কিয়ানৌচ আয়াৰী (ফাৰ্চী ভাষা: کیانوش عیاری; জন্ম ১৪ মে', ১৯৫১) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।১ তেওঁ নিজৰ বাস্তৱসন্মত শৈলী আৰু ব্যতিক্ৰমী কাহিনীৰ বাবে বিখ্যাত। তেওঁৰ উল্লেখযোগ্য কামৰ ভিতৰত টু বি অৰ নট টু বি (১৯৯৮) চলচ্চিত্ৰত দেখুওৱা হৃদযন্ত্ৰ সংৰোপণৰ কাহিনী অথবা ৱেক আপ, আৰজু! (২০০৫) চলচ্চিত্ৰত ২০০৩ চনৰ ভয়ংকৰ বাম ভূমিকম্পৰ পিছত এজন শিক্ষকৰ ভাগ্যৰ পৰিণতি আদি অন্যতম। তেওঁ চাৰিখন ক্ৰিষ্টাল চিমৰ্গ, এটা বাবেজ বঁটা (হাফেজ বঁটা), দুটা ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটা আৰু তিনিটা ইৰান ফিল্ম ক্ৰিটিকছ এণ্ড ৰাইটাৰ্ছ এছ’চিয়েচন বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।
জীৱন আৰু কৰ্মজীৱন
তেওঁৰ জন্ম ইৰানৰ দক্ষিণ-পশ্চিম অঞ্চলৰ আহভাজ চহৰত হৈছিল। আয়াৰীয়ে ৮ মিলিমিটাৰৰ চুটি ছবি নিৰ্মাণৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল।২ তেওঁৰ প্ৰথম বৃত্তিপেছাদাৰী চলচ্চিত্ৰ আছিল টানুৰেয়েহ দিভ। তেওঁৰ নিৰ্মিত আবাদানী-হা চলচ্চিত্ৰখনে ১৯৯৪ চনত ল'কাৰ্নো চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ চিলভাৰ লিপাৰ্ড বঁটা লাভ কৰিছিল।৩ তেওঁৰ আটাইতকৈ বিতৰ্কিত চলচ্চিত্ৰ দা পেটাৰ্নেল হাউচ৪ ৬৯সংখ্যক ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হৈছিল। অৱশ্যে ২০১৬ চনৰ ডিচেম্বৰ মাহলৈকে ইৰানত এইখন ৰাজহুৱাকৈ মুক্তি দিয়া হোৱা নাছিল, যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইটামান প্ৰেক্ষাগৃহত ইয়াৰ প্ৰদৰ্শনী কৰা হৈছিল।৫৬ মেহদী হাশেমী নামৰ ইৰানী থিয়েটাৰ আৰু চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাই যোৱা দুটা দশকত আয়াৰীৰ চিনেমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰি আহিছে। ইয়াৰ ভিতৰত থাউজাণ্ড আইজ ধাৰাবাহিক, ৰুজেগাৰ-এ গাৰিব ধাৰাবাহিক, দা পেটাৰ্নেল হাউচ আৰু তেওঁৰ শেহতীয়া চলচ্চিত্ৰ কানাপে অন্যতম।
ব্যক্তিগত জীৱন
তেওঁৰ ভাতৃ দৰিয়ুচ আয়াৰী এজন চিনেমেট’গ্ৰাফাৰ। তেওঁলোকে একেলগে থাউজাণ্ড আইজ ধাৰাবাহিক, ৰুজেগাৰ-এ গাৰিব ধাৰাবাহিক আৰু দা পেটাৰ্নেল হাউচ চলচ্চিত্ৰত কাম কৰিছিল।
২০২৬ চনৰ ৩ ফেব্ৰুৱাৰীত আয়াৰীয়ে ইৰানী চলচ্চিত্ৰ উদ্যোগৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সৈতে মিলি ইৰানৰ চৰকাৰী বিৰোধী প্ৰতিবাদক সমৰ্থন কৰি আৰু প্ৰতিবাদকাৰীসকলৰ ওপৰত চৰকাৰৰ দমনমূলক পদক্ষেপক গৰিহণা দি এখন যুটীয়া বিবৃতিত স্বাক্ষৰ কৰিছিল।৭
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিয়ানৌচ আয়াৰী” প্ৰবন্ধৰ সংশোধন ৬০৯৫১০ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।