ফিডেলিয়া অলিন এডামছ জনছন (১৭ এপ্ৰিল, ১৯০৫ – ১৪ মে’, ১৯৯৬) আছিল এগৰাকী আমেৰিকান খেলুৱৈ আৰু শিক্ষাবিদ। তেওঁ ১৯২৯ চনৰপৰা ১৯৭০ চনলৈকে গ্ৰেম্বলিং ষ্টেট ইউনিভাৰ্চিটিত ঘৰুৱা অৰ্থনীতিৰ অধ্যাপনা কৰিছিল আৰু মহিলা বাস্কেটবল দলৰ প্ৰশিক্ষক আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
এডামছৰ জন্ম লুইজিয়ানাৰ গ্ৰেম্বলিঙত হৈছিল। তেওঁ চাৰ্লছ পি. এডামছ আৰু মাৰ্থা নৰ্মান এডামছৰ জ্যেষ্ঠ কন্যা আছিল।১২ তেওঁৰ পিতৃ গ্ৰেম্বলিং ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক আৰু সভাপতি আছিল।৩৪ তেওঁৰ ককাদেউতা লুইচ এডামছে টাস্কেগী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।৫৬ উত্তৰ লুইজিয়ানা কৃষি আৰু ঔদ্যোগিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাত সহায় কৰা ফিডেলিয়া জেৱেটৰ নামেৰে তেওঁৰ নামকৰণ কৰা হৈছিল।১
তেওঁ ১৯২৯ চনত টাস্কেগী ইনষ্টিটিউটৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। টাস্কেগীত তেওঁ চাৰিওটা বছৰ বাস্কেটবলত লেটাৰিং কৰিছিল আৰু দলৰ অধিনায়ক আছিল।৭ তেওঁ ১৯৪৫ চনত আইঅ’ৱা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে,৮ আৰু এণ্টিঅ’ক বিশ্ববিদ্যালয় আৰু মিছিগান ষ্টেট বিশ্ববিদ্যালয়ত অধিক অধ্যয়ন কৰে।৯ তেওঁ আলফা কাপ্পা আলফা ছ’ৰ’ৰিটিৰ সদস্য আছিল।১
কেৰিয়াৰ
জনছনে গ্ৰেম্বলিং ষ্টেট ইউনিভাৰ্চিটিত ঘৰুৱা অৰ্থনীতিৰ অধ্যাপনা কৰিছিল। ইয়াত তেওঁ মহিলা বাস্কেটবল দলৰ প্ৰশিক্ষক, ঘৰুৱা অৰ্থনীতি বিভাগৰ অধ্যক্ষা, মহিলাৰ ডীন আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য আছিল।৪ কেম্পাছত তেওঁক “মামা ফি” নামেৰে জনা গৈছিল।১ তেওঁ গ্ৰেম্বলিঙৰ “ফিল্ড চাৰ্ভিচ প্ৰগ্ৰাম” আৰম্ভ কৰে, যি এটা উদ্ভাৱনীমূলক আউটৰিচ প্ৰকল্প আছিল। তেওঁ বিদ্যালয়খনত ঘৰুৱা অৰ্থনীতি-শিক্ষা, প্ৰাথমিক শিশু শিক্ষা আৰু প্ৰতিষ্ঠানিক পৰিচালনাৰ মেজৰ আৰম্ভ কৰে।৪৬ ১৯৭০ চনত তেওঁ বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে।৯১০
১৯২৫ চনত এডামছে ভাৰ্জিনিয়াত অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক হেম্পটন বিল্ডাৰ্ছ সন্মিলনত ভাষণ দিয়ে।১১ ১৯৭৪ চনত তেওঁক টাস্কেগী বিশ্ববিদ্যালয়ৰ এথলেটিকছ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।১২ ১৯৭৮ চনত তেওঁ কৃষ্ণাঙ্গ মহিলা মৌখিক ইতিহাস প্ৰকল্পৰ বাবে মৌখিক ইতিহাস সাক্ষাৎকাৰ দিয়ে।১৩১৪ ১৯৮২ চনত তেওঁ গ্ৰেম্বলিং হল অৱ ফেমত অন্তৰ্ভুক্ত হয়।৯
ব্যক্তিগত জীৱন
১৯৩৪ চনত এডামছে সহযোগী টাস্কেগীৰ প্ৰাক্তন ছাত্ৰ আৰু গ্ৰেম্বলিং ক্ৰীড়া প্ৰশিক্ষক অজিয়াছ জনছনক বিবাহ কৰে।১৫ ১৯৮০ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। ১৯৯৬ চনত ৯১ বছৰ বয়সত লুইজিয়ানাৰ ৰাষ্টনত তেওঁৰ মৃত্যু হয়।১৬ গ্ৰেম্বলিঙৰ চাৰ্লছ পি. এডামছ হাউছ ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত অন্তৰ্ভুক্ত কৰা হয় আৰু গ্ৰেম্বলিং ষ্টেট ইউনিভাৰ্চিটি ফাউণ্ডেশ্যনলৈ দান কৰা হয়।১৭
তথ্যসূত্ৰ
- ↑ (2016-03-31). In Commemoration of Woman's History Month. The Gramblinite
- ↑ (1983-07-15). Grambling Hall of Fame finds home sweet home. The Times. পৃ. 19
- ↑ Carter, Doris Dorcas. (1976). Charles P. Adams and Grambling State University: The Formative Years (1901-1928). Louisiana History: The Journal of the Louisiana Historical Association. পৃ. 401–412
- ↑ Richard, Jeff. (1996-05-18). GSU founder's late daughter honored. The Times. পৃ. 13
- ↑ Lewis Adams. Tuskegee Institute National Historic Site, U.S. National Park Service
- ↑ (1971-01-02). Daughter of Grambling Col. Founder Retires. The Louisiana Weekly. পৃ. 11
- ↑ (1926-06-05). Tuskegee Names 1926 Captains. The Afro-American. পৃ. 15
- ↑ Adams Johnson, Fidelia Olin. (1945). The rehabilitation and furnishing of a typical rural home for negroes in Lincoln Parish, Louisiana. University of Iowa
- ↑ Watters, Cyra. (2022-03-07). Women's History Month Profile: Fidelia A. Johnson. The Gramblinite
- ↑ Carter, Doris L. (Spring-Summer 1998). Fidelia Adams Johnson and Grambling State University. North Louisiana Historical Association Journal. পৃ. 70–91
- ↑ Brown, H. Whittemore. (1925-03-14). 3rd Annual Conference of Builders Held at Hampton--R.R. Taylor, Pres.. The New York Age. পৃ. 9
- ↑ "Fidelia O. Adams Johnson, Class of 1974" Tuskegee University Athletics Hall of Fame.
- ↑ Hill, Ruth Edmonds. (2013-06-21). The Black Women Oral History Project. Cplt.. Walter de Gruyter. পৃ. 246–247. ISBN 978-3-11-097391-4
- ↑ Fauxsmith, Jennifer. Research Guides: Black Women Oral History Project Interviews, 1976–1981: Biographies. Schlesinger Library, Harvard University
- ↑ (1934-08-17). Cupid Throws Grid Ace. The St. Louis Argus. পৃ. 6
- ↑ Coolman, A. Denise. (1996-05-16). Grambling's 'Mama Fi' dies at 91 in Ruston. The News-Star. পৃ. 10
- ↑ Rushing, Eleanor. (1996-11-07). Home Sweet History; Grambling State founder's home on state registry of historic places. The News-Star. পৃ. 17
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিডেলিয়া এডামছ জনছন” প্ৰবন্ধৰ সংশোধন ৫৮৪০৭১ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।