লি ৱেনলিয়াং (Li Wenliang; ১২ অক্টোবৰ ১৯৮৬ – ৭ ফেব্ৰুৱাৰী ২০২০) এগৰাকী চীনা চকুৰোগ বিশেষজ্ঞ আছিল। ৱুহান কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক লিয়ে ২০১৯ৰ ডিচেম্বৰত তেওঁৰ সহকৰ্মীসকলক চাৰ্চ (Severe acute respiratory syndrome) সদৃশ ৰোগ অথবা পিছলৈ COVID-19 নামেৰে চিহ্নিত হোৱা ৰোগবিধৰ সম্ভাব্য বিস্তাৰৰ বিষয়ে সতৰ্ক কৰি দিছিল।১২ ২০২০ৰ ৩ জানুৱাৰীত ৱুহান পুলিচে তেওঁক চমন জাৰী কৰি ইণ্টাৰনেটত ভুৱা মতামত প্ৰচাৰ কৰা বুলি সতৰ্ক কৰি দিছিল।১৩ লি পুনৰ কামলৈ উভতি আহিছিল। তেওঁৰ তালৈ ক'ৰ'ণা ভাইৰাছ (COVID-19) সংক্ৰমিত এজন ৰোগী আহিছিল, যিয়ে প্ৰকৃততে গ্লুক'মা ৰোগৰহে চিকিৎসা কৰিব আহিছিল। এই ৰোগীজনৰ পৰাই লিৰ দেহলৈও ক'ৰ'ণা সংক্ৰমিত হৈছিল আৰু ২০২০ৰ ৭ ফ্ৰেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হৈছিল। পিছলৈ চৰকাৰীভাবে তেওঁক নিৰ্দোষ ঘোষণা কৰা হয় আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা জনায়।৪৫৬
প্ৰাৰম্ভিক জীৱন
লিৰ জন্ম ১৯৮৬ চনৰ ১২ অক্টোৱৰত বেইঝেনৰ লিয়াওনিঙৰ এটা মাঞ্চু পৰিয়ালত হৈছিল।৭৮ তেওঁ বেইঝেন হাইস্কুলত ভৰ্তি হৈছিল আৰু উৎকৃষ্ট ফলাফলেৰে স্নাতক হৈছিল। ২০০৪ চনত নেচনেল কলেজ প্ৰবেশ পৰীক্ষাত ৬০৯ নম্বৰ স্থান লাভ কৰে আৰু ৱুহান ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনত এজন ক্লিনিকেল মেডিচিন ছাত্ৰ হিচাপে সাত বছৰীয়া একীকৃত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত ভৰ্তি হয়। দ্বিতীয় বাৰ্ষিকত তেওঁ চীনা কমিউনিষ্ট পাৰ্টীত যোগদান কৰে।৯ তেওঁৰ টিউটৰে কৈছিল যে তেওঁ এজন পৰিশ্ৰমী আৰু সৎ ছাত্ৰ আছিল। তেওঁৰ কলেজ সহপাঠীবোৰে কৈছিল যে তেওঁ এজন বাস্কেটবলৰ অনুৰাগী আছিল।১০
কৰ্মজীৱন
২০১১ চনত শিক্ষাগ্ৰহণ সমাপ্ত কৰি লিয়ে তিনি বছৰ জিয়ামেন বিশ্ববিদ্যালয়ৰ জিয়ামেন আই চেণ্টাৰত কাম কৰে। জিয়ামেনতে পূৰ্বতে ইণ্টাৰ্ণ কৰা এজনে কৈছিল যে লি ৰোগীসকলৰ ক্ষেত্ৰত যথেষ্ট ধৈৰ্যশীল আছিল। আনকি ৰোগীসকলে তেওঁৰ কথা মনোযোগেৰে নুশুনিলে বা তেওঁৰ কথা বুজিবলৈ চেষ্টা নকৰিলেও লি অসন্তুষ্ট নহৈছিল। A former intern at Xiamen said that Li was so patient with his patients that he had never shown any dissatisfaction to them even when they failed to hear or understand what he said. His colleagues described him as an ordinary person, who was once scolded by his director, who would feel distressed when sorting out piles of medical records, and who was once cheated when buying Apple products.১০
In 2014, Li became an Ophthalmologist at Wuhan Central Hospital in Wuhan, China.১
তথ্যসূত্ৰ
- ↑ Tan. (31 January 2020). zh:新冠肺炎"吹哨人"李文亮:真相最重要. Caixin
- ↑ (4 February 2020). zh:武汉肺炎:一个敢于公开疫情的"吹哨人"李文亮. BBC News 中文
- ↑ (6 February 2020). Coronavirus 'kills Chinese whistleblower doctor'. BBC News
- ↑ (21 March 2020). Chinese inquiry exonerates coronavirus whistleblower doctor. The Guardian
- ↑ (20 March 2020). Virus whistleblower doctor punished 'inappropriately': Chinese probe. The Economic Times
- ↑ (20 March 2020). Coronavirus: China apologises to family of doctor who died after warning about COVID-19. Ian Collier. Sky News
- ↑ (3 January 2020). 武汉市公安局武昌分局中南路街派出所训诫书. Zhongnanlu Street Police Station, Wuchang Division of Wuhan Police Bureau
- ↑ (7 February 2020). 武汉大学:李文亮校友,一路走好. The Paper
- ↑ 纪念李文亮:我盼望好了就上一线,不想当逃兵
- ↑ (7 February 2020). 憾别李文亮:一个"真"而"善良"的普通人走了. The Paper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লি ৱেনলিয়াং” প্ৰবন্ধৰ সংশোধন ৩৮৯৭৬৮ (১ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।