ডং ঝংছু (; খ্ৰীষ্টপূৰ্ব ১৭৯–১০৪) আছিল হান ৰাজবংশৰ এগৰাকী চীনা দাৰ্শনিক, ৰাজনীতিবিদ আৰু লেখক। পৰম্পৰাগতভাৱে তেওঁ চীনৰ সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ চৰকাৰী আদৰ্শ হিচাপে কনফুচীয়বাদক প্ৰচাৰ কৰাৰ সৈতে জড়িত। তেওঁ পঞ্চতত্ত্বৰ পৰম্পৰাগত উপাসনাৰ তুলনাত স্বৰ্গ-উপাসনাক অধিক গুৰুত্ব দিছিল।১ জীৱনৰ শেষৰ কেইটামান দশকত তেওঁ ৰাজদৰবাৰত যথেষ্ট প্ৰভাৱশালী আছিল।২ তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী গংসুন হংএ অৱশেষত তেওঁক ৰাজনৈতিক জীৱনৰপৰা আংশিকভাৱে অৱসৰ ল'বলৈ বাধ্য কৰাই ৱেইফাংৰ চ্যান্সেলৰীত পদায়ন কৰে। অৱশ্যে তাৰপৰাও তেওঁৰ শিক্ষা প্ৰচাৰিত হৈ থাকে।১
জীৱনী

ডং ঝংছুৰ জন্ম খ্ৰীষ্টপূৰ্ব ১৭৯ চনত বৰ্তমানৰ হেংশুই, হেবেইত হৈছিল। তেওঁৰ জন্মস্থান ৱেনছেং টাউনশ্বিপৰ সৈতে জড়িত (, বৰ্তমান জিং কাউণ্টিত অৱস্থিত)। সেইবাবে Luxuriant Dew of the Spring and Autumn Annals গ্ৰন্থত তেওঁক এবাৰ ৱেনছেঙৰ অধিপতি ডং (溫城董君) বুলি উল্লেখ কৰা হৈছে।
তেওঁ হানৰ সম্ৰাট জিংৰ শাসনকালত ৰাজসেৱাত প্ৰৱেশ কৰে আৰু হানৰ সম্ৰাট উৰ শাসনকালত উচ্চপদ লাভ কৰে। অৱশ্যে সম্ৰাটৰ সৈতে তেওঁৰ সম্পৰ্ক সদায় সুস্থিৰ নাছিল। এবাৰ তেওঁক দেশদ্ৰোহমূলক বুলি গণ্য কৰা কিছুসংখ্যক লেখাৰ বাবে কাৰাগাৰত বন্দী কৰা হৈছিল আৰু প্ৰায় মৃত্যুদণ্ড দিয়া হৈছিল। এই লেখাসমূহত সম্ভৱতঃ মহাজাগতিক লক্ষণৰ আধাৰত হান ৰাজবংশৰ পতন আৰু তাৰ ঠাইত এগৰাকী কনফুচীয়বাদী ঋষিৰ ৰাজত্বৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। পিছলৈ এই ধাৰণাটোৱেই ৱাং মাংৰ সম্ৰাট হিচাপে সিংহাসন আৰোহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁৰ ৰক্ষা সম্ভৱতঃ সম্ৰাটৰ মুখ্য পৰামৰ্শদাতা গংসুন হংৰ হস্তক্ষেপৰ ফলত হৈছিল।
ডং ঝংছুৰ চিন্তাধাৰাই ইন-য়াং বিশ্বতত্ত্বক কনফুচীয় নৈতিক কাঠামোৰ সৈতে সংযুক্ত কৰিছিল। তেওঁ Spring and Autumn Annals-ক ৰাজনৈতিক আৰু অধিবিদ্যাগত ধাৰণাৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে গণ্য কৰিছিল। এই ক্ষেত্ৰত তেওঁ গংয়াং টীকাভাষ্যৰ পৰম্পৰা অনুসৰণ কৰি ইয়াৰ পাঠৰ অন্তৰ্নিহিত অৰ্থ বিচাৰিছিল। এই টীকাভাষ্যৰ সৈতে গংয়াং গাওৰ নাম জড়িত।
তেওঁক স্বৰ্গ আৰু মানুহৰ পাৰস্পৰিক ক্ৰিয়াৰ মতবাদৰো প্ৰৱৰ্তক হিচাপে গণ্য কৰা হয়। এই মতবাদে এজন ৰজাৰ বৈধতা নিৰ্ধাৰণৰ নীতি আগবঢ়োৱাৰ লগতে শাসনকৰ্তাৰ ক্ষমতাৰ ওপৰত একপ্ৰকাৰৰ নিয়ন্ত্ৰণ আৰু ভৰসাম্যৰ ব্যৱস্থাও আগবঢ়ায়। ডং ঝংছুৱে "তিনিটা উত্তৰাধিকাৰ"ৰ ধাৰণাটো প্ৰকাশ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ কৈছিল যে "এজন নতুন ৰজাই আগৰ দুজন ৰজাৰ উত্তৰাধিকাৰ সংৰক্ষণ কৰিব লাগে, যাতে ঐতিহ্যৰ ধাৰাবাহিকতা অটুট থাকে।" ৩
গ্ৰন্থপঞ্জী
ত ডং ঝংছুৰ সন্মানত নিৰ্মিত মন্দিৰ]]
ডং ঝংছুৰ নামৰ সৈতে দুটা গ্ৰন্থ জড়িত, যাৰ ভিতৰত এটা হৈছে জু শিয়ানলিয়াং ডুছ (Ju Xianliang Duice)। এই গ্ৰন্থখন তিনিটা অধ্যায়ত সংৰক্ষিত হৈ আছে আৰু বুক অৱ হানত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ নামৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থখন হৈছে Luxuriant Dew of the Spring and Autumn Annals। এইখন হৈছে কনফুচীয় ধৰ্মৰ প্ৰামাণিক গ্ৰন্থ Spring and Autumn Annalsৰ এক ব্যাখ্যাগ্ৰন্থ।৪
Luxuriant Dew of the Spring and Autumn Annals গ্ৰন্থখনত একাধিক লেখকৰদ্বাৰা ৰচনাৰ বহুতো লক্ষণ দেখা যায়। গ্ৰন্থখন ডং ঝংছুৱে নিজে লিখিছিল নে নাই, সেই বিষয়ে ঝু শ্বি, চেং ইয়ানজুও, দাই জুনৰেন, কেইমাটছু মিৎসুও আৰু তানাকা মছামিৰ দৰে কেইবাগৰাকীও পণ্ডিতে সন্দেহ প্ৰকাশ কৰিছে।
বৰ্তমান পণ্ডিতসকলে গ্ৰন্থখনত পিছলৈ সংযোজিত বুলি বিবেচনা কৰা পঞ্চতত্ত্ব সম্পৰ্কীয় সকলো অংশ প্ৰায় নাকচ কৰে আৰু গ্ৰন্থখনৰ আন বহু অংশৰো প্ৰামাণিকতা সন্দেহজনক বুলি গণ্য কৰে। সেয়ে গ্ৰন্থখনক পৰস্পৰৰ সৈতে সম্পৰ্কিত বা শিথিলভাৱে সম্পৰ্কিত বিভিন্ন অধ্যায় আৰু সৰু সৰু ৰচনাৰ এক সংকলন হিচাপে গণ্য কৰাটোৱেই অধিক নিৰাপদ বুলি ধৰা হয়। এইসমূহক পাঁচটা ভাগত বিভক্ত কৰিব পাৰি। ইয়াৰে অধিকাংশই কম-বেছি পৰিমাণে Gongyang Commentary আৰু ইয়াৰ বিদ্যালয়ৰ সৈতে জড়িত আৰু হান ৰাজবংশৰ বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে ৰচনা কৰিছিল।
ডং ঝংছুৰ জীৱন আৰু চিন্তাধাৰাৰ আন গুৰুত্বপূৰ্ণ উৎসসমূহৰ ভিতৰত তেওঁৰ ফু(কবিতা) The Scholar's Frustration, Book of Han-ত সংৰক্ষিত তেওঁৰ জীৱনী, Book of Han-ৰ "Treatise on the Five Elements"-ত উল্লেখ কৰা তেওঁৰ ইন-য়াং আৰু উদ্দীপনা-প্ৰতিক্ৰিয়াৰ তত্ত্ব, আৰু তেওঁৰ আইন সম্পৰ্কীয় আলোচনাৰ খণ্ডাংশসমূহ উল্লেখযোগ্য।
ডং ঝংছুৰ মূল চি (yuanqi বা 元氣), পঞ্চতত্ত্ব আৰু ইতিহাসৰ বিকাশ সম্পৰ্কীয় তত্ত্বসমূহ পিছলৈ কাং ইউৱেই গ্ৰহণ আৰু পৰিৱৰ্তন কৰিছিল। তেওঁ এই ধাৰণাসমূহ ব্যৱহাৰ কৰি ৰাজনৈতিক সংস্কাৰৰ জৰিয়তে অগ্ৰগতি সম্পৰ্কীয় নিজৰ তত্ত্বৰ সমৰ্থন কৰিছিল।৫ অৱশ্যে কাং ইউৱেই ডং ঝংছুৰ চিন্তাধাৰাক কিমান সঠিকভাৱে বুজিছিল, সেই বিষয়ত প্ৰশ্ন উত্থাপিত হৈছে।৬
তথ্যসূত্ৰ
উল্লিখিত গ্ৰন্থসমূহ
- Wm. Theodore de Bary and Irene Bloom (ed.) (1999) Sources of Chinese Tradition (2nd edition), Columbia University Press, 292–310.
- Knechtges, David R. (2010). Ancient and Early Medieval Chinese Literature: A Reference Guide, Part One. Brill. পৃ. 190–98. ISBN 978-90-04-19127-3
- Loewe, Michael. (2000). A Biographical Dictionary of the Qin, Former Han and Xin Periods (221 BC – AD 24). Brill. পৃ. 70–73. ISBN 90-04-10364-3
- David W. Pankenier (1990). "The Scholar's Frustration" Reconsidered: Melancholia or Credo?, Journal of the American Oriental Society 110(3):434-59.
- Arbuckle, G. (1995). Inevitable treason: Dong Zhongshu's theory of historical cycles and the devalidation of the Han mandate, Journal of the American Oriental Society 115(4).
- Sarah A. Queen (1996). From Chronicle to Canon: The Hermeneutics of the Spring and Autumn Annals according to Tung Chung-shu, Cambridge University Press.
তথ্যসূত্ৰ
- ↑ Loewe, Michael. (2011-04-11). Dong Zhongshu, a 'Confucian' Heritage and the Chunqiu Fanlu. BRILL. ISBN 978-90-04-19465-6
- ↑ Queen, Sarah Ann. (1996-08-28). From Chronicle to Canon: The Hermeneutics of the Spring and Autumn According to Tung Chung-shu. Cambridge University Press. ISBN 978-0-521-48226-4
- ↑ Tu, Hang. (2025). Sentimental Republic: Chinese Intellectuals and the Maoist Past. Harvard University Asia Center. ISBN 9780674297579
- ↑ Laikwan, Pang. (2024). One and All: The Logic of Chinese Sovereignty. Stanford University Press. পৃ. 30. ISBN 9781503638815
- ↑ (Kang Youwei 1987: Kang Youwei Quanji: Volumes one and Two. Shanghai Guji Chubanshe.)
- ↑ (Kuang Bailin 1980: Kang Youwei de zhexue sixiang. Beijing: Zhongguo shehui kexue chubanshe.)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডং ঝংছু” প্ৰবন্ধৰ সংশোধন ৬৩৮২৬৪ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।