অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাং জি

জাং জি (, Zhang Jie; জন্ম: ১৯৩৭) এগৰাকী চীনা ঔপন্যাসিক আৰু গল্পকাৰ। ইয়াৰ মাজতে, তেওঁ ১৯৮৬ চনত চলচ্চিত্ৰ পৰিচালক ‘উ জুগুয়াং’ৰ জীৱনী এখনৰ সহ-লেখিকাও আছিল।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২১ ৪৬৪ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জাং জি (, Zhang Jie; জন্ম: ১৯৩৭) এগৰাকী চীনা ঔপন্যাসিক আৰু গল্পকাৰ। ইয়াৰ মাজতে, তেওঁ ১৯৮৬ চনত চলচ্চিত্ৰ পৰিচালক ‘উ জুগুয়াং’ৰ জীৱনী এখনৰ সহ-লেখিকাও আছিল। তেওঁ যুৱ প্ৰটাগনিষ্ট সকলৰ বাবে বা তেওঁলোকৰ সৈতে বিভিন্ন ধৰণৰ কিতাপ লিখাৰ কাম কৰিছিল, এই কিতাপবোৰ চীনৰ জুনিয়ৰ আৰু চিনিয়ৰ হাইস্কুলৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হয়। ১ তেওঁ নাৰীবাদী কল্পকাহিনীৰ চীনৰ প্ৰথম অৱদানকাৰীসকলৰ মাজৰ এগৰাকী। জাং জিয়ে নিজৰ কামসমূহত মানুহ আৰু প্ৰেমক ঘাইকৈ গুৰুত্ব দিছে। তেওঁ প্ৰায়ে মাক আৰু জীয়েকৰ মাজৰ আৱেগিক সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়ে, যিটো মুখ্যতঃ প্ৰাৰম্ভিক দৰিদ্ৰতা আৰু তেওঁৰ মাকে তেওঁক প্ৰদান কৰা তীব্ৰ সুৰক্ষাৰ ভেটিত গঢ় লৈ উঠিছিল। ১৯৯১ চনত জিৰ মাকৰ মৃত্যু হয় আৰু মাকৰ মৃত্যুৰ পিছত তেওঁ লিখা দ্য পাৰচন হু লাভড মি দ্য মষ্ট অন আৰ্থ ইজ গান নামৰ দীঘলীয়া আত্ম-বিবৃতিমূলক কাহিনীটোত তেওঁ মাতৃৰ জীৱনৰ অন্তিম আশীটা দিনৰ প্ৰত্যকটো দিন আৰু ৰাতিৰ বৰ্ণনা কৰিছিল২ তেওঁ তেওঁৰ মাকৰ আত্মোসৰ্গ, নিৰ্ভৰশীলতা আৰু সহনশীলতাৰ লগতে মাকৰ প্ৰতি তেওঁৰ বিবেচনা, অভিযোগ আৰু অনুশোচনাক মনত পেলাইছিল। উপন্যাসখন মাক আৰু জীয়েকৰ মাজৰ প্ৰেমৰ এক সৰল আৰু আড়ম্বৰহীন অভিব্যক্তি।

জাং জিৰ উপন্যাস লেডেন ৱিংছ ১৯৮২ চনত জাৰ্মান ভাষালৈ অনুবাদ কৰা হৈছিল আৰু ১৯৮৭ চনত ভিৰাগো প্ৰেছৰ দ্বাৰা ইংলেণ্ডত প্ৰকাশিত হৈছিল। তেওঁক ১৯৮৫ চনত লেডেন ৱিংছৰ বাবে আৰু ২০০৫ চনত উইদাউট আ ৱৰ্ডৰ বাবে ‘মাও দান সাহিত্য পুৰস্কাৰ’ প্ৰদান কৰা হৈছিল। দুবাৰকৈ এই বঁটা লাভ কৰা তেওঁ প্ৰথম গৰাকী লেখক।৩ তেওঁ কেৱল ‘মাও দান সাহিত্য পুৰস্কাৰ’ লাভ কৰা একমাত্ৰ লেখকেই নহয়, তেওঁ সমসাময়িক চীনৰ আটাইতকৈ প্ৰভাৱশালী লেখকসকলৰ মাজৰ এগৰাকী।৪ তেওঁ সমসাময়িক চীনৰ মহিলা লেখকসকলৰ প্ৰতিনিধি। শব্দৰে তেওঁ বিভিন্ন জীৱন পথ আৰু ভিন্ন নিয়তিৰ সমুখীন হোৱা বিভিন্ন মহিলাৰ ছবি আঁকে, আৰু সমসাময়িক চীনৰ মহিলাসকলৰ পৰিস্থিতি তেওঁ অনন্য দৃষ্টিকোণৰ পৰা অন্বেষণ কৰে।

ব্যক্তিগত জীৱন

জাং জিয়ে ১৯৩৭ চনৰ ২৭ এপ্ৰিলত বেইজিংত জন্মগ্ৰহণ কৰিছিল,৫ আৰু তেওঁক তেওঁৰ মাতৃয়ে লিয়াওনিং প্ৰদেশৰ ফুচুনৰ এখন গাঁৱত ডাঙৰ-দীঘল কৰিছিল। জাং জিৰ জন্ম এটা সাধাৰণ অসামৰিক-কৰ্মচাৰী পৰিয়ালত হৈছিল। তেওঁৰ মাক-দেউতাক খুব সৰু অৱস্থাত পৃথক হৈছিল, আৰু তাৰ পিছত তেওঁ তেওঁৰ মাকৰ সৈতে বাস কৰিছিল আৰু মাকৰ উপাধি গ্ৰহণ কৰিছিল। জাং জি আৰু তেওঁৰ মাক ইগৰাকী সিগৰাকীৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু অশান্ত সময়ত দীঘলীয়া, দৰিদ্ৰ জীৱন অতিবাহিত কৰিছিল। তেওঁৰ মাতৃয়ে গাওঁৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছিল আৰু এগৰাকী সেৱক আৰু কাৰখানাৰ মেইল-মহিলা হিচাপে কাম কৰিবলৈ বাধ্য হৈছিল। যেতিয়া তেওঁ প্ৰাথমিক বিদ্যালয় আৰু মধ্য বিদ্যালয়ত অধ্যয়নৰত আছিল তেতিয়া জাং জি ‘সংগীত’ আৰু ‘সাহিত্য’ৰ অনুৰাগী আছিল।৬ ৭ ১৯৬০ চনত তেওঁ চীনৰ ৰেনমিন বিশ্ববিদ্যালয়ৰ (পিপলছ ইউনিভাৰ্চিটি) পৰিসংখ্যা বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু যন্ত্ৰ উদ্যোগৰ প্ৰথমটো মন্ত্ৰালয়ত কাম কৰিবলৈ যায়।৭

জাং জিয়ে এগৰাকী গায়কৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ টাং দি নামৰ এগৰাকী কন্যা সন্তান আছিল, ১৯৬৯ চনত তেওঁৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হয়। সাংস্কৃতিক বিপ্লৱৰ সময়ত, তেওঁক "মে চেভেন্থ কেডাৰ স্কুল"লৈ প্ৰেৰণ কৰা হৈছিল আৰু ১৯৭২ চনত তেওঁ বেইজিংলৈ ঘূৰি আহিছিল আৰু যন্ত্ৰ উদ্যোগ মন্ত্ৰালয়ত কাম কৰিবলৈ গৈছিল।১ জাং জিয়ে তেওঁৰ ব্যক্তিগত জীৱনত বহুতো দুখ-বেদনা সহ্য কৰিছে, তেওঁ তেওঁৰ শক্তিশালী অধ্যৱসায়ৰ দ্বাৰা দীৰ্ঘদিন ধৰি তিনি প্ৰজন্মৰ মহিলাৰ এটা পৰিয়ালক পোহপাল দি আহিছে।

তথ্যসূত্ৰ

  1. ↑ Eva Shan Chou. (2013). "Zhang Jie (27 April 1937-)." Chinese Fiction Writers, 1950-2000, edited by Thomas Moran and Ye (Dianna) Xu. পৃ. 288
  2. ↑ Eva Shan Chou. (2013). "Zhang Jie (27 April 1937-)." Chinese Fiction Writers, 1950-2000, edited by Thomas Moran and Ye (Dianna) Xu. পৃ. 292-293
  3. ↑ (2003). Zhang Jie. International Literature Festival Berlin
  4. ↑ Cheng, Yin. (2017). 张洁小说悲剧性研究. www.doc88.com
  5. ↑ Leung, Laifeng. (2016). Contemporary Chinese Fiction Writers: Biography, Bibliography, and Critical Assessment. পৃ. 294. ISBN 9781315719504
  6. ↑ eNotes Editorial. (May 6, 2015). Zhang Jie Biography - eNotes.com. eNotes
  7. ↑ Dillard, Annie. (1984). "Zhangjie", Encounters with Chinese Writers. পৃ. 65-68

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাং জি” প্ৰবন্ধৰ সংশোধন ৩০৭৫০৮ (২৫ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।