হৰমনপ্ৰীত সিং (জন্ম ৬ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় হকী খেলুৱৈ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলৰ অধিনায়ক।১ তেওঁ এজন ডিফেণ্ডাৰ আৰু পেণাল্টি কৰ্ণাৰ বিশেষজ্ঞ। তেওঁক বিশ্বৰ শ্ৰেষ্ঠ ড্ৰেগ ফ্লিকাৰসকলৰ অন্যতম বুলি গণ্য কৰা হয়।২ তেওঁ বৰ্তমানলৈকে আধুনিক হকীত ভাৰতৰ হৈ আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় গ’ল কৰিছে। তেওঁৰ নেতৃত্বতে ভাৰতীয় হকী দলে ২০২৪ পেৰিছ অলিম্পিকত ব্ৰঞ্জ পদক জয় কৰিছিল।৩ এয়া আছিল তেওঁৰ অলিম্পিকত তৃতীয়বাৰৰ অংশগ্ৰহণত দ্বিতীয়টো ব্ৰঞ্জ পদক।৪ সিঙে দলটোক নেতৃত্ব দি ২০২২ এছিয়ান গেমছত সোণৰ পদকো জয় কৰোৱাইছিল। তেওঁ এফ.আই.এইচ. বঁটাত তিনিবাৰকৈ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰিছে।৫ দলৰ সন্মুখত থাকি দলটোক জয়ৰ দিশে আগবঢ়াই নিয়াৰ বাবে তেওঁক “সৰপাঞ্চ ছাব” নামেৰেও জনা যায়।৬
তথ্যসূত্ৰ
- ↑ Ganesan, Uthra. (17 June 2023). Defender, drag-flicker, leader: Harmanpreet inhabits the best of all worlds. The Hindu
- ↑ Harmanpreet Singh: Indian hockey's drag-flick superstar. olympics.com
- ↑ (2024-08-08). Hockey India announces cash prize for Paris Olympics bronze medal winning team. The Times of India
- ↑ (2024-08-08). Indian men's hockey team clinches bronze by beating Spain, ends mini-drought at Paris Olympics. Firstpost
- ↑ (2024-07-23). Harmanpreet's form crucial for India's Olympics medal hopes: Hockey India chief. India Today
- ↑ (16 August 2024). PM Modi praises 'sarpanch' Harmanpreet for giving memorable farewell to PR Sreejesh. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰমনপ্ৰীত সিং” প্ৰবন্ধৰ সংশোধন ৫৭১৭৫৫ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।