অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেনেভিভ নাজি

জেনেভিভ নাজি (Genevieve Nnaji জন্ম ৩ মে' ১৯৭৯) এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক৷ ২০০৫ চনত তেওঁ মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে আফ্ৰিকা মুভি একাডেমী বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জেনেভিভ নাজি (Genevieve Nnaji১ জন্ম ৩ মে' ১৯৭৯)২ এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক৷ ৩৪৫ ২০০৫ চনত তেওঁ মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে আফ্ৰিকা মুভি একাডেমী বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়।৬৭৮ ২০১১ চনত নলীউডলৈ আগবঢ়োৱা অৱদানৰ বাবে নাইজেৰিয়া চৰকাৰে তেওঁক অৰ্ডাৰ অৱ দ্য ফেডাৰেল ৰিপাব্লিকৰ সদস্য হিচাপে সন্মানিত কৰে।৯তেওঁৰ পৰিচালনাৰ প্ৰথম ছবি লায়নহাৰ্ট নাইজেৰিয়াৰ প্ৰথমখন নেটফ্লিক্স ছবি আৰু অস্কাৰৰ বাবে প্ৰেৰণ কৰা প্ৰথমখন নাইজেৰিয়ান ছবি। চিনেমাখনৰ বেছিভাগ সংলাপ ইংৰাজীত হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল।১০১১ কেইবাটাও দশক চিনেমা জগতত কটোৱাৰ পিছত ২০২০ চনত য়েছ ইণ্টাৰনেশ্যনেলৰ প্ৰকাশক আৰু মুখ্য সম্পাদকে দুখন নতুন কিতাপত কিছুসংখ্যক চেলিব্ৰিটি আৰু ব্যৱসায়িক কাৰ্যবাহীৰ সৈতে তেওঁক একেলগে প্ৰফাইল কৰিছিল।১২

প্ৰাথমিক জীৱন

নাইজেৰিয়াৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত ইমো ৰাজ্যৰ এমবাইছেত জন্মগ্ৰহণ কৰা নাজিয়ে দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ লাগোছত ডাঙৰ-দীঘল হৈছিল। আঠটা সন্তানৰ ভিতৰত চতুৰ্থগৰাকী নাজিয়ে মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল৷ তেওঁৰ পিতৃ অভিযন্তা আৰু মাক নাৰ্চাৰী স্কুলৰ শিক্ষয়িত্ৰী আছিল।১৩

শিক্ষা

মেথডিষ্ট গাৰ্লছ কলেজ (য়াবা, লাগোছ)ত পঢ়িছিল, তাৰ পিছত লাগোছ বিশ্ববিদ্যালয়লৈ গৈছিল, য'ত তেওঁ সৃষ্টিশীল কলাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। বিশ্ববিদ্যালয়ত থকাৰ সময়তে তেওঁ নলীউডত অভিনয়ৰ চাকৰিৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ (29 March 2011). Pedro Pinto from CNN's 'African Voices' pronouncing Nnaji's name at 00:31 into the video. CNN
  2. ↑ (1 May 2005). Nollywood's finest. New Vision. New Vision Printing & Publishing Company Limited
  3. ↑ Orjinmo, Nduka. (17 November 2019). From Nollywood to Netflix: Genevieve Nnaji's rise. BBC News
  4. ↑ (8 December 2011). Star Actress Genevieve Nnaji Reveals Success Secrets. Leadership
  5. ↑ (21 November 2011). Nigeria actress Genevieve ready to visit Zambia. Zambian Watchdog
  6. ↑ Clayton, Jonathan. (3 April 2010). Nollywood success puts Nigeria's film industry in regional spotlight. The Times Online. Times Newspapers Ltd
  7. ↑ Ezenna, Uchenna. Elan Personality: Genevieve Nnaji. Timbuktu Media
  8. ↑ (21 August 2009). 100 Most Influentials Africans. Newstime Africa
  9. ↑ 6 Nollywood Stars Receive Nigerian National Honours. nollywoodmindspace.com
  10. ↑ (5 November 2019). Genevieve Nnaji's Lionheart disqualified from Oscars. Graphic Online
  11. ↑ (5 November 2019). Nigeria Oscar choice ruled out for English script. BBC News
  12. ↑ (2020-07-04). Omotola, Genevieve profiled in new books on leadership, success. Vanguard News
  13. ↑ (2015-10-05). Genevieve Nnaji – Bio, Daughter, Age, Married, Husband, Net Worth. BuzzNigeria - Famous People, Celebrity Bios, Updates and Trendy News

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মীঅভিনয় শিল্পীচলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ প্ৰযোজক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনেভিভ নাজি” প্ৰবন্ধৰ সংশোধন ৫৪৪০০৭ (১৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।