চীনৰ ব্যক্তি
৮২ প্ৰবন্ধ
-
য়ান নিং
য়ান নিং (চীনা: 颜宁; জন্ম ২১ নৱেম্বৰ ১৯৭৭; নিয়েং য়ান বুলিও জনা যায়) এগৰাকী চীনা গাঁথনিগত জীৱবিজ্ঞানী। ২০২২ চনৰ ডিচেম্বৰৰ পৰা তেওঁ ছিংহুয়া বিশ্ববিদ্যালয়ত জীৱন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
য়িয়ুন লি
য়িয়ুন লি (Yiyun Li, জন্ম:৪ নৱেম্বৰ, ১৯৭২) হৈছে আমেৰিকাত অধ্যাপনা কৰি থকা চীনত জন্মা এগৰাকী লেখক। অলেখ পুৰস্কাৰ আৰু প্ৰশংসাৰে তেওঁৰ গল্প আৰু উপন্যাসে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে।
-
য়িলিন ঝং
য়িলিন ঝং (চীনা: 钟宜霖 / 鍾宜霖) হৈছে এগৰাকী ব্ৰিটিছ-চীনা সাংবাদিক, চিত্ৰনাট্যকাৰ আৰু সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিক। তেওঁ ওঠৰখন উপন্যাস, দুখন চলচ্চিত্ৰৰ চিত্ৰনাট্য, দহখন গ্ৰন্থ আৰু বহুতো কবিতা, সাহিত্য সমালোচনা আদি ৰচনা কৰিছে। তেওঁ বৰ্তমান লণ্ডনত বাস কৰে।
-
য়ু জুয়ান
য়ু জুয়ান (ইংৰাজী: Yu Juan; জন্ম: ১৯৭৯ – ১৯ এপ্ৰিল, ২০১১) চীনৰ ফুডান বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰখ্যাত শিক্ষয়িত্ৰী আৰু এন আনফিনিশ্বড লাইফ (অসমীয়া অৰ্থ: এক অসম্পূৰ্ণ জীৱন; মূল চীনা শিৰোনাম: 此生未完成) নামৰ গ্ৰন্থখনৰ লেখিকা আছিল। মাত্ৰ ৩০ বছৰ বয়সতে য়ু জুয়ানৰ দেহত স্তন কেন্সাৰ ধৰা পৰিছিল।
-
য়ুয়ানয়ুয়ান ঝৌ
য়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা। তেওঁ ম'বাইল কম্পিউটিঙত কোৱালকম এনডাউড চেয়াৰ পদ লাভ কৰিছে।
-
লাউযি
লাউযি (চীনা: 老子; Pinyin: Lǎozǐ; অৰ্থ: “পুৰণি গুৰুঃ”) ৬ষ্ঠ-৫ম শতিকাৰ খ্ৰীষ্টপূৰ্বৰ এজন প্ৰচীন চীনা দাৰ্শনিক। তেওঁক তাওবাদ (Taoism বা Daoism)-ৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
-
লি গান
লি গান এগৰাকী চীনা-আমেৰিকান স্নায়ুবিজ্ঞানী আৰু ৱেইল কৰ্নেল মেডিকেল কলেজৰ অধ্যাপক। টাউপেথীত ৰোগ সৃষ্টিকাৰী টাউ প্ৰটিন এচিটাইলেচন আৰু স্নায়ুৰ অৱক্ষয়ত মাইক্ৰ’গ্লিয়াৰ অকাৰ্য্যকৰীতাৰ ব্যৱস্থাৰ বাবে তেওঁ পৰিচিত।
-
লি জিয়ং
লি জিয়ং (熊莉) হৈছে এগৰাকী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে ফেডাৰেটেড লাৰ্নিং, ডিফাৰেন্সিয়েল প্ৰাইভেচি, সুনাম প্ৰণালী (ৰেপুটেচন চিষ্টেম) আৰু স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ।
-
লি ঝাওপিং
লি ঝাওপিং (চীনা: 李兆平; জন্ম ১৯৬৪) এগৰাকী চীনা গণনামূলক স্নায়ুবিজ্ঞানী। তেওঁ বৰ্তমানে জাৰ্মানীৰ ট্যুবিংগেন বিশ্ববিদ্যালয়ত অধ্যাপিকা আৰু মেক্স প্লাংক ইনষ্টিটিউট ফৰ বায়’লজিকেল চাইবাৰনেটিক্সত ইন্দ্ৰিয় আৰু সেন্সৰিমটৰ ব্যৱস্থা বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত।
-
লু জিয়াওমান
লু জিয়াওমান (চীনা: 陆小曼; পিনইন: Lù Xiǎomàn; ৭ নৱেম্বৰ ১৯০৩ – ৩ এপ্ৰিল ১৯৬৫) ২০শ শতিকাৰ চীনৰ সাংস্কৃতিক ইতিহাসৰ এগৰাকী জনপ্ৰিয় ব্যক্তিত্ব আছিল। তেওঁ মূলতঃ “মেই” (眉) নামেৰে জনাজাত আছিল, কিন্তু পিছলৈ নিজৰ নাম সলনি কৰি “জিয়াওমান” ৰাখে।
-
লুও ইয়াং
লুও ইয়াং (চীনা: 罗洋; জন্ম ১৯৮৪) এগৰাকী চীনা ফটোগ্ৰাফাৰ, মহিলাৰ ফটোগ্ৰাফীৰ বাবে পৰিচিত। তেওঁ সমসাময়িক চীনদেশৰ যুৱতী আৰু মহিলাসকলৰ ব্যক্তিত্ব, স্বতন্ত্ৰতা আৰু সামাজিক পৰিৱৰ্তনৰ চিত্ৰায়ণৰ বাবে বিশেষভাৱে স্বীকৃত।
-
শুনজি
শুনজি (Xunzi) (প্ৰকৃত অৰ্থ: 'গুৰু শুন'; খ্ৰীষ্টপূৰ্ব প্ৰায় ৩১০ – খ্ৰীষ্টপূৰ্ব প্ৰায় ২৩৮ ৰ পিছত), যাৰ জন্মৰ নাম আছিল শুন কুয়াং (Xun Kuang), আছিল যুদ্ধৰত ৰাজ্যসমূহৰ শেষৰ সময়ছোৱাৰ (Warring States period) এজন কনফুচীয় চীনা দাৰ্শনিক।
-
হাইলান হু
হু হাইলান (চীনা: 胡海岚; পিনয়িন: Hú Hǎilán; জন্ম ১৯৭৩) চীনৰ এগৰাকী স্নায়ুবিজ্ঞানী আৰু ঝেজিয়াং বিশ্ববিদ্যালয় চিকিৎসা বিদ্যালয়ৰ অধ্যাপক। তেওঁ সামাজিক আচৰণ আৰু মানসিক ৰোগসমূহৰ স্নায়ু ভিত্তিৰ ওপৰত গৱেষণাৰ বাবে পৰিচিত।
-
হাউৱে অউ
অউ হংই (Howey Ou)ৰ ইংৰাজী নাম হাউৱে অউ। হাউৱে অউ নামেৰেও তেওঁ পৰিচিত। হাউৱে অউ এগৰাকী চীনা পৰিৱেশ কৰ্মী যিয়ে দক্ষিণ চীনৰ গুইলিনত জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘটৰ আয়োজন কৰি চীনক সেউজ গৃহ গেছৰ নিৰ্গমন আৰু জলবায়ু পৰিৱৰ্তন সীমিত কৰিবলৈ অধিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল।
-
হান ফেই
হান ফেই (Han Fei) (আনুমানিক ২৮০-২৩৩ খ্ৰীষ্টপূৰ্ব), যাক হান ফেইজি বুলিও জনা যায়, আছিল যুদ্ধৰত ৰাজ্যসমূহৰ যুগৰ (Warring States period) এজন অন্যতম চীনা দাৰ্শনিক আৰু ৰাজনীতিবিদ। তেওঁ চীনৰ লীগেলাজিম বা ধৰ্মশাস্ত্ৰবাদৰ (Legalism/Fajia) সৰ্বশ্ৰেষ্ঠ সংশ্লেষক আছিল।
-
ৱাং য়াপিং
ৱাং য়াপিং (চীনা:王亚平; পিনয়ন: ৱাং ইয়াপিং; জন্ম জানুৱাৰী ১৯৮০) এগৰাকী চীনা সামৰিক পৰিবহণ পাইলট আৰু টাইকোনাউট। ৱাং আছিল পিপলছ লিবাৰেচন আৰ্মি মহাকাশচাৰী কৰ্পছলৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী মহিলা টাইকোনাউট, মহাকাশত দ্বিতীয়গৰাকী চীনা মহিলা আৰু মহাকাশ ভ্ৰমণ কৰা প্ৰথমগৰাকী চীনা মহিলা।
-
ৱেই টিংটিং
ৱেই টিংটিং (Wei Tingting; জন্ম: ১৯৮৯) এগৰাকী চীনা LGBTI+ আৰু নাৰীবাদী কৰ্মী, লেখিকা আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ 'ফেমিনিষ্ট ফাইভ'ৰ ভিতৰত অন্যতম।
-
ৱেই ডিং
ৱেই ডিং (Wei Ding) এগৰাকী চীন-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ বৰ্তমান মেছাচুচেট্ছ ব’ষ্টন বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞানৰ পূৰ্ণ অধ্যাপিকা হিচাপে কৰ্মৰত।
-
ৱেই ৱাং
ৱেই ৱাং (ইংৰাজী: Wei Wang) এগৰাকী চীনত জন্মগ্ৰহণ কৰা আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ (ইউচিএলএ) কম্পিউটাৰ বিজ্ঞান আৰু কম্পিউটেশ্যনেল মেডিচিন বিভাগৰ লিয়নাৰ্ড ক্লেইনৰক চেয়াৰ প্ৰফেচৰ আৰু স্কেলেবল এনালিটিক্স ইনষ্টিটিউটৰ (এছচিএআই) সঞ্চালক।
-
ৱেইলি ৱু
ৱেইলি (লিলি) ৱু হৈছে এজনী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট ডেলাছত ডাটা কমিউনিকেচন আৰু ডাটা মেনেজমেণ্ট লেবৰেটৰীৰ সঞ্চালক আৰু কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপিকা।
-
ৱেন হুই
ৱেন হুই (ইংৰাজী: Wen Hui; জন্ম ১৯৬০) এগৰাকী চীনা নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ (নৃত্য পৰিচালক)। তেওঁ বেইজিঙত চীনৰ প্ৰথমটো স্বতন্ত্ৰ নৃত্য থিয়েটাৰ কোম্পানী 'লিভিং ডান্স ষ্টুডিঅৰ সহ-প্ৰতিষ্ঠা কৰিছিল।
-
ৱেন্যুয়ান জু
ৱেন্যুয়ান জু (ইংৰাজী: Wenyuan Xu; চীনা: 徐文渊) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী যিয়ে বেতাঁৰ নেটৱৰ্ক, এম্বেডেড চিষ্টেম আৰু ইণ্টাৰনেট অৱ থিংছৰ সুৰক্ষা বিষয়ত গৱেষণা কৰে। তেওঁ ঝেজিয়াং বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ইউবিকুইটাছ চিষ্টেম ছিকিউৰিটি লেবৰেটৰীৰ পৰিচালিকা।