আশা আগৰৱাল (: Asha Agarwal; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰীড়াবিদ। তেওঁ কেইবাখনো ক্ৰীড়া প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শনৰ বাবে বহু প্ৰশংসা লাভ কৰিছিল।১ ভাৰতৰ প্ৰাক্তন মহিলা মাৰাথন চেম্পিয়নগৰাকীয়ে ভাৰতৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মানীয় বঁটা অৰ্জুন বঁটা লাভ কৰিছে।১ ১৯৮৩ চনত তেওঁ মাৰাথন ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু অতি সোনকালেই ঘৰুৱা পৰ্যায়ত নিজৰ নাম উজলাইছিল।২
১৯৮৫ চনৰ ২৭ জানুৱাৰীত হংকং মাৰাথনত জয়ী হোৱা আশা আগৰৱালে ১৯৮৫ চনৰ ছেপ্টেম্বৰ মাহত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান ট্ৰেক এণ্ড ফিল্ড মিটত সোণৰ পদক লাভ কৰি ২ ঘণ্টা ৪৮ মিনিট ৫১ ছেকেণ্ডৰ অভিলেখ গঢ়িছিল, যিটো এতিয়াও আছে। আশা আগৰৱাল ১৯৮৫ চনৰ এছিয়ান চেম্পিয়নশ্বিপত মাৰাথন খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।১
১৯৮৯ চনত দিল্লীত অনুষ্ঠিত হোৱা ফ্ৰিডম ৰেছ, ১৯৮৬ চনত ট্ৰিনিদাদ মাৰাথনত জয়ী হয় আৰু ২৬টা মাৰাথনৰ ভিতৰত আঠটা মাৰাথন ২ ঘণ্টা ৫০ মিনিটৰ তলত দৌৰিছে।৩
তথ্যসূত্ৰ
- ↑ asha agarwal
- ↑ Singh, Navneet. (2014-11-23). A race to reach the starting point. Hindustan Times
- ↑ Mumbai marathon 2004, Trivia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৪৮৩৯০৬ (২৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।