত চীনা: 張梓琳; পিনয়ন: ঝাং Zǐlín, জন্ম ২২ মাৰ্চ ১৯৮৪) এগৰাকী চীনা অভিনেত্ৰী, গায়িকা, ফেশ্বন মডেল আৰু সৌন্দৰ্য্য ৰাণী। তেওঁ ২০০৭ চনত মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিছিল; আৰু ইয়াৰ পূৰ্বে তেওঁক মিছ চাইনা ৱৰ্ল্ড ২০০৭ হিচাপে অভিষিক্ত কৰা হৈছিল।
-
ঝাং লিনিয়ান
ঝাং লিনিয়ান (চীনা: 张琳艳; Zhāng Línyàn, জন্ম: ১৬ জানুৱাৰী ২০০১) এগৰাকী চীনা ফুটবল খেলুৱৈ যিয়ে 'চাইনিজ উইমেনছ ছুপাৰ লীগ' ক্লাব 'উহান জিয়াংহান ইউনিভাৰ্চিটি' আৰু চীনৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।
-
ঝু ছিয়াংয়ুন
ঝু ছিয়াংয়ুন (চীনা: 朱香云; ইংৰাজী: Zhu Xiangyun; জন্ম ১৯৫০) যাক চু হচিয়াং-য়ুন নামেৰেও জনা যায়, চীনৰ এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ।
-
ঝেং জিয়াওকিয়ং
ঝেং জিয়াওকিয়ং (ইংৰাজী: Zheng Xiaoqiong; চীনা: 郑小琼) এগৰাকী চীনা কবি আৰু লেখিকা। তেওঁ প্ৰায়ে 'প্ৰব্ৰজনকাৰী শ্ৰমিক' বা 'বেটলাৰ পয়েট্ৰি' আন্দোলনৰ সৈতে জড়িত। তেওঁৰ কামত ঔদ্যোগিক জীৱনত মহিলাৰ অভিজ্ঞতা, ধ্ৰুপদী চীনা সাহিত্যৰ প্ৰসংগ আৰু গোলকীকৰণৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
-
ঝৌ গুওপিং
ঝৌ গুওপিং (Zhou Guoping; চীনা ভাষাত: 周国平; পিনয়ন: Zhōu Guópíng; জন্ম ২৫ জুলাই, ১৯৪৫) এজন আধুনিক চীনা লেখক, কবি, পণ্ডিত, অনুবাদক, দাৰ্শনিক আৰু চীনা সমাজ বিজ্ঞান একাডেমীৰ দৰ্শন প্ৰতিষ্ঠানৰ গৱেষক।
-
টিমথি মো
টিমথি পিটাৰ মো (Timothy Mo; জন্ম ৩০ ডিচেম্বৰ ১৯৫০) এগৰাকী ব্ৰিটিছ এছিয়ান ঔপন্যাসিক আৰু সাহিত্যকাৰ। তেওঁৰ মাতৃ এগৰাকী ব্ৰিটিছ আৰু দেউতাক হংকঙৰ। মোৱে জন্মৰ পিছত দহ বছৰ বয়সলৈকে হংকঙত বাস কৰিছিল। তাৰপিছত তেওঁ পৰিয়ালৰ সৈতে ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰে। মো আছিল বিদ্ৰোহী আৰু প্ৰতিভাশালী।
-
ডং ঝংছু
ডং ঝংছু (; খ্ৰীষ্টপূৰ্ব ১৭৯–১০৪) আছিল হান ৰাজবংশৰ এগৰাকী চীনা দাৰ্শনিক, ৰাজনীতিবিদ আৰু লেখক। পৰম্পৰাগতভাৱে তেওঁ চীনৰ সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ চৰকাৰী আদৰ্শ হিচাপে কনফুচীয়বাদক প্ৰচাৰ কৰাৰ সৈতে জড়িত। তেওঁ পঞ্চতত্ত্বৰ পৰম্পৰাগত উপাসনাৰ তুলনাত স্বৰ্গ-উপাসনাক অধিক গুৰুত্ব দিছিল।
-
দিয়ি ইয়াং
দিয়ি ইয়াং (ইংৰাজী: Diyi Yang) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা। তেওঁ প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, গণনামূলক ভাষাবিজ্ঞান, গণনামূলক সমাজবিজ্ঞান আৰু সামাজিক কম্পিউটিং ক্ষেত্ৰত গৱেষণা কৰে।
-
ফু ছি
ফু-ছি বা ফু-চি (伏羲 ~ 伏犧 ~ 伏戲) চীনা কিংবদন্তি আৰু পৌৰাণিক কাহিনীৰ এজন সংস্কৃতিৰ নায়ক। তেওঁক তেওঁৰ ভগ্নী আৰু পত্নী নোৱাৰ সৈতে মানৱী আৰু সংগীতৰ সৃষ্টিৰ কৃতিত্ব দিয়া হয়, লগতে চিকাৰ, মাছ ধৰা, ঘৰুৱাকৰণ আৰু ৰন্ধন প্ৰণালীৰ লগতে খ্ৰীষ্টপূৰ্ব ২০০০ ৰ সমসাময়িক চীনা চৰিত্ৰ লিখাৰ কেংজি প্ৰণালী আৱিষ্কাৰক বুলি…
-
বাই গুৱাং
শ্বি য়ংফেন (চীনা: 史永芬; ২৭ জুন ১৯২১ – ২৭ আগষ্ট ১৯৯৯), পেছাগতভাৱে তেওঁ বাই গুৱাং (白光; অৰ্থ ‘বগা পোহৰ’) নামেৰে জনাজাত। তেওঁ এগৰাকী প্ৰসিদ্ধ চীনা অভিনেত্ৰী আৰু গায়িকা আছিল। ১৯৪০ চনৰ ভিতৰত চীনৰ সাতজন মহান কণ্ঠশিল্পীৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
বেন ঝাও
বেন ঝাও (Ban Zhao, চীনা ভাষাত: 班昭; ৪৫ বা ৪৯ – প্ৰায় ১১৭/১২০ খ্ৰীষ্টাব্দ) এগৰাকী চীনা ইতিহাসবিদ, দাৰ্শনিক আৰু ৰাজনীতিবিদ। তেওঁ আছিল প্ৰথমগৰাকী পৰিচিত চীনা ইতিহাসবিদ আৰু এপিডাউৰাছৰ পেম্ফাইলৰ সৈতে প্ৰথম পৰিচিত মহিলা ইতিহাসবিদসকলৰ ভিতৰত অন্যতম।
-
ম'জি
ম’জি (Mozi) (প্ৰকৃত নাম ম’ ডি) আছিল এজন চীনা দাৰ্শনিক, তৰ্কশাস্ত্ৰী আৰু মহীবাদী (Mohist) মতবাদৰ প্ৰতিষ্ঠাপক। এই মতবাদে তেওঁক 'যুদ্ধৰত ৰাজ্যসমূহৰ কালছোৱা'ৰ (Warring States period, প্ৰায় খ্ৰীষ্টপূৰ্ব ৪৭৫ – ২২১) অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হিচাপে গঢ়ি তুলিছিল।
-
মুজি মেই
মুজি মেই (ইংৰাজী: Muzi Mei; জন্ম: ১৯৭৮) চীনৰ গুৱাংঝৌৰ এগৰাকী সাংবাদিক আৰু ব্লগাৰ, যিগৰাকী ২০০৩ চনৰ শেষৰফালে এগৰাকী ইণ্টাৰনেট চেলিব্ৰিটি হিচাপে পৰিগণিত হৈছিল। তেওঁৰ ব্লগত বিভিন্ন পুৰুষৰ সৈতে থকা যৌন সম্পৰ্কৰ স্পষ্ট বৰ্ণনা আছিল, যিটো সেই সময়ৰ চীনৰ বাবে প্ৰথম বুলি বিশ্বাস কৰা হয়।
-
মুয়েচাৰ আব্দুল্লাহেদ
মুয়েচাৰ আব্দুল্লাহেদ এগৰাকী উইগুৰ কবি আৰু শিক্ষয়িত্ৰী। তেওঁ চীন চৰকাৰৰ কৰ্তৃপক্ষৰদ্বাৰা উইগুৰ লোকসকলক আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে। তেওঁ প্ৰবাসী উইগুৰ শিশুসকলক উইগুৰ ভাষা শিক্ষাদান কৰে।
-
মেহবুবে অব্লেশ
মেহবুবে অব্লেশ (ইংৰাজী: Mehbube Ablesh; জন্ম ১৯৭৯ – অন্তৰ্ধান আগষ্ট ২০০৮) এগৰাকী উইগুৰ সাংবাদিক, যিয়ে ২০০৮ চনত চাকৰিৰ পৰা বৰ্খাস্ত আৰু গ্ৰেপ্তাৰ হোৱালৈকে চীন চৰকাৰৰ দ্বাৰা পৰিচালিত চিনজিয়াং পিপলছ ব্ৰডকাষ্টিং ষ্টেচনত কাম কৰিছিল।
-
য়াং লিং-ফু
য়াং লিং-ফু (ইংৰাজী: Yang Ling-fu; জন্ম: ১৬ ডিচেম্বৰ, ১৮৮৯ – ৪ ছেপ্টেম্বৰ, ১৯৭৮) এগৰাকী চীনা শিল্পী আছিল।