অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফা-হিয়েন

ফা-হিয়েন (Fa Xian,Fa-Hien বা Fa-hsien, ) এজন চীনা বৌদ্ধ ভিক্ষু, পৰিব্ৰাজক আৰু অনুবাদক। তেওঁ প্ৰাচীন চীনৰ পৰা ভাৰতলৈ ভ্ৰমণ কৰিছিল।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ২৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ফা-হিয়েন (Fa Xian,Fa-Hien বা Fa-hsien, ) এজন চীনা বৌদ্ধ ভিক্ষু, পৰিব্ৰাজক আৰু অনুবাদক। তেওঁ প্ৰাচীন চীনৰ পৰা ভাৰতলৈ ভ্ৰমণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ফা-হিয়েনৰ জীৱনকাল ৩৭৩ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দ। বৃত্তিগতভাৱে তেওঁলোকৰ পৰিয়ালটো বৌদ্ধবিহাৰৰ লগত জড়িত আছিল। পৰিয়ালৰ চাৰিজন সন্তানৰ ভিতৰত ফাহিয়েন আটাইতকৈ সৰু। কিন্তু ডাঙৰ ককায়েকৰ মৃত্যুৰ বাবে ফাহিয়েন সৰুতেই বৌদ্ধবিহাৰৰ কামত জড়িত হয়। দহবছৰ বয়সত তেওঁৰ পিতৃৰ বিয়োগ ঘটে। সৰু অৱস্থাতে তেওঁ ভীষণ অসুখত ভুগি বৌদ্ধবিহাৰ ত্যাগ কৰিবলগীয়া হয়। সুস্থ হৈ তেওঁ পুনৰ বৌদ্ধবিহাৰলৈ ঘূৰি আহে। বিশ বছৰ বয়সত উপসম্পদা (দীক্ষা) গ্ৰহণ কৰি তেওঁ সম্পূৰ্ণভাবে ভিক্ষুৰ জীৱন আকোঁৱালি লয়। বিনয়পিটকৰ সম্পূৰ্ণ পাঠ সংগ্ৰহৰ উদ্দেশ্যে তেওঁ ভাৰতলৈ আহিবলৈ মন মেলে।১

ফা-হিয়েনৰ ভাৰত ভ্ৰমণ

ভাৰতৰ মাজেদি ফা-হিয়েনৰ যাত্ৰাপথ
ভাৰতৰ মাজেদি ফা-হিয়েনৰ যাত্ৰাপথছবি: Public domain

ফা-হিয়েনে ৩৯৯ খ্ৰীষ্টাব্দত নজন বৌদ্ধভিক্ষুৰ লগত পশ্চিম চীনৰ পিং-ইয়াং নামৰ ঠাইৰপৰা গোবী (তাকলামাকান) মৰুভূমিৰ মাজেৰে যাত্ৰা কৰি খোটানত উপস্থিত হয়। তাৰপৰা পামিৰ মালভূমি অতিক্ৰম কৰি উদয়ন (সোৰাট) হৈ তক্ষশীলা-পুৰুষপুৰত উপস্থিত হয়। ফাহিয়েন ৩৯৯ - ৪১৪ খ্ৰীষ্টাব্দলৈ ভাৰতত থাকি বিভিন্ন বৌদ্ধ ধৰ্মগ্ৰন্থ আৰু বৌদ্ধ তীৰ্থস্থান ভ্ৰমণ কৰে। তেওঁ ভ্ৰমণ কৰা স্থানসমূহৰ ভিতৰত ৰাজগৃহ, বোধগয়া, কাশী, কপিলাবস্তু, সাৰনাথ কুশীনগৰ আদি অন্যতম। ফাহিয়েন বৰ্তমান নেপালত অৱস্থিত বুদ্ধৰ জন্মস্থান লুম্বিনীলৈও যায়। ফাহিয়েন তিনিবছৰ পাটলিপুত্ৰ আৰু দুবছৰ তাম্ৰলিপ্তত বাস কৰিছিল। তেওঁৰ ৰচনাৰ পৰা জনা যায় যে সেইসময়ত তমলুক এখন প্ৰসিদ্ধ বন্দৰ আছিল। ফাহিয়েন ভাৰতলৈ অহাৰ সময়ত ভাৰতত গুপ্ত বংশৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত। তেওঁ ৰাজগৃহত উপস্থিত হোৱাৰ সময়ত গৃধকূট শিখৰ দৰ্শন কৰাৰ উল্লেখ পোৱা যায়। তাম্ৰলিপ্তৰ পৰা জলপথেৰে সিংহল (শ্ৰীলংকা), জাভা হৈ চীনলৈ প্ৰত্যাৱৰ্তন কৰি ৪১৪ খ্ৰীষ্টাব্দত তেওঁ স্বগৃহত উপনীত হয়।

ফা-হিয়েনৰ টোকা

প্ৰাচীন ভাৰত তথা দক্ষিণ-পূব এছিয়াৰ ধৰ্ম, ইতিহাস, ভূগোল ইত্যাদি দিশৰপৰা ফা-হিয়েনৰ টোকাৰ বিশেষ গুৰুত্ব আছে। তেওঁৰ ভ্ৰমণ টোকা সমূহ হল- A Record of Buddhist Kingdoms, Being an Account by the Chinese Monk Fa-Xian of his Travels in India and Ceylon in Search of the Buddhist Books of Discipline আদি। চিল্কৰোড, পাটলিপুত্ৰ, তক্ষশীলা আদিকে ধৰি তেওঁ ভ্ৰমণ কৰা স্থানসমূহৰ বিৱৰণত ইতিহাসৰ বহু তথ্য লিপিবদ্ধ হৈছে।

তথ্যসূত্ৰ

  1. ↑ সাহা, বিপুল. (ফেব্ৰুৱাৰী,২০১১). হিউয়েন সাঙেৰ ভাৰত ভ্ৰমণ. আশুতোষ লিথোগ্ৰাফিক কোম্পানী. পৃ. ১১-১২

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিঅভিযাত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফা-হিয়েন” প্ৰবন্ধৰ সংশোধন ৪৮৯৪৯০ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।