অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিন্ময় বাৰ্মা

চিন্ময় বাৰ্মা (Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

চিন্ময় বাৰ্মা (Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

তেখেতে প্ৰাৰম্ভিক অৱস্থাত শংকৰদেৱ শিশু নিকেতন, নলবাৰীত নামভৰ্তি হয় আৰু সেইখনৰ পৰাই ২০১০ চনত অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ড (SEBA)ৰ দ্বাৰা পৰিচালিত HSLC (High School Leaving Certificate) পৰীক্ষাত অসমৰ ভিতৰত ৭ম স্থান অধিকাৰ কৰিছিল।২৩

পৰবৰ্তী কালত, তেখেতে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত কটন বিশ্ববিদ্যালয় (তেতিয়াৰ কটন কলেজ)ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। তেখেতে (অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়)ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী (ইঞ্জিনিয়াৰিং) সম্পূৰ্ণ কৰিছিল।২৪

কৰ্মজীৱন

শৈক্ষিক জীৱন সমাপ্ত হোৱাৰ পিছত তেখেতে নতুন-দিল্লীত পেছাদাৰী জীৱনৰ আৰম্ভনি কৰে। এইখিনি সময়ছোৱাত তেখেতে আৰ্তজনৰ সেৱা কৰিবলৈ এখন বেচৰকাৰী সংস্থা (এন জি অ’) চেপ্তাৰ মূৰব্বী হিচাপে যোগদান কৰে, য’ত তেখেতে আৰ্ত শিশুসকলক সহায় আৰু শিক্ষা প্ৰদানত মনোনিবেশ কৰিছিল। তেখেতৰ চুটি ছবিসমূহত মূলতঃ অসমৰ ভৌতিক জগতক চিত্ৰিত কৰা হয়।৫৪

তেখেতে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসমীয়া লোককথাৰ বিভিন্ন ভূত-প্ৰেত আৰু জনপ্ৰিয় কিংবদন্তিসমূহৰ কাল্পনিক চিত্ৰ অংকন কৰে। ছ’চিয়েল মিডিয়াত অতি নিমিষতে জনপ্ৰিয় হৈ পৰা তেখেতৰ চিত্ৰকল্পই বহুতৰে বিশেষকৈ শিল্পপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।৪৬৭

সৃষ্টিৰাজি

নংনামবৰ্ষঅভিনয়তউৎস
১ঘোঁৰাপাক২০২০বেদব্ৰত বৰুৱা৮৯
২যখিনী২০২২বেদব্ৰত বৰুৱা, জ্যোতিশ্ৰী আৰ ইউ বৈশ্য১০
৩অহম২০২২ত্ৰিনয়ন ডেকা, জয়শ্ৰী পাটগিৰি১১
৪বুঢ়ী আইৰ সাধু২০২৪
৫মৰমে ৰিঙিয়াই২০১৯বিৰেণ দাস১২
৬হিজৰা২০২৪জংকি শৰ্মা, উদয়ন দুৱৰা১৩
৭তেজৰ টুকুৰা২০২৩দিক্ষিতা ৰাজবংশী১১
৮সাঁথৰ২০১৬অৰ্ণৱ জ্যোতি আৰ্য্য, সত্যেন দত্ত১১
৯অহল্যা২০২৩সমীক্ষা দাস, চন্দ্ৰাংকী ডেকা, কৰণ কুমাৰ দাস, দিক্ষীতা ৰাজবংশী১৪

সাফল্য

তেখেতৰ দ্বাৰা পৰিচালিত অহল্যা নামৰ চুটি ছবিখনে শেহতীয়াকৈ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩, ত নিৰ্বাক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১৫১৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ শৈশৱত শুনা জীঁয়া কাহিনীৰে চিন্ময় বাৰ্মাৰ “ঘোঁৰাপাক”-. ৰূপালী পৰ্দা
  2. ↑ কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে. Asom live24
  3. ↑ From bloodthirsty Pixaas to Jokhini: Assam Youth Makes AI-Generated Art Depicting Ghosts from Assamese Folklore. News Live
  4. ↑ Engineers using AI to create art series from Assamese folk tales. Times of India
  5. ↑ Puppetry, Occultism & Symbolism: All Strings Attached with Assam Filmmaker's Latest Opus. India Today
  6. ↑ From bloodthirsty Pixaas to Jokhini: AI artist's spooky depiction of ghosts from Assam folklore goes viral. Indian Express
  7. ↑ Ghosts of Assamese Folklore Sighted in Digital Form with AI Art. The Hindu
  8. ↑ Ghorapak, Ojapali and More: Exploration of a Mechanical Engineer. Northeast Today
  9. ↑ চিন্ময় বাৰ্মা ‘যখিনী’, মুক্তিৰ বাবে অপেক্ষাৰত ৰাইজ. Assam Time Post
  10. ↑ যখিনীক লৈয়ে নিৰ্মাণ এখন চুটি ছবিঃ নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন পৰিকল্পনা. assamtimespost.in
  11. ↑ Chinmoy Barma's Endeavour to Promote Assamese Folklore. Pratidin Time
  12. ↑ চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা. Rupali Parda
  13. ↑ Hijra! নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ “হিজৰা” মুক্তিৰ বাবে সাজু. Assam Times Post
  14. ↑ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত উজলিল যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ 'অহল্যা'. প্ৰতিদিন টাইমছ
  15. ↑ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ ‘অহল্যা’. voice24x7.in

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীচলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিন্ময় বাৰ্মা” প্ৰবন্ধৰ সংশোধন ৫১০৮৯১ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।