অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গু কাইঝি

গু কাইঝি (Gu Kaizhi; সৰলীকৃত চীনা: 顾恺之; ৩৪৪-৪০৬) এগৰাকী চীনা চিত্ৰশিল্পী আৰু ৰাজনীতিবিদ আছিল। তেওঁ প্ৰাচীন চীনৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী। তেওঁৰ জন্ম ৱুক্সিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে ৩৬৪ চনত নানজিঙত তেওঁ ছবি আঁকিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৮৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গু কাইঝি (Gu Kaizhi; সৰলীকৃত চীনা: 顾恺之; ৩৪৪-৪০৬) এগৰাকী চীনা চিত্ৰশিল্পী আৰু ৰাজনীতিবিদ আছিল। তেওঁ প্ৰাচীন চীনৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী।১ তেওঁৰ জন্ম ৱুক্সিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে ৩৬৪ চনত নানজিঙত তেওঁ ছবি আঁকিছিল। ৩৬৬ ত, তেওঁ এগৰাকী বিষয়া (প্ৰতিৰক্ষা মন্ত্ৰীৰ সহায়ক, 大司馬參軍) আছিল আৰু পিছত ৰাজকীয় বিষয়ালৈ (জেন্টলমেন ইন ৱেটিং টু দ্য এম্পেৰ’ৰ, 散騎常侍) পদোন্নতি দিয়া হৈছিল। গু এগৰাকী প্ৰতিভাশালী কবি আৰু কেলিগ্ৰাফাৰও আছিল। তেওঁ চিত্ৰকলা তত্ত্বৰ বিষয়ে তিনিখন কিতাপ লিখিছিল: ‘অন পেইণ্টিং’ (畫論), ‘ইণ্ট্ৰডাকচন অৱ ফেমাছ পেইণ্টিংচ্‌ অৱ ৱেই এণ্ড জিন ডাইনেষ্টিজ’ (魏晉勝流畫贊) আৰু ‘পেইণ্টিং য়ুনটাই মাউণ্টেইন’ (畫雲台山記)। তেওঁ কৈছিল যে; ফিগাৰ পেইণ্টিঙত কাপোৰ বা দেহৰ গুৰুত্ব নাই। চকুৱেহে এনে ছবিক উজ্জীৱিত কৰে আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে।১

গুৰ চিত্ৰকলাক কেইবাখনো ৰেচম হেণ্ডস্ক্ৰল চিত্ৰৰ প্ৰতিলিপিৰ জৰিয়তে জনা যায়।

জীৱনী

গু কাইঝিৰ জন্ম ৱুক্সিত (আধুনিক জিয়াংচুত) হৈছিল। তেওঁৰ দেউতাকে ৱুক্সিৰ ইমপেৰিয়েল চেক্ৰেটেৰিয়েটত সহায়ক হিচাপে সেৱা আগবঢ়াইছিল। প্ৰায় ঊনৈশ বছৰ বয়সত তেওঁ গ্ৰেণ্ড মাৰ্শ্বেল হুৱান ৱেনৰ সহায়ক হিচাপে নিযুক্ত হৈছিল। তেওঁ পূব জিন আদালতৰ বিভিন্ন নেতাৰ অধীনত কেইবাটাও সৰু চৰকাৰী পদত অধিষ্ঠিত হৈছিল।২

গু কাইঝিয়ে সম্ৰাট হুৱান জুৱানৰ অধীনত কাম কৰিছিল। হুৱান জুৱান এগৰাকী উৎসাহী কলা সংগ্ৰাহক আৰু ৰাজ্যাৰোহণৰ আগতে তেওঁ চিত্ৰকলা আৰু অন্যান্য সম্পদসমূহ সংৰক্ষণ কৰিবলৈ এখন ডাঙৰ নাও ৰখাৰ নিৰ্দেশ দিছিল যাতে যুদ্ধৰ ক্ষেত্ৰত সেইবোৰ সহজে সুৰক্ষিত স্থানলৈ লৈ যাব পৰা যায়। গু কাইঝিয়ে সম্ৰাটক তেওঁৰ আটাইতকৈ মূল্যৱান সৃষ্টিসমূহৰ সৈতে এটা মোহৰ মৰা ডাঙৰ বাকচ অৰ্পণ কৰিছিল। সম্ৰাটে বাকচটো ভাঙি পেইণ্টিংবোৰ উলিয়াই আৰু এইসমূহ মেৰামতি কৰি মোহৰেৰে সৈতে শিল্পীক ঘূৰাই দিয়ে। নিজৰ ক্ষতিৰ বিষয়ে উপলব্ধি হোৱাৰ পিছত গু কাইঝিয়ে কৈছিল যে "বিস্ময়কৰ কামসমূহ যেন ঐশ্বৰিক শক্তিৰ অংশ, অমৰসকলৰ সৈতে যোগ দিবৰ বাবে যিদৰে মানুহ আগবাঢ়ি যায় আৰু অদৃশ্য হয়; ঠিক তেনেদৰে সৃষ্টিশীল কৰ্মসমূহৰ আশ্চৰ্যজনক পৰিৱৰ্তন ঘটিছিল আৰু এইসমূহ অদৃশ্য হৈছিল।''২

গুৰ কিছু চিত্ৰ

দ্য এডমনেচন অৱ দ্য ইনষ্ট্ৰাকচেছ টু দ্য কৰ্ট লেডিজ (女史箴圖)

খ্ৰীষ্টীয় ষষ্ঠ আৰু অষ্টম শতিকাৰ মাজৰ এই চিত্ৰখন৩— সম্ভৱতঃ এটা প্ৰাৰম্ভিক টাং ৰাজবংশৰ প্ৰতিলিপি। ই ঝাং হুয়াৰ দ্বাৰা লিখা সম্ৰাজ্ঞী জিয়া নানফেং সম্পৰ্কে এটা ৰাজনৈতিক ব্যংগৰ নটা কাহিনী বৰ্ণনা কৰিছে।

নিম্ফ অৱ দ্য লু ৰিভাৰ (洛神賦)

নিম্ফ অৱ দ্য লু ৰিভাৰ হৈছে গুৰ এটি সৃষ্টিকৰ্ম। ইয়াত কাও ঝিৰ দ্বাৰা (১৯২-২৩২) লিখিত এটা কবিতা চিত্ৰিত কৰা হৈছে। এইটো চং ৰাজবংশৰ তিনিটা প্ৰতিলিপিত সংৰক্ষিত হৈছে। ইয়াৰ এটা প্ৰতিলিপি বেইজিঙৰ পেলেচ মিউজিয়ামত সংৰক্ষণ কৰা হৈছে আৰু আন এটা প্ৰতিলিপি ৱাচিংটন ডিচিত পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ Cihai: Page 1846
  2. ↑ Sullivan. (1962). The Birth of Landscape Painting in China. University of California Press. পৃ. 90
  3. ↑ Admonitions Scroll

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীচীনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গু কাইঝি” প্ৰবন্ধৰ সংশোধন ৬৩২৬৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।