ক্ৰিষ্টিয়ানো ৰোনাল্ডো ডছ ছাণ্ট 'ছ এভেইৰো (জন্ম 5 ফেব্ৰুৱাৰী 1985) এজন পৰ্তুগিজ পেছাদাৰী ফুটবল খেলুৱৈ। পৰ্তুগাল ৰাষ্ট্ৰীয় দল ফৰৱাৰ্ড তথা অধিনায়ক ৰোনাল্ডোৱে বৰ্তমান ছৌদি প্ৰ 'লীগ ক্লাব আল নাছৰ ক্লাবৰ হৈ খেলি আছে। সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা ৰোনাল্ডোৱে তেওঁৰ পেচাদাৰী ফুটবল কেৰিয়াৰত অসংখ্য অভিলেখ স্থাপন কৰিছে। ইয়াৰ ভিতৰত পাঁচটা বেলন ডি 'অৰ বঁটা, অভিলেখ সংখ্যক তিনিবাৰ ইউইএফএ পুৰুষ বৰ্ষশ্ৰেষ্ঠ খেলুৱৰ বঁটা, চাৰিটা ইউৰোপীয় গ' ল্ডেন শ্ব' আৰু ফিফাৰ বিশ্বৰ শ্ৰেষ্ঠ খৈলুৱৈ হিচাপে পাঁচবাৰ মনোনীত হৈছে। এজন ইউৰোপীয়ান ফুটবলাৰ হিচাপে ৰোনাল্ডোৱে এইসমূহ অভিলেখ গঢ়িছে। তেওঁ এতিয়ালৈকে সাতবাৰ লীগ খিতাপ, পাঁচটা ইউইএফএ চেম্পিয়ন্ছ লীগ, ইউইএফএ ইউৰোপীয় চেম্পিয়নশ্বিপ আৰু ইউইএফএ নেশ্যনছ লীগকে ধৰি 33টা ট্ৰফী লাভ কৰিছে। ৰোনাল্ডোৱে উৱেফা চেম্পিয়ন্ছ লীগত১ ৮৩ খন খেলত খেলাৰ অভিলেখ গঢ়ি ১৪০ টা গ' ল আৰু ৪২ টাএচিষ্ট কৰিছে। ইউৰোপীয়ান চেম্পিয়নশ্বিপত (৩০ খন) ৮ টা এচিষ্টৰে ১৪ টা গ' ল কৰিছে। ২১৬ খন আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক ১৩৩ গ 'ল কৰাৰো অভিলেখগৰাকীৰ ৰোনোল্ডো। তেওঁ ১,২০০তকৈ অধিক পেচাদাৰী মেচৰ কেৰিয়াৰত সৰ্বকালৰ সৰ্বাধিক ৯০০ টা গ'ল কৰাৰো অভিলেখ গঢ়িছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিষ্টিয়ানো ৰোনাল্ডো” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৬২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।