ঝেং জিয়াওকিয়ং (ইংৰাজী ভাষা: Zheng Xiaoqiong; চীনা ভাষা: 郑小琼) এগৰাকী চীনা ভাষা কবি আৰু লেখিকা। তেওঁ প্ৰায়ে 'প্ৰব্ৰজনকাৰী শ্ৰমিক' বা 'বেটলাৰ পয়েট্ৰি' আন্দোলনৰ সৈতে জড়িত।১ তেওঁৰ কামত ঔদ্যোগিক জীৱনত মহিলাৰ অভিজ্ঞতা, ধ্ৰুপদী চীনা সাহিত্যৰ প্ৰসংগ আৰু গোলকীকৰণৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।২৩ তেওঁক বৰ্তমানৰ অন্যতম গুৰুত্বপূৰ্ণ চীনা কবি আৰু প্ৰব্ৰজনকাৰী শ্ৰমিক কবিতা আন্দোলনৰ 'মুখ' হিচাপে বৰ্ণনা কৰা হৈছে।৪৫
জীৱন
চিচুয়ানৰ গ্ৰামাঞ্চলত জন্মগ্ৰহণ কৰা ঝেঙে ২০০১ চনত কামৰ সন্ধানত ডংগুয়ান চহৰলৈ যোৱাৰ আগতে এখন স্থানীয় চিকিৎসালয়ত কাম কৰিছিল। তেওঁ প্ৰথমে এটা খেলনা কাৰখানা আৰু পিছলৈ এটা হাৰ্ডৱেৰ কাৰখানাত পাঁচ বছৰ ধৰি কাম কৰিছিল।৬
আইৰন নামৰ প্ৰবন্ধত ঝেঙে বৰ্ণনা কৰিছে যে এটা কাৰখানাত কাম কৰি থকা অৱস্থাত তেওঁৰ হাতত আঘাত পোৱাৰ পিছত তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। চিকিৎসালয়ত তেওঁ এনে বহু প্ৰব্ৰজনকাৰী শ্ৰমিকক লগ পাইছিল যিয়ে যন্ত্ৰত নিজৰ আঙুলি হেৰুৱাইছিল।৭ ২০০৭ চনত লিকুন বঁটা গ্ৰহণ কৰি তেওঁ কৈছিল, "মই প্ৰায়ে আচৰিত হওঁ, সেই বিচ্ছিন্ন আঙুলিবোৰ যদি এটা শাৰীত থিয় কৰোৱা হয়, তেন্তে সেইবোৰ কিমান দূৰলৈ যাব?"৮
২০০৭ চনত বঁটা লাভ কৰাৰ পিছত তেওঁক লিখা-মেলাৰ বাবে চৰকাৰে তিনি মাহৰ ছুটী প্ৰদান কৰিছিল। ঝেঙে মুঠ আঠ বছৰ প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে কাম কৰিছিল।২ ২০০৯ চনত তেওঁ গুয়াংজুৰ এখন সাহিত্য আলোচনীত পেছাদাৰী সম্পাদিকা হিচাপে নিযুক্তি লাভ কৰে।৯
কবিতা
ঝেঙৰ বেছিভাগ কবিতাই তেওঁৰ কাৰখানাৰ শ্ৰমিক হিচাপে থকা অভিজ্ঞতাৰ পৰা আহিছে। তেওঁৰ কবিতাত ঔদ্যোগিক যন্ত্ৰপাতিৰ সৈতে মানুহৰ সম্পৰ্ক আৰু শ্ৰমিকৰ যন্ত্ৰণাৰ বৰ্ণনা পোৱা যায়। তেওঁৰ লেখাত 'লো' (iron) শব্দটো কঠিনতা আৰু অমানৱীয়কৰণৰ প্ৰতীক হিচাপে বাৰে বাৰে ব্যৱহাৰ কৰা হয়।৬ তেওঁৰ ভাষাত— "মই সদায় বিচাৰিছিলোঁ যে মোৰ কবিতাবোৰ লোৰ সোৱাদেৰে ভৰি থাকক, কঠিন আৰু তীক্ষ্ণ।"৭
তেওঁৰ কবিতা সংকলনসমূহৰ ভিতৰত আছে— ইন দ্য ৰোৰ অৱ দ্য মেচিন, হুয়াংমা মাউণ্টেইনচ, পেডেষ্ট্ৰিয়ান ব্ৰিজ আৰু পয়েমছ ফলিং অন মেচিনচ।৬
অন্যান্য ৰচনা
কবিতাৰ উপৰিও ঝেঙৰ ৰচনাৰ ভিতৰত কল্পকাহিনী, আত্মজীৱনীমূলক প্ৰবন্ধ আৰু মৌখিক ইতিহাস অন্তৰ্ভুক্ত। শেহতীয়াটোৰ ভিতৰত আছে ৱমেন ৱৰ্কাৰ, যিটো ২০০৬ চনৰ পৰা ২০১৫ চনলৈ দহ বছৰ ধৰি প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সৈতে কৰা সাক্ষাৎকাৰৰ এক প্ৰকল্প। এই সাক্ষাৎকাৰসমূহৰ আধাৰত ঝেঙে ষ্টৰীজ অৱ ৱমেন ৱৰ্কাৰ্ছ (女工记) শীৰ্ষক এক কবিতা সংকলন প্ৰস্তুত কৰিছিল, যিটো ২০১২ চনত গুয়াংজুৰ হুৱাচেং প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হৈছিল।১০ এই সাক্ষাৎকাৰসমূহৰ এটা নিৰ্বাচিত অংশ ২০২৫ চনত 'ইকুৱেটৰ' আলোচনীত ইলিঅ’নৰ গুডমেনৰ অনুবাদত ইংৰাজীত প্ৰকাশ পাইছিল।১১
তথ্যসূত্ৰ
- ↑ van Crevel, Maghiel. How China's Labor Migrants Write Poetry in the Workshop of the World. jacobin.com
- ↑ Zhou, Xiaojing. (2016). Zheng Xiaoqiong's Poems on the Global Connection to Urbanization and the Plight of Migrant Workers in China. Verge: Studies in Global Asias. পৃ. 84–96
- ↑ Stalling, Jonathan. Zheng Xiaoqiong. www.poetryinternational.com
- ↑ (29 June 2022). In the Roar of the Machine · Zheng Xiaoqiong. Giramondo Publishing
- ↑ van Crevel, Maghiel. (1 March 2023). China's Battler Poetry, Zheng Xiaoqiong, and Hypertranslatability. Prism
- ↑ (2016). Iron Moon: An Anthology of Chinese Worker Poetry. White Pine Press. ISBN 9781945680038
- ↑ Iron · An essay by Zheng Xiaoqiong · Translated by Isabelle Li. Sydney Review of Books
- ↑ Xiao, Jiwei. (31 March 2025). China's Worker Artists. New Left Review. পৃ. 154–160
- ↑ Kunze, Rui. (2018). Writing Workers in Post-Socialist China: Migrant Worker Poetry and Its New Left Reception. Oriens Extremus. পৃ. 145–170
- ↑ Gong, Haomin. (3 July 2021). Gender, Class, and Capital: Female Migrant Workers' Writing in Postsocialist China and Zheng Xiaoqiong's Poetry. Chinese Literature Today. পৃ. 58–76
- ↑ The Makers of Modern China. www.equator.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝেং জিয়াওকিয়ং” প্ৰবন্ধৰ সংশোধন ৬২০২৬৪ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।