চেং হো (Zheng He; ১৩৭১–১৪৩৩/১৪৩৫) আছিল চীনৰ নৌসেনা অধিনায়ক আৰু কূটনীতিজ্ঞ, যি প্ৰাৰম্ভিক মিং বংশৰ সময়ত কাৰ্যৰত আছিল।১ তেওঁক প্ৰায়ে চীনৰ ইতিহাসত আটাইতকৈ মহান নৌসেনা অধিনায়ক হিচাপে গণ্য কৰা হয়। তেওঁ মুছলমান পৰিয়ালত মা হে নামেৰে জন্মগ্ৰহণ কৰিছিল যদিও পিছত ইয়োংলে সম্ৰাটৰ দ্বাৰা দিয়া “চেং” উপনাম গ্ৰহণ কৰিছিল।২
১৪০৫ আৰু ১৪৩৩ চনৰ মাজত, চেং হোৱে ইয়োংলে সম্ৰাট আৰু তাৰ পাছৰ সুৱান্দে সম্ৰাটৰ অধীনত সাতবাৰ অৰ্থনৈতিক ভ্ৰমণৰ নেতৃত্ব দিছিল। কিংবদন্তী অনুসৰি, চেং হোৰ আটাইতকৈ ডাঙৰ জাহাজসমূহ কাঠেৰে তৈয়াৰী যিকোনো জাহাজতকৈ প্ৰায় দুখনমান দীঘল আছিল আৰু সেইবোৰত চাৰিটা তলত শতাধিক নাওচালক আছিল।
চেং হো আছিল ইয়োংলে সম্ৰাটৰ এজন প্ৰিয় ব্যাক্তি, যাক তেওঁ ১৪০২ চনত জিংনান অভিযানত সহায় কৰিছিল, যাৰ দ্বাৰা আগৰ জিয়েনৱেন সম্ৰাটক অপসাৰণ কৰা হৈছিল। সেইবাবে, চেং হো মিং ৰাজদৰবাৰৰ শীৰ্ষস্থানলৈ উঠি আহে আৰু নাঞ্জিং অঞ্চলত অৱস্থিত দক্ষিণ ৰাজধানীৰ অধিনায়ক হিচাপে সেৱা আগবঢ়ায়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেং হো” প্ৰবন্ধৰ সংশোধন ৫২৪৪১১ (১৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।