অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঝৌ গুওপিং

ঝৌ গুওপিং (Zhou Guoping; চীনা ভাষাত: 周国平; পিনয়ন: Zhōu Guópíng; জন্ম ২৫ জুলাই, ১৯৪৫) এজন আধুনিক চীনা লেখক, কবি, পণ্ডিত, অনুবাদক, দাৰ্শনিক আৰু চীনা সমাজ বিজ্ঞান একাডেমীৰ দৰ্শন প্ৰতিষ্ঠানৰ গৱেষক।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৬ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঝৌ গুওপিং (Zhou Guoping; চীনা ভাষাত: 周国平; পিনয়ন: Zhōu Guópíng; জন্ম ২৫ জুলাই, ১৯৪৫) এজন আধুনিক চীনা লেখক, কবি, পণ্ডিত, অনুবাদক, দাৰ্শনিক আৰু চীনা সমাজ বিজ্ঞান একাডেমীৰ দৰ্শন প্ৰতিষ্ঠানৰ গৱেষক।

২০১৭ চনলৈকে ঝৌৱে ২০খনতকৈও অধিক কিতাপ প্ৰকাশ কৰিছিল, ইয়াৰে কিছুমান জাপান, টাইৱান, হংকং আৰু কোৰিয়াৰ পৰা প্ৰকাশ হৈছিল৷

জীৱনী

ছাংহাইত জন্মগ্ৰহণ কৰা ঝৌৱে ডাঙৰ হৈ ছাংহাই হাইস্কুলত পঢ়িছিল। ১৯৬৭ চনত পেকিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ঝৌৱে ডেৰ বছৰ হুনানৰ এখন ফাৰ্মত কাম কৰিছিল। পাছলৈ তেওঁ গুৱাংছিৰ চেয়ুয়ান চহৰত কাম কৰিবলৈ স্থানান্তৰিত হয় আৰু তাৰ পৰাই তেওঁৰ প্ৰথমা পত্নী মিনজি (চীনা: 敏子)ক বিয়া কৰায়।

১৯৭৮ চনত গুৱাংছি এৰি চীনা একাডেমী অৱ ছ’চিয়েল ছায়েন্সৰ ইনষ্টিটিউট অৱ ফিল’চফিত অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইচ ডি লাভ কৰে।

১৯৮০ চনৰ বসন্ত কালত ঝৌৰ প্ৰথম বৈ‍বাহিক জীৱনৰ অন্ত পৰে। ইয়াৰ পাছত তেওঁ ছিয়াং লিংগ্যু (চীনা ভাষাত: 项灵羽)ক বিয়া কৰায়। ঝৌৰ বয়স ৪৩ বছৰ হওঁতে‍ তেওঁৰ প্ৰথম কন্যা নিউনিউ (চীনা: 妞妞)ৰ জন্ম হৈছিল, যিগৰাকী ৰেটিনোব্লাষ্টোমা নামৰ এক বিৰল কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰি‍ছিল। নিউনিউৰ মৃত্যুৰ কিছু সময়ৰ পাছতে তেওঁৰ দ্বিতীয় বৈ‍বাহিক জীৱনৰ অন্ত পৰে।১

১৯৯৭ চনৰ ছেপ্টেম্বৰ মাহত ঝৌৱে বয়সত তেওঁতকৈ‍ বিছ বছৰ সৰু গুও হং (চীনা ভাষাত: 郭红)ক বিয়া কৰায়। তেওঁলোক দুয়োৰে এগৰাকী কন্যাসন্তান জিউজিউ (চীনা: 啾啾)ৰ জন্ম হয়।২

২০১৫ চনত ৱেইবোৰ এটা পোষ্টৰ দ্বাৰা ঝৌৱে বিতৰ্কৰ সৃষ্টি কৰিছিল য'ত কোৱা হৈছিল যে ঘৰ চাফা কৰোঁতে‍ বা কেঁচুৱাক খুৱাওঁতে মহিলাসকল ধুনীয়া হয়, যাৰ ফলত তেওঁৰ বিৰুদ্ধে ষ্ট্ৰেইট চৰম পুৰুষতান্ত্ৰিক আৰু অহংকাৰী মানসিকতা (straight man cancer)ৰ অভিযোগ উত্থাপন হয়।৩

নিৰ্বাচিত প্ৰকাশনসমূহ

  • নিউনিউ: দ্য ৰিডিং নোটছ অৱ এ ফাদাৰ (ছাংহাই পিপলছ পাব্লিছিং হাউচ, ২০০৬)৪ ৰেটিনোব্লাষ্টোমাত আক্ৰান্ত হৈ নিউনিউ (ঝৌৰ প্ৰথম কন্যা)ৰ মৃত্যু হোৱাৰ পাছত লিখা৷
  • মেন এণ্ড ইটাৰ্নিটি (চাংহাই পিপলছ পাব্লিছিং হাউচ, ১৯৮৭)৫ এখন চুটি ৰচনাৰ গ্ৰন্থ।
  • দ্য ষ্টাৰী স্কাই অৱ থ'টছ (পিপলছ লিটাৰেচাৰ পাব্লিছিং হাউচ, ২০০৯)৬ এখন প্ৰবন্ধৰ গ্ৰন্থ।
  • ছ'লছ অনলি ৱাক এল'ন (পিপলছ লিটাৰেচাৰ পাব্লিছিং হাউচ, ২০০৯)
  • ফ্ৰীষ্টাইল (পিপলছ লিটাৰেচাৰ পাব্লিছিং হাউচ, ২০০১) হৈছে ঝৌ আৰু ৰক সংগীতজ্ঞ কুই জিয়ানৰ মাজত হোৱা আলাপৰ গ্ৰন্থ।

বিতৰ্ক

ষ্টাৰী স্কাই অৱ থ'টছত ঝৌৱে কৈছে যে তেওঁৰ দৃষ্টিকোণৰ পৰা এগৰাকী নাৰীৰ সৌন্দৰ্য্যৰ লগত আপোচ কৰাটো অনিবাৰ্য যদিহে তেওঁ এগৰাকী ভাল প্ৰেমিক, পত্নী আৰু মাতৃ হ'ব নোৱাৰে।.৭ তেওঁ এই কথাৰ বাবেই অসংখ্য নাৰীবাদীৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হয়।৮ লু পিং (চীনা: 吕频) নামৰ এগৰাকী নাৰীবাদী কৰ্মীয়ে যুক্তি দৰ্শাই কৈছিল যে ঝৌৰ কথাবোৰ "কেৱল নাৰীৰ বিষয়ে অজ্ঞানতাই নহয়, তেওঁৰ বাস্তৱৰ সৈতে সম্পৰ্ক নথকা অহংকাৰী বা দম্ভালি মনোভাৱ প্ৰকাশ হৈছে।"৯

তথ্যসূত্ৰ

  1. ↑ 周国平:当时没给妞妞做手术,我后悔了(图)-搜狐滚动. roll.sohu.com
  2. ↑ 鲁豫有约:周国平的三次婚姻. enjoy.eastday.com
  3. ↑ Steinfeld, Jemimah. (Mar 13, 2015). China's 'straight man cancer': are Chinese women finally on the rise?
  4. ↑ Zhou, Guoping. (2006). Niuniu: the Reading Notes of a Father. Shanghai People's Publishing House
  5. ↑ Zhou, Guoping. (1987). Men and Eternity. Shanghai People's Publishing House
  6. ↑ Zhou, Guoping. (2009). The Starry Sky of thoughts. People's Literature Publishing House
  7. ↑ 周国平回应"直男癌"之争:我是一名女性主义者. 搜狐文化
  8. ↑ 外媒:"直男癌"性别歧视主义. 中国日报网
  9. ↑ 女权主义者集体发声:批判周国平意味真正性别革命的到来_思想市场_澎湃新闻-The Paper. www.thepaper.cn

সম্পৰ্কিত শ্ৰেণী

চীনা সাংস্কৃতিক ঐতিহ্যচীনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝৌ গুওপিং” প্ৰবন্ধৰ সংশোধন ৬৩৪০০৪ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।