ইচিয়াৰ বোল্লাঁ পেৰেজ-মিংগুয়েজ (ইংৰাজী ভাষা: Icíar Bollaín; জন্ম: ১২ জুন ১৯৬৭) এগৰাকী স্পেনীছ ভাষা চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী।১২৩ তেওঁ বিশেষকৈ তে দয় মিচ অজিঅ (Take My Eyes) ছবিখন পৰিচালনা কৰাৰ বাবে জনাজাত, যিখন ছবিয়ে ৭টা গোয়া বঁটা লাভ কৰিছিল। বোল্লাঁই পৰিচালনাৰ লগতে অভিনয় আৰু চিত্ৰনাট্য লিখনৰ বাবেও অন্যান্য কেইবাটাও বঁটা লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৭ চনৰ ১২ জুনত মাদ্ৰিদত ইচিয়াৰ বোল্লাঁ পেৰেজ-মিংগুয়েজৰ জন্ম হৈছিল।৪ তেওঁ এগৰাকী বৈমাণিক অভিযন্তা পিতৃ আৰু এগৰাকী সংগীত শিক্ষয়িত্ৰী মাতৃৰ যমজ কন্যা সন্তানৰ এগৰাকী আছিল। তেওঁ এক উদাৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল য’ত প্ৰতিজন সদস্যকে নিজৰ ইচ্ছা অনুসৰণ কৰাৰ অনুমতি দিয়া হৈছিল। ইচিয়াৰ আৰু তেওঁৰ যমজ ভগ্নী মেৰিনাই সৰুৰেপৰাই কলাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল; ইচিয়াৰ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে তেওঁৰ ভগ্নীয়ে এগৰাকী অপেৰা গায়িকা হোৱাৰ বাবে অধ্যয়ন কৰিছিল। ভিক্টৰ এৰিচৰ এল চুৰ (১৯৮৩) নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে বোল্লাঁই অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।৫
কেৰিয়াৰ
তাৰ পিছৰেপৰা ইচিয়াৰ বোল্লাঁই চৈধ্যখন চলচ্চিত্ৰত অভিনয় কৰিছে। ১৮ বছৰ বয়সত যমজ ভগ্নী মেৰিনাৰ সৈতে তেওঁলোকৰ খুৰাক হুয়ান চেবাষ্টিয়ান বোল্লাঁৰ দুখন ছবি— লাছ ড’ছ অৰিলাছ (১৯৮৭) আৰু কেইবছৰমানৰ পিছত ডাইম উনা মেণ্টিৰা (১৯৯২)-ত অভিনয় কৰিবলৈ সুযোগ পায়। ইচিয়াৰ বোল্লাঁই ফিলিপ ভেগা, মানুৱেল গুটিৱেৰেজ আৰাগন আৰু হোচে লুইচ বোৰাউৰদ্বাৰা পৰিচালিত ছবিটো ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ ৰঙা চুলিৰ বাবেই কেন লোচে তেওঁক স্পেনিছ গৃহ-যুদ্ধৰ পটভূমিত নিৰ্মিত ছবি লেণ্ড এণ্ড ফ্ৰীডম (১৯৯৫)-ৰ বাবে নিৰ্বাচিত কৰিছিল। লোচৰ সৈতে কাম কৰাৰ অভিজ্ঞতাই তেওঁক কেন লোচ: আন অবজাৰ্ভাডৰ চলিটাৰিঅ' নামৰ কিতাপখন লিখিবলৈ অনুপ্ৰাণিত কৰিছিল।৬
২৩ বছৰ বয়সত বোল্লাঁই লা ইগুয়ানা নামৰ এটা প্ৰযোজনা সংস্থা গঠন কৰে আৰু দুখন চুটি ছবি— বাজা কোৰাজন (১৯৯২) আৰু লছ এমিগোছ ডেল মুৱেৰ্টো (১৯৯৪) নিৰ্মাণ কৰে। ফাৰ্ণাণ্ডো কোলোমোৰ সহযোগত তেওঁ পৰিচালক হিচাপে প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি হোলা, এষ্টাছ চোলা? (১৯৯৫) নিৰ্মাণ কৰে। এইখন এখন পাৰ্থিৱ স্বৰ্গ বিচাৰি সাগৰলৈ দীঘলীয়া যাত্ৰা কৰা দুগৰাকী কিশোৰীৰ কাহিনী। তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল ফ্লৰেছ ডি অত্ৰো মুণ্ডো (১৯৯৯), যিখন তেওঁ জুলিঅ’ লামাজাৰেছৰ সৈতে যুটীয়াভাৱে লিখিছিল। ই গ্ৰাম্য স্পেইনলৈ প্ৰেমৰ সন্ধানত যাত্ৰা কৰা তিনিগৰাকী মহিলাৰ কাহিনী। তেওঁৰ ছবি তে দয় মিচ অজিঅ' (২০০৩) শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকসহ সাতটাকৈ গোয়া বঁটা লাভ কৰে। লুইচ টোচাৰ আৰু লাইয়া মাৰুল অভিনীত এই ছবিখনত এজন পুৰুষে তেওঁৰ পত্নীৰ ওপৰত চলোৱা অত্যাচাৰ আৰু তেওঁলোকৰ জীৱনৰ ধৰণ সলনি কৰাৰ সংগ্ৰামৰ বিষয়ে দেখুওৱা হৈছে।
তেওঁৰ ২০১০ চনৰ ছবি ইভেন দ্য ৰেইন (তাম্বিয়েন লা ল্লুভিয়া) ৮৩সংখ্যক একাডেমী বঁটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত স্পেইনৰ প্ৰবিষ্টি হিচাপে নিৰ্বাচিত হৈছিল।৭ ২০১১ চনৰ জানুৱাৰী মাহত ছবিখন অস্কাৰৰ চুটি তালিকাত স্থান লাভ কৰে।৮ ছবিৰ ভিতৰত এখন ছবিৰ দৰে নিৰ্মিত এই কাহিনীটো ২০০০ চনৰ বলিভিয়াৰ উচ্চভূমিৰ পটভূমিত নিৰ্মিত। ইয়াৰ কাহিনীত কলম্বাছৰ নতুন পৃথিৱীত আগমনৰ ওপৰত কাম কৰি থকা এটা স্পেনিছ চলচ্চিত্ৰ কোম্পানী স্থানীয় কৃষকৰ শোষণৰ সৈতে জড়িত হিংসাৰ বলি হয়। ইয়াত পৰিচালক হিচাপে গায়েল গাৰ্চিয়া বাৰ্ণাল আৰু প্ৰযোজক হিচাপে লুইচ টোচাৰে অভিনয় কৰিছে। কাৰ্লছ এডুভিৰি নামৰ এজন আইমাৰা লোকে পানীৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাত আগভাগ লৈছিল আৰু গোয়া বঁটাত শ্ৰেষ্ঠ নৱাগতৰ বঁটাৰ বাবে মনোনীত হৈছিল। ২০২০ চনত তেওঁক 'এএমপিএচ' (AMPAS)-ৰ সদস্যপদৰ বাবে আমন্ত্ৰণ জনোৱা হয়।৯
তথ্যসূত্ৰ
- ↑ Santaolalla, Isabel. (2012-08-15). The Cinema of Iciar Bollaín. Manchester University Press. ISBN 978-0-7190-8058-6
- ↑ Noriega, José Luis Sánchez. (2021). Icíar Bollaín. Cátedra. ISBN 978-84-376-4203-1
- ↑ Icíar Bollaín. TVGuide.com
- ↑ (21 May 1999). Iciar Bollain consigue el Premio de la Semana Internacional de la Crítica con "Flores de otro mundo". El Mundo (Spain)
- ↑ (24 October 2018). Iciar Bollaín aboga por el cine con mensaje y sin etiquetas. Cadena COPE
- ↑ Ken Loach: un observador solitario. Worldcat.org
- ↑ Bollaín's Even the Rain joins Oscar race. cineuropa
- ↑ 9 Foreign Language Films Continue to Oscar Race. oscars.org
- ↑ Goodfellow, Melanie. (1 July 2020). Festival chiefs, 'Parasite' team, Adèle Haenel among 400 new international Academy members. ScreenDaily
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইচিয়াৰ বোল্লাঁ” প্ৰবন্ধৰ সংশোধন ৫৯৬৩৫৮ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।