অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লি বাই

লি বাই ( ৭০১ – ৭৬২), লি বো বুলি উচ্চাৰিত হ’বও পাৰে, তেওঁৰ উপনাম আছিল তাইবাই (太白), তেওঁ এজন চীনা কবি আছিল, যাক টাং যুগৰ তথা সমগ্ৰ চীনা ইতিহাসৰ অন্যতম মহান আৰু গুৰুত্বপূৰ্ণ কবি হিচাপে স্বীকৃতি দিয়া হয়।

হালনাগাদ: ১ আগষ্ট ২০২৫ ৪৩১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লি বাই ( ৭০১ – ৭৬২), লি বো বুলি উচ্চাৰিত হ’বও পাৰে, তেওঁৰ উপনাম আছিল তাইবাই (太白), তেওঁ এজন চীনা কবি আছিল, যাক টাং যুগৰ তথা সমগ্ৰ চীনা ইতিহাসৰ অন্যতম মহান আৰু গুৰুত্বপূৰ্ণ কবি হিচাপে স্বীকৃতি দিয়া হয়। তেওঁৰ আৰু তেওঁৰ বন্ধুবৰ্গ দু ফু (৭১২–৭৭০)-ৰ দ্বাৰা টাং ৰাজত্বৰ সময়ছোৱাত চীনা কবিতাৰ উজ্জ্বল বিকাশ ঘটিছিল, যাক প্ৰায়ে "চীনা কবিতাৰ সোণালী যুগ" বোলা হয়। "ত্ৰি অদ্ভুততা" বুলিলে লি বাইৰ কবিতা, পেই মিনৰ তৰোৱাল নৃত্য, আৰু জাং শুৰ কলিগ্ৰাফীক বুজোৱা হয়।১

লি বাইৰ প্ৰায় ১,০০০টা কবিতা আজিও বিদ্যমান। তেওঁৰ কবিতাসমূহ ৭৫৩ চনত ইন ফানৰ দ্বাৰা সংকলিত সৰ্বাধিক গুৰুত্বপূৰ্ণ টাং যুগৰ সংকলন হে'ইউয়ে ইংলিং চি-ত অন্তৰ্ভুক্ত।২ তেখেতৰ ৩৪টা কবিতা ১৮শ শতিকাত প্ৰথম প্ৰকাশ পোৱা সংকলন তিনিশ টাং কবিতা-ত অন্তৰ্ভুক্ত।৩ এই সময়ছোৱাত তেওঁৰ কবিতাৰ অনুবাদ ইউৰোপতো প্ৰচাৰ লাভ কৰে। এজৰা পাউণ্ডৰ বিখ্যাত কাব্যসংকলন কাথেই (১৯১৫)-ত লি বাইৰ কবিতাই ১৯ টাৰ ভিতৰত ১১টা স্থান লাভ কৰে।৪

তেওঁৰ কবিতাবোৰ বন্ধুত্বৰ আনন্দ, প্ৰকৃতিৰ গভীৰতা, নিঃসঙ্গতা আৰু মদ্যপানেৰ আমোদ উদযাপন কৰিবলৈ আদৰ্শ হিচাপে বিবেচিত। তেওঁৰ সৰ্বাধিক জনপ্ৰিয় কবিতাসমূহত অন্তৰ্ভুক্ত হৈছে – "বসন্তৰ দিনত মদ্যপানৰ পৰা জাগৰণ" (চীনা: 春日醉起言志), "শু'লৈ কঠিন পথ" (চীনা: 蜀道难),৫ "মদ অনাওক" (চীনা: 将进酒),৬ আৰু "নিঃশব্দ নিশাৰ চিন্তা" (চীনা: 静夜思), যিবোৰ আজিও চীনৰ বিদ্যালয়ত পঢ়োৱা হয়। পশ্চিমত, লি বাইৰ কবিতাৰ বহুভাষিক অনুবাদ অব্যাহত আছে। তেওঁৰ জীৱনও কিছুমান কিংবদন্তীৰূপ লোৱা কাহিনীৰে পৰিপূৰ্ণ — মদ্যপান, বীৰত্ব, আৰু সৰ্বাধিক জনপ্ৰিয় কাহিনীটো অনুসৰি, তেখেত নাওৰ পৰা নদীত প্ৰতিফলিত জোনাকৰ প্ৰতি হাত বঢ়াবলৈ গৈ পানীত পৰি ডুবি মৃত্যু বৰণ কৰিছিল।

তেওঁৰ কবিতাত তেওঁৰ জীৱনৰ বহু অভিজ্ঞতা প্ৰতিফলিত হৈছে — তেওঁ ঘূৰি ফুৰা স্থানসমূহ, যাত্ৰাপথত বন্ধুবোৰক বিদায় জনোৱাৰ মুহূৰ্ত, স্বপ্ন-সদৃশ চিন্তা আৰু সামাজিক ভাবধাৰা, সময়ৰ ঘটনা, আৰু প্ৰকৃতিৰ চিৰন্তন সৌন্দৰ্য্য। কিন্তু তেওঁৰ কবিতাৰ ক্ষেত্ৰত তেখেতৰ সময়চোৱাৰ চীনৰ পৰিৱৰ্তনৰ প্ৰভাৱ উল্লেখযোগ্য। প্ৰথম দিশৰ কবিতাবোৰ লিখা হৈছিল এটি "সোণালী যুগত", যি সময়ত আন্তঃৰাষ্ট্ৰীয় শান্তি, সমৃদ্ধি আৰু কলা-সাহিত্যত ৰাজপৰিয়ালৰ উৎসাহ দেখা গৈছিল। এই যুগৰ অন্ত পৰিছিল আন লুছান বিদ্ৰোহৰ আৰম্ভণিৰে, যিয়ে উত্তৰ চীনৰ বৃহৎ অঞ্চলসমূহ যুদ্ধ আৰু দুৰ্ভিক্ষত বিধ্বস্ত কৰিছিল। এই সময়চোৱাৰ লি বাইৰ কবিতাবোৰত নতুন সুৰ আৰু ভাব প্ৰকাশ পাইছিল। তেওঁৰ কনিষ্ঠ বন্ধু দু ফুৰ বিপৰীতে, লি বাই এই বিশৃংখলাৰ অন্ত পৰ্যন্ত জীৱিত নাছিল। লী বাইৰ প্ৰতিচ্ছবি ৱূ শুং পু (無雙譜, অতুলনীয় বীৰৰ তালিকা)-ত জিন গুলিয়াংৰ দ্বাৰা অংকিত।

কাব্যাংশ

লি বাইৰ কবিতাৰ অংশৰ অসমীয়া অনুবাদ:

মোৰ ধূসৰ হোৱা চুলিয়ে
এডোখৰ দীঘল ৰছী বনাব,
তথাপিও সেইটোৱে মোৰ দুখৰ গভীৰতা
জুখিব নোৱাৰিব।

লি বাইৰ কবিতাত চিত্ৰকল্পৰ উপস্থাপন:

我歌月徘徊。

我舞影零亂。

醒時同交歡。

醉後各分散。

永結無情遊。

相期邈雲漢。

অসমীয়া অনুবাদ:

মই গান গাওঁ আৰু জোনাটো ৰৈ থাকে।

মই নাচি থাকোঁ আৰু মোৰ ছাঁ সিঁচৰতি হৈ যায়।

সাৰ পাই থাকিলে আমি ইজনে সিজনক উপভোগ কৰোঁ।

মদ খালে আমি নিজৰ নিজৰ সুকীয়া বাটেৰে যাওঁ।

প্ৰেম অবিহনে আমি চিৰদিন একেলগে থাকিম।

床前明月光,

疑是地上霜。

舉頭望明月,

低頭思故鄉。

অসমীয়া অনুবাদ:

জোনৰ পোহৰ মোৰ বিচনাৰ সন্মুখত উজ্জ্বলভাৱে জিলিকি উঠে,

ভাবিছোঁ মাটিত শীত পৰিছে নেকি?

ওপৰলৈ উজ্জ্বল জোনটোৰ ফালে চাই,

মোৰ গৃহ চহৰৰ কথা মনলৈ আহে।

তথ্যসূত্ৰ

  1. ↑ The New Book of Tang 文宗時,詔以白歌詩、裴旻劍舞、張旭草書為「三絕」
  2. ↑ 河岳英靈集
  3. ↑ Sun, Zhu. (13 December 2017). 300 Tang Poems. CreateSpace. ISBN 978-1-9816-4696-8
  4. ↑ Li, Wenxin. (1998). The Li Po that Ezra Pound knew.. Paideuma. পৃ. 81–91
  5. ↑ 李白 蜀道難 Translation: The Difficulty of the Shu Road, by Li Bai · East Asia Student. eastasiastudent.net
  6. ↑ 085 李白 將進酒 Translation: Bring in the Wine, by Li Bai · East Asia Student. eastasiastudent.net

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিককবিচীনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লি বাই” প্ৰবন্ধৰ সংশোধন ৫২৯৩৯৭ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।