ছিমা কিয়ান (Sima Qian, খ্ৰীষ্টপূৰ্ব প্ৰায় ১৪৫ – খ্ৰীষ্টপূৰ্ব প্ৰায় ৮৬) হান ৰাজবংশৰ আৰম্ভণিৰ সময়ত এজন চীনা ইতিহাসবিদ আছিল। তেওঁক ‘চীনা ইতিহাস লেখনৰ জনক’ বুলি গণ্য কৰা হয়, কাৰণ তেওঁ ৰচনা কৰিছিল শিজি (ইংৰাজীত Records of the Grand Historian বুলি অনুবাদ কৰা হয়), যি চীনা ইতিহাসৰ সাধাৰণ বৰ্ণনা। এই গ্ৰন্থত প্ৰায় দুহাজাৰ বছৰৰ ইতিহাস সন্নিৱিষ্ট আছে — কিংবদন্তি 'হুৱাং সম্ৰাট'ৰ উত্থান আৰু প্ৰথম চীনা ৰাজনৈতিক গঠন পৰা আৰম্ভ কৰি হানৰ সম্ৰাট উৰ শাসনকাললৈকে, যাৰ সময়তে সিমা কিয়ানে লিখিছিল। প্ৰাচীন চীনাৰ দৃষ্টিত এইটো বিশ্বৰ প্ৰথম 'সৰ্বজনীন ইতিহাস' হিচাপে গণ্য কৰা হয়। শ্বিজি (Shiji / Records of the Grand Historian) পৰৱৰ্তী ৰাজবংশসমূহৰ চৰকাৰী ইতিহাসৰ আদৰ্শ হিচাপে সমগ্ৰ চীনাক্ষেত্ৰত ২০শ শতিকাললৈকে ব্যৱহৃত হৈছিল।১
ছিমা কিয়ানৰ দেউতাক ছিমা তান (Sima Tan)-এ প্ৰথমতে চীনৰ এটা সম্পূৰ্ণ ইতিহাস লিখাৰ এক উচ্চাকাংক্ষী প্ৰকল্পৰ পৰিকল্পনা কৰিছিল, কিন্তু তেওঁৰ মৃত্যুৰ সময়লৈকে তেওঁ মাত্ৰ কেইটামান প্ৰাৰম্ভিক খচৰাহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল। ৰাজকীয় আদালতত দেউতাকৰ স্থান ইতিহাসবিদ হিচাপে উত্তৰাধিকাৰীসূত্ৰে লাভ কৰাৰ পাছত, তেওঁ দেউতাকৰ মৃত্যুশয্যাৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ আৰু এই মহাকাব্যিক ইতিহাস ৰচনা আৰু সংকলন কৰিবলৈ সংকল্পবদ্ধ হৈছিল।
অৱশ্যে, খ্ৰীষ্টপূৰ্ব ৯৯ চনত, তেওঁ জেনেনেল লী লিঙৰপক্ষ লৈ কথা কোৱাৰ বাবে লী লিং কাণ্ডৰ (Li Ling affair) বলি হৈছিল, যাক চিঅংনুৰ বিৰুদ্ধে এক অসফল অভিযানৰ বাবে দোষাৰোপ কৰা হৈছিল। মৃত্যুদণ্ড বা অণ্ডচ্ছেদন (castration)-ৰ মাজৰপৰা যিকোনো এটা বাছি ল’বলগীয়া হোৱাত, তেওঁ নিজৰ ঐতিহাসিক কাম সম্পূৰ্ণ কৰাৰ স্বাৰ্থত পিছৰটোকে বাছি লৈছিল। যদিও তেওঁক সৰ্বজনীনভাৱে 'ৰেকৰ্ডছ' (Records)-ৰ বাবে মনত ৰখা হয়, তথাপি বাচি থকা আন আন ৰচনাসমূহে প্ৰমাণ কৰে যে তেওঁ এজন প্ৰতিভাশালী কবি আৰু গদ্য লেখক আছিল। লগতে তেওঁ 'টাইচু' কেলেণ্ডাৰ (Taichu calendar) সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিটো খ্ৰীষ্টপূৰ্ব ১০৪ চনত চৰকাৰীভাৱে প্ৰৱৰ্তন কৰা হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ছিমা কিয়ানৰ জন্ম জোওপিংয়ীৰ (Zuopingyi) চিয়ায়াঙত (Xiayang) হৈছিল (যি বৰ্তমানৰ শ্বাআনক্সিৰ হানচেঙৰ ওচৰত অৱস্থিত)। তেওঁৰ জন্ম সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১৪৫ চনৰ আশে-পাশে হৈছিল, যদিও কিছুমান উৎসৰ মতে তেওঁৰ জন্ম খ্ৰীষ্টপূৰ্ব ১৩৫ চনৰ ওচৰা-উচৰি সময়ত হৈছিল। খ্ৰীষ্টপূৰ্ব ১৩৬ চনৰ আশে-পাশে তেওঁৰ দেউতাক ছিমা তান ৰাজকীয় আদালতত "প্ৰধান ইতিহাসবিদ" (grand historian - চীনা ভাষাত 'তাইশ্বি', যাৰ আন অৰ্থ "প্ৰধান লেখক" বা "প্ৰধান জ্যোতিষী") পদত নিযুক্ত হৈছিল। প্ৰধান ইতিহাসবিদজন তুলনামূলকভাৱে এজন নিম্ন পৰ্যায়ৰ বিষয়া আছিল, যাৰ প্ৰধান কাম আছিল বাৰ্ষিক কেলেণ্ডাৰ প্ৰস্তুত কৰা, কোনবোৰ দিন ধৰ্মীয়ভাৱে শুভ বা অশুভ তাক নিৰূপণ কৰা আৰু নতুন বছৰৰ পূৰ্বে তাক সম্ৰাটৰ আগত দাঙি ধৰা। তেওঁৰ অন্যান্য কৰ্তব্যৰ ভিতৰত আছিল গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠানৰ বাবে সম্ৰাটৰ সৈতে ভ্ৰমণ কৰা আৰু ৰাজদৰবাৰৰ লগতে দেশৰ দৈনিক ঘটনাসমূহ লিপিবদ্ধ কৰা। সীমা কিয়ানৰ নিজৰ বিৱৰণ অনুসৰি, দহ বছৰ বয়সলৈকে তেওঁ "প্ৰাচীন লেখাবোৰ পঢ়িবলৈ" সক্ষম হৈছিল আৰু তেওঁক এজন প্ৰতিভাশালী ছাত্ৰ বা পণ্ডিত হিচাপে গণ্য কৰা হৈছিল। সীমা কিয়ান এটা কনফুচীয় (Confucian) পৰিৱেশত ডাঙৰ-দীঘল হৈছিল আৰু তেওঁ সদায় নিজৰ ঐতিহাসিক কৰ্মক কনফুচীয় ধৰ্মৰ "পিতৃভক্তি" (filial piety) হিচাপে গণ্য কৰিছিল।২
তথ্যসূত্ৰ
- ↑ Jay, Jennifer. (1999). The Encyclopedia of Historians and Historical Writing Volume 2. FitzRoy Dearborn. পৃ. 1093–1094. ISBN 9781884964336
- ↑ Hughes-Warrington 2000, পৃ. 291
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিমা কিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩৮০৭৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।