ক্ৰীড়াবিদ
৩৩ প্ৰবন্ধ
-
অচিন্ত্য শিউলি
অচিন্ত্য শিউলি (Achinta Sheuli; জন্ম: ২৪ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। তেওঁ এই প্ৰতিযোগিতাৰ ৭৩ কেজিৰ শাখাত অংশগ্ৰহণ কৰে। ২০২১ চনৰ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। আৰু তেওঁ দুবাৰকৈ কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী।
-
আইকণ মিলি
আইকণ মিলি (ইংৰাজী: Aikon Mili) অসমৰ তথা মিচিং জনগোষ্ঠীৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে।
-
ক্ৰিষ্টিয়ানো ৰোনাল্ডো
ক্ৰিষ্টিয়ানো ৰোনাল্ডো ডছ ছাণ্ট 'ছ এভেইৰো (জন্ম 5 ফেব্ৰুৱাৰী 1985) এজন পৰ্তুগিজ পেছাদাৰী ফুটবল খেলুৱৈ। পৰ্তুগাল ৰাষ্ট্ৰীয় দল ফৰৱাৰ্ড তথা অধিনায়ক ৰোনাল্ডোৱে বৰ্তমান ছৌদি প্ৰ 'লীগ ক্লাব আল নাছৰ ক্লাবৰ হৈ খেলি আছে।
-
ইভান কলিতা (অশ্বাৰোহী)
ইভান আলেকজেন্দ্ৰোভিচ কলিতা (Иван Александрович Калита; ১৪ জানুৱাৰী ১৯২৭ – ২৯ মাৰ্চ ১৯৯৬) এজন ছোভিয়েট অশ্বাৰোহী আৰু অলিম্পিক স্বৰ্ণপদক বিজয়ী আছিল। ১৯৭২ চনৰ মিউনিখত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ দলীয় ড্ৰেছেজত স্বৰ্ণ পদক লাভ কৰিছিল।
-
সত্যকৃষ্ণ মিশ্ৰ
সত্যকৃষ্ণ মিশ্ৰ ( Satyakrishna Mishra)অসমৰ বৰপেটা জিলাত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ-বেহেলাবাদক, শিক্ষাবিদ, খেলুৱৈ আৰু অভিনেতা আছিল। তেওঁ শংকৰদেৱৰ পৰিয়ালৰ ৰামৰাম গুৰুৰ বংশধৰ আছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা শাখাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
-
সৌম্য সৰকাৰ
সৌম্য সৰকাৰ(Soumya Sarkar; জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৯৩) এজন বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যমীয়া-বেগী বলাৰ; যি মূলতঃ অপেনিং বেটছমেন হিচাপে পৰিচিত।
-
হৰমনপ্ৰীত সিং
হৰমনপ্ৰীত সিং (জন্ম ৬ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলৰ অধিনায়ক। তেওঁ এজন ডিফেণ্ডাৰ আৰু পেণাল্টি কৰ্ণাৰ বিশেষজ্ঞ। তেওঁক বিশ্বৰ শ্ৰেষ্ঠ ড্ৰেগ ফ্লিকাৰসকলৰ অন্যতম বুলি গণ্য কৰা হয়। তেওঁ বৰ্তমানলৈকে আধুনিক হকীত ভাৰতৰ হৈ আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় গ’ল কৰিছে।
-
অৰ্মিতা গেৰাভাণ্ডৰ মৃত্যু
অৰ্মিতা গেৰাভাণ্ড (Armita Geravand) আছিল এগৰাকী ১৭বছৰীয়া ইৰাণী কিশোৰী ছোৱালী। ২০২৩ চনৰ ১ অক্টোবৰত তেহৰাণ মেট্ৰ'ত ইছলামিক হিজাব বলবৎকাৰী বিষয়াৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ অভিযোগত শাৰীৰিকভাৱে আঘাটপ্ৰাপ্ত হৈ ক'মাত পৰিছিল।
-
আশা আগৰৱাল
আশা আগৰৱাল (: Asha Agarwal; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰীড়াবিদ। তেওঁ কেইবাখনো ক্ৰীড়া প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শনৰ বাবে বহু প্ৰশংসা লাভ কৰিছিল। ভাৰতৰ প্ৰাক্তন মহিলা মাৰাথন চেম্পিয়নগৰাকীয়ে ভাৰতৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মানীয় বঁটা অৰ্জুন বঁটা লাভ কৰিছে।
-
ইকো ইউলি ইৰাৱান
ইকো ইউলি ইৰাৱান(:Eko Yuli Irawan);( জন্ম: ২৪ জুলাই ১৯৮৯) এগৰাকী ইণ্ডোনেছিয়ান ভাৰোত্তোলক। তেওঁ ৬১ কিলোগ্ৰাম আৰু ৬২ কিলোগ্ৰামৰ ভাৰ উত্তোলন শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।
-
উলাই ট্ৰুডি অটোবেড
উলাই ট্ৰুডি অটোবেড ( Ulai Trudy Otobed) জন্ম: ৩১ ডিচেম্বৰ ১৯৪১ চন এজন পালাউৰ চিকিৎসক। ১৯৬৫ চনত তেওঁ চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মাইক্ৰ’নেছিয়ান মহিলা হিচাপে পৰিগণিত হয়।
-
এন্নে লুমছডেন
এন্নে লুমছডেন এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা ফিল্ড হকী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা হকী দলৰ সদস্য আছিল। ১৯৬১ চনত তেওঁ প্ৰথমগৰাকী ভাৰতীয় হকী খেলুৱৈ আছিল যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল। তেওঁ এগৰাকী ফৰৱাৰ্ড খেলুৱৈ আছিল।
-
এমি হেৰিছ-উইলক
এমি মেলিনা হেৰিছ-উইলক (ইংৰাজী: Amy Melissa Harris-Willock; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ইংৰাজ দীঘল জাঁপবিদ। তেওঁ এণ্টিগুৱান মূলৰ খেলুৱৈ আৰু বৰ্তমান এমি হেৰিছ নামেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি তেওঁ সৌন্দৰ্য প্ৰতিযোগিতা মিছ কেৰিবিয়ান ইউকেৰ প্ৰাক্তন খিতাপধাৰী।
-
কিমিয়া আলিজাদেহ
কিমিয়া আলিজাদেহ জোনৌজি (Kimia Alizadeh Znouzi; জন্ম: ১০ জুলাই, ১৯৯৮) বুলগেৰিয়াক প্ৰতিনিধিত্ব কৰা এগৰাকী ইৰাণত জন্মগ্ৰহণ কৰা বুলগেৰিয়াৰ টাইকোৱাণ্ডো খেলুৱৈ।
-
কুলচুম আব্দুল্লাহ
কুলচুম আব্দুল্লাহ বা কুলচুম বীনাজিৰ আব্দুল্লাহ কাকাখেল (Kulsoom Abdullah; জন্মঃ ১২ মাৰ্চ ১৯৭৬) এগৰাকী পাকিস্তানী-আমেৰিকান ভাৰোত্তোলক আৰু পাকিস্তানক প্ৰতিনিধিত্ব কৰি ২০১১ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ভাৰোত্তোলনকাৰী হিচাপে জনাজাত।
-
চাজ্জাদ মাৰ্দানী
চাজ্জাদ মাৰ্দানী (ইংৰাজী: Sajjad Mardani; জন্ম ১ জুলাই ১৯৮৮ চনত ইৰানৰ শ্বাহৰেকৰ্ডত) এজন ইৰানী টাইকোৱাণ্ডো খেলুৱৈ। মেক্সিকোৰ পুৱেবলাত অনুষ্ঠিত ২০১৩ চনৰ বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তেওঁ পুৰুষৰ হেভিৱেইট শাখাত ৰূপৰ পদক লাভ কৰিছিল।
-
জোহানা ৱেলিন
জোহানা ৱেলিন ( Johanna Welin; জন্ম: ২৪ জুন ১৯৮৪) এগৰাকী ছুইডেনত জন্মগ্ৰহণ কৰা জাৰ্মান ২.০ পইণ্ট হুইলচেয়াৰ বাস্কেটবল খেলুৱৈ। তেওঁ জাৰ্মান হুইলচেয়াৰ বাস্কেটবল লীগত ইউ এছ চি মিউনিখৰ হৈ খেলিছিল আৰু ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত সোণৰ পদক লাভ কৰা জাতীয় দলটোৰ হৈ খেলিছিল, ইয়াৰ…
-
ডেলিলা হাটুৱেল
ডেলিলা হাটুৱেল (Delila Hatuel, דלילה חטואל; জন্ম: ১৫ নৱেম্বৰ, ১৯৮০) এগৰাকী ইজৰাইলী অলিম্পিক ফয়েল ফেন্সাৰ। তেওঁ ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ইজৰাইলক প্ৰতিনিধিত্ব কৰিছিল, আৰু এসময়ত ফেন্সিং খেলত বিশ্বৰ নৱম স্থানত আছিল।
-
নাদিয়া নদিম
নাদিয়া নদিম পাৰ্চী: نادیه ندیم; (জন্ম হৈছিল ২ জানুৱাৰী ১৯৮৮) এগৰাকী আফগান-ডেনিছ পেছাদাৰী মহিলা ফুটবলাৰ যি চিৰি এ ক্লাব এচি মিলানৰ হৈ ষ্ট্ৰাইকাৰ হিচাপে খেলে। আফগানিস্তানত জন্মগ্ৰহণ কৰা নাদিয়া নাদিমে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দলৰ হৈ ফুটবল খেলে।
-
নিদা দাৰ
নিদা দাৰ এগৰাকী পাকিস্তানৰ মহিলা ক্ৰিকেটাৰ। নিদা দাৰ এগৰাকী সোঁহাতীয়া বেটাৰ আৰু সোঁ-হাতৰ অফ ব্ৰেক বলাৰ। ২০২৩ চনৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে তেওঁ পাকিস্তান মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে আছে। এগৰাকী অলৰাউণ্ডাৰ হিচাপে ডাৰ হৈছে মহিলাৰ আটাইতকৈ সফল টি-২০ বলাৰ।
-
নিশা চৌধুৰী
নিশা চৌধুৰী (Nisha Chaudhary,১৯৫২–২০০১) এগৰাকী সামাজিক আৰু ৰাজনৈতিক সমাজকৰ্মী আছিল৷ তেওঁ ১৯৯০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ গুজৰাট ৰাজ্যৰ সবৰকান্ত সমষ্টিৰ পৰা তিনিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
প্ৰিন্সেছ দুদু
প্ৰিন্সেছ দুদু (জন্ম ২০ অক্টোবৰ ১৯৭৮, বেনিন চিটি) হৈছে নাইজেৰিয়াৰ এগৰাকী টাইকোৱাণ্ডো খেলুৱৈ, যিয়ে মহিলাৰ হেভিওয়েইট শাখাত প্ৰতিযোগিতা কৰিছে। তেওঁ ২০০৩ অল-আফ্ৰিকা গেমছত ৭২ কিঃ গ্ৰামৰ ওপৰৰ শাখাত সোণৰ পদক লাভ কৰিছিল আৰু ২০০৪ গ্ৰীষ্মকালীন অলিম্পিকত নাইজেৰিয়াৰ প্ৰতিনিধিত্ব কৰিছিল।
-
ফিডেলিয়া এডামছ জনছন
ফিডেলিয়া অলিন এডামছ জনছন (১৭ এপ্ৰিল, ১৯০৫ – ১৪ মে’, ১৯৯৬) আছিল এগৰাকী আমেৰিকান খেলুৱৈ আৰু শিক্ষাবিদ। তেওঁ ১৯২৯ চনৰপৰা ১৯৭০ চনলৈকে গ্ৰেম্বলিং ষ্টেট ইউনিভাৰ্চিটিত ঘৰুৱা অৰ্থনীতিৰ অধ্যাপনা কৰিছিল আৰু মহিলা বাস্কেটবল দলৰ প্ৰশিক্ষক আছিল।
-
বিয়া আৰু ব্ৰাংকা
বেয়াট্ৰিজ ফেৰেছ আৰু ব্ৰাংকা ফেৰেছ (২২ ফেব্ৰুৱাৰী, ১৯৮৮, ব্ৰাজিল) হৈছে ব্ৰাজিলৰ ছিঙ্ক্ৰোনাইজড ছুইমাৰ, মডেল আৰু অভিনেত্ৰী। তেওঁলোক যমজ ভগ্নী।
-
মমতা সোধা
মমতা সোধা ( Mamta Sodha) এগৰাকী ভাৰতীয় ক্ৰীড়াবিদ, ২০১০ চনত মাউণ্ট এভাৰেষ্ট স্কেল কৰাৰ সফল প্ৰচেষ্টাৰ বাবে পৰিচিত। পৰ্বতাৰোহণ ক্ৰীড়াৰ ক্ষেত্ৰত কৰা সেৱাৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰি সন্মানিত কৰে।
-
যমুনা গুৰুং (ফুটবলাৰ)
যমুনা গুৰুং এগৰাকী নেপালী ফুটবল খেলুৱৈ। তেওঁ নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল প্ৰাক্তন অধিনায়ক। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত ২১টা গ'ল আৰু ঘৰুৱা লীগ ফুটবলত ৩৫টা গ'ল ৰেৰ্কডেৰে গুৰুং আটাইতকৈ সফল আৰু প্ৰসিদ্ধ নেপালী মহিলা ফুটবল খেলুৱৈ। প্ৰশিক্ষক কুমাৰ কাটুৱাল কয়,"গুৰুং আমাৰ দলৰ বাবে এক মূল্যৱান সম্পদ।
-
শীতল মহাজন ৰানে
শীতল মহাজন ৰানে ( Shital Mahajan Rane) এগৰাকী ভাৰতীয় চৰম ক্ৰীড়াবিদ, স্কাইডাইভাৰ আৰু এই ক্ৰীড়াৰ আঠটা বিশ্ব অভিলেখৰ অধিকাৰী। ১০,০০০ ফুটৰ পৰা এন্টাৰ্কটিকাৰ ওপৰেৰে ত্বৰান্বিতভাৱে মুক্তভাৱে পতন কৰা জাম্প কৰা প্ৰথমগৰাকী মহিলা, উত্তৰ আৰু দক্ষিণ মেৰু দুয়োটাৰে ওপৰেৰে জঁপিয়াই পৰা আটাইতকৈ কম বয়সীয়া…
-
সানজিদা ইছলাম
সানজিদা ইছলাম (জন্ম: ১ এপ্ৰিল ১৯৯৬) এগৰাকী বাংলাদেশী মহিলা ক্ৰিকেটাৰ, যিগৰাকীয়ে বাংলাদেশৰ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ খেলে। তেওঁ এগৰাকী সোঁহতীয়া বেটছমেন। সানজিদাৰ জন্ম হৈছিল বাংলাদেশ ৰংপুৰত।
-
সুমাইয়া মাতসুশিমা
ছুমায়া মাটছুছিমা (: Sumaya Matsushimaজন্ম ১৫ ফেব্ৰুৱাৰী ২০০১ চন); বাংলাদেশৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ফ্ৰীষ্টাইল খেলুৱৈ হিচাপেও তেওঁক গণ্য কৰা হয়। ২০০১ চনৰ ১৫ ফেব্ৰুৱাৰীত জাপানত জন্মগ্ৰহণ কৰে।
-
স্নেহা সোৰেন
স্নেহা সোৰেন (জন্ম ২০০১) ভাৰতৰ এগৰাকী মহিলা ভাৰোত্তোলনকাৰী। অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত হোৱা ২০১৭ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ লগতে ২০২৩ চনৰ নেশ্যনেল গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ বাবে ওড়িশা চৰকাৰৰ পৰা সোৰেনে একলব্য বঁটা লাভ কৰিছিল।