অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সানজিদা ইছলাম

সানজিদা ইছলাম (জন্ম: ১ এপ্ৰিল ১৯৯৬) এগৰাকী বাংলাদেশী মহিলা ক্ৰিকেটাৰ, যিগৰাকীয়ে বাংলাদেশৰ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ খেলে। তেওঁ এগৰাকী সোঁহতীয়া বেটছমেন। সানজিদাৰ জন্ম হৈছিল বাংলাদেশ ৰংপুৰত।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সানজিদা ইছলাম (জন্ম: ১ এপ্ৰিল ১৯৯৬) এগৰাকী বাংলাদেশী মহিলা ক্ৰিকেটাৰ, যিগৰাকীয়ে বাংলাদেশৰ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ খেলে।১২৩ তেওঁ এগৰাকী সোঁহতীয়া বেটছমেন। সানজিদাৰ জন্ম হৈছিল বাংলাদেশ ৰংপুৰত।৪

ব্যক্তিগত জীৱন

২০২০ চনৰ ২১ অক্টোবৰত তেওঁ বাংলাদেশৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ মিম মোছাডেকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৫৬

কেৰিয়াৰ

২০২০ চনৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ সময়ত বাংলাদেশৰ হৈ বেটিং কৰি থকা সানজিদা (2020 আইচিচি মহিলা টি-20 বিশ্বকাপ)।
২০২০ চনৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ সময়ত বাংলাদেশৰ হৈ বেটিং কৰি থকা সানজিদা (2020 আইচিচি মহিলা টি-20 বিশ্বকাপ)।ছবি: Bahnfrend · CC BY-SA 4.0

সানজিদাই ২০১২ চনৰ ২৮ আগষ্টত আয়াৰলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে খেলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ যোগেদি‍ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৮ চনৰ জুন মাহত বাংলাদেশ মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপ খিতাপ জয় কৰিছিল আৰু ২০১৮ চনৰ মহিলা টুৱেণ্টি-২০ এছিয়া কাপ প্ৰতিযোগিতা জয় কৰা দলটোৰ সানজিদা আছিল এগৰাকী সদস্যা।৭৮৯ সেই মাহৰ শেষৰ ফালে, তেওঁক ২০১৮ চনৰ আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ যোগ্যতা অৰ্জন প্ৰতিযোগিতাৰ বাবে বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।১০

২০১৮ চনৰ অক্টোবৰ মাহত তেওঁক ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত ২০১৮ আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ প্ৰতিযোগিতাৰ বাবে বাংলাদেশৰ দলৰ বাবে মনোনীত কৰা হৈছিল।১১১২ ২০১৯ চনৰ আগষ্ট মাহত স্কটলেণ্ডত অনুষ্ঠিত হোৱা ২০১৯ আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ যোগ্যতা অৰ্জন প্ৰতিযোগিতাৰ বাবে তেওঁক বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।১৩ পাঁচখন খেলত 156 ৰান সংগ্ৰহ কৰি তেওঁ প্ৰতিযোগিতাখনত বাংলাদেশৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে চিহ্নিত হৈছিল।১৪ ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁক ২০১৯ দক্ষিণ এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।১৫ বাংলাদেশৰ দলটোৱে ফাইনেলত শ্ৰীলংকাক দুই ৰানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰিছিল।১৬ ২০২০ চনৰ জানুৱাৰীত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ২০২০ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বাবে তেওঁক বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।১৭

তথ্যসূত্ৰ

  1. ↑ (2013-08-23). আৰ্কাইভ কপি
  2. ↑ http://www.samakal.net/2014/01/19/33630
  3. ↑ (2014-01-10). মহিলা ক্ৰিকেটাৰদেৰ ক্যাম্প শুৰু. Sportbangla.com
  4. ↑ (1997-04-01). The Home of CricketArchive. Cricketarchive.com
  5. ↑ Bangladeshi Cricketer Strikes a Pose with Bat in Wedding Photoshoot, Internet Hails Her for 'Passion'. News18
  6. ↑ Bangladesh cricketer Sanjida Islam's cricket themed wedding photoshoot goes viral. Circle of Cricket
  7. ↑ Bangladesh name 15-player squad for Women's Asia Cup. International Cricket Council
  8. ↑ Bangladesh Women clinch historic Asia Cup Trophy. Bangladesh Cricket Board
  9. ↑ Bangladesh stun India in cliff-hanger to win title. International Cricket Council
  10. ↑ ICC announces umpire and referee appointments for ICC Women's World Twenty20 Qualifier 2018. International Cricket Council
  11. ↑ Media Release: ICC WOMEN'S WORLD T20 WEST INDIES 2018: Bangladesh Squad Announced. Bangladesh Cricket Board
  12. ↑ Bangladesh announce Women's World T20 squad. International Cricket Council
  13. ↑ Bangladesh name 14-member squad for ICC T20 World Cup Qualifier 2019. International Cricket Council
  14. ↑ team=4240; type=tournament ICC Women's T20 World Cup Qualifier, 2019 - Bangladesh Women: Batting and bowling averages. ESPN Cricinfo
  15. ↑ Nazmul Hossain to lead Bangladesh in South Asian Games. CricBuzz
  16. ↑ https://www.thedailystar.net/sports/bangladesh-cricket/news/bangladesh-womens-cricket-team-take-gold-sa-games-1837444
  17. ↑ Rumana Ahmed included in Bangladesh T20 WC squad. Cricbuzz

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সানজিদা ইছলাম” প্ৰবন্ধৰ সংশোধন ৫৭০১৬৪ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।