অৰ্মিতা গেৰাভাণ্ড (Armita Geravand) আছিল এগৰাকী ১৭বছৰীয়া ইৰাণী কিশোৰী ছোৱালী। ২০২৩ চনৰ ১ অক্টোবৰত তেহৰাণ মেট্ৰ'ত ইছলামিক হিজাব বলবৎকাৰী বিষয়াৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ অভিযোগত শাৰীৰিকভাৱে আঘাটপ্ৰাপ্ত হৈ ক'মাত পৰিছিল।১২ তেওঁক সামৰিক চিকিৎসালয়ৰ (ICU) গভীৰ চিকিৎসা পৰিচৰ্য্যা বিভাগত ৰখা হয়,৩ য'ত ২০২৩ চনৰ ২২ অক্টোবৰত তেওঁক মগজুৰ মৃত বুলি ঘোষণা কৰা হয়,৪ আৰু ২৮ অক্টোবৰত মৃত বুলি ঘোষণা কৰা হয়।৫ এই কাণ্ডক মাহছা আমিনিৰ মৃত্যুৰ সৈতে তুলনা কৰা হৈছে আৰু জাৰ্মানীৰ বৈদেশিক মন্ত্ৰীয়ে ইয়াক "অসহনীয়" বুলি অভিহিত কৰিছে।৩২
আৰ্মিতা তেহৰাণৰ এখন কলা হাইস্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল। অৰ্মিতা আছিল এগৰাকী পেছাদাৰী টাইকোৱাণ্ডো খেলুৱৈ। ২০১৩ চনৰপৰা পেছাদাৰীভাৱে এই খেলবিধ খেলিবলৈ আৰম্ভ কৰা ছানীয়ে যুদ্ধ কলাৰ ডান ৩ স্তৰ অৰ্জন কৰিছে। তেহৰাণৰ ‘আনাহিদ ৰাজাম’ টাইকোৱাণ্ডো দলৰ সদস্য আছিল অৰ্মিতা আৰু তেওঁৰ হাতত আছিল পেম ৱান বেল্ট।
দক্ষিণ কোৰিয়ান সংস্কৃতিৰ প্ৰতি অৰ্মিতাৰ গভীৰ আগ্ৰহ আছিল আৰু কোৰিয়ান সংগীত গোট বিটিএছৰ ভাল অনুৰাগী আছিল। অৰ্মিতাই বিটিএছৰ অন্যতম মূল সদস্য জিমিন আৰু জাংকুকৰ কাপোৰ আৰু চুলিৰ ষ্টাইল অনুকৰণ কৰি ভাল পাইছিল।
পটভূমি
গেৰাভাণ্ডৰ পৰিয়ালটো মূলতঃ ইৰানৰ লৰেষ্টান প্ৰদেশৰ কুহদাষ্ট কাউণ্টিৰ টাৰহান জিলাৰ। ইৰাণত মহিলাসকলে কঠোৰ ইছলামিক সাজ-পোছাকৰ অধীনত চুলি ঢাকি ৰখা আৰু ঢিলা কাপোৰ পিন্ধিব লাগিব।৬ এই নিয়ম উলংঘা কৰাসকলক ৰাজহুৱাভাৱে ধমক, জৰিমনা বা 'গাইডেন্স পেট্ৰ'ল' (যাক 'নৈতিকতা আৰক্ষী' বুলিও কোৱা হয়)দ্বাৰা গ্ৰেপ্তাৰৰ সন্মুখীন হ'বলগীয়া হয়।৩
ঘটনা
২০২৩ চনৰ ১ অক্টোবৰত ১৭বছৰীয়া আৰ্মিতা গেৰাভাণ্ডক দুজন বন্ধুৰ সৈতে তেহৰাণ মেট্ৰ’ত উঠি অহা দেখা গৈছিল। তাইৰ বন্ধুসকলে তাইক অচেতন অৱস্থাত ৰেলৰপৰা উলিয়াই আনি উপস্থিত ৰাইজক চিকিৎসাৰ সহায়ৰ বাবে মাতি আনি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গ’ল।২ মগজুত গুৰুতৰ আঘাত পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়।৭
এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, গেৰাভাণ্ডে ছাবমেট্ৰ’ গাড়ীত প্ৰৱেশ কৰাৰ কিছুসময়ৰ পাছতে হিজাব বলবৎকাৰী এজনে তেওঁৰ সৈতে তৰ্ক কৰিবলৈ আৰম্ভ কৰে কাৰণ অৰ্মিতাই হেডস্কাৰ্ফ পিন্ধা নাছিল। তৰ্ক তীব্ৰতৰ হৈ পৰে, আৰু হিজাব বলবৎকাৰীয়ে তাইক শাৰীৰিকভাৱে আক্ৰমণ কৰে। তেহৰাণ আৰু হোমা মেট্ৰ’ কোম্পানীয়ে জনোৱা মতে, গেৰাভাণ্ডে উঠি যোৱা TWM-EM-1203 ছিৰিজৰ ছাবমেট্ৰ’ গাড়ীখনত একাধিক ভিডিঅ’ চাৰ্ভিলেন্স কেমেৰা আছিল। কিন্তু ইৰাণৰ সংবাদ সংস্থাসমূহে ৰেলখনৰ ভিতৰৰপৰা কোনো ফুটেজ প্ৰকাশ কৰা নাই। ৩৮
অভিযোগ
নৰৱেৰ মানৱ অধিকাৰ সংস্থা হেংগাৱৰ (Hengaw) মতে, হিজাব পৰিধান নকৰাৰ বাবে গেৰাভাণ্ডে নৈতিকতা আৰক্ষী বিষয়াৰ সন্মুখীন হৈছিল। চমু তৰ্ক-বিতৰ্কৰ অন্তত তাইক আক্ৰমণ কৰি পৰি মূৰত খুন্দা মাৰি অজ্ঞান কৰি পেলোৱা হয়।৬৯ ইৰাণৰ কৰ্তৃপক্ষই কোনো ধৰণৰ শাৰীৰিক কাজিয়া অস্বীকাৰ কৰিছে আৰু দাবী কৰিছে যে তেওঁ নিম্ন ৰক্তচাপৰ বাবে অজ্ঞান হৈ পৰিছিল। ৩৮
মেট্ৰ’ ষ্টেচনৰপৰা ছিকিউৰিটি কেমেৰাৰ ফুটেজত দেখা গৈছে যে গেৰাভাণ্ডে হিজাব নোহোৱাকৈ আন দুগৰাকী ছোৱালীৰ সৈতে ৰে’লত প্ৰৱেশ কৰিছে। কিছুসময়ৰ পাছতে তাইৰ বন্ধুসকলে তাইক অচেতন অৱস্থাত ৰেলৰপৰা উলিয়াই অনা দেখা যায়।৩ ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে দাবী কৰে যে এই ফুটেজে তেওঁলোকৰ আখ্যানক সমৰ্থন কৰে, কিন্তু ইয়াত ৰেল বিভাগৰ ভিতৰৰ পৰিঘটনাসমূহ দেখুওৱা হোৱা নাই যে কেনেদৰে অৰ্মিতা গেৰাভাণ্ড ক'মাত পৰিবলগীয়া অৱস্থাত পৰিছিল।৬ এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ ইভিডেন্স লেবৰ এক বিশ্লেষণত অভিযোগ কৰা হৈছে যে ভিডিঅ'টোৰ কেইবাটাও অংশ দ্ৰুত গতিৰে চলোৱা হৈছিল আৰু টাইম ষ্টাম্পৰ ভিত্তিত ফুটেজটোত ৩ মিনিট ১৬ ছেকেণ্ডৰ ব্যৱধান আছে। ১০
তাৰ পিছৰ পৰিণতি
গেৰাভাণ্ডৰ মাতৃ ১১ আৰু তেওঁৰ সাক্ষাৎকাৰ লৈ থকা শ্বাৰক দৈনিক কাকতৰ এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয়।৬ গেৰাভাণ্ডক লৈ যোৱা চিকিৎসালয়খনৰ ইনটেনচিভ কেয়াৰ ইউনিট (ICU)ত নিৰাপত্তাৰক্ষীয়ে পহৰা দিছিল।৬
২২ অক্টোবৰত ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে ঘোষণা কৰে যে কেইবা সপ্তাহ ধৰি ক'মাত থকাৰ পিছত গেৰাভাণ্ডৰ মগজু মৃত ঘোষণা কৰা হয়। ৪ ২৮ অক্টোবৰত গেৰাভাণ্ডক মৃত বুলি ঘোষণা কৰা হয়।৫
এই ঘটনাই মাহছা আমিনিৰ গোচৰৰ সৈতে তুলনা কৰিছে। মাহছা আমিনি আছিল এগৰাকী ২২বছৰীয়া কুৰ্দি মহিলা যিয়ে ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত নৈতিকতা আৰক্ষীৰ জিম্মাত থকাৰ সময়তে সন্দেহজনক মৃত্যুবৰণ কৰে।৩ আমিনিৰ মৃত্যুৰ পাছত সমগ্ৰ ইৰাণতে দেশজুৰি প্ৰতিবাদৰ সৃষ্টি হয়।৪১২১৩ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে প্ৰতিবাদকাৰীক দমন কৰে আৰু হিজাবৰ ওপৰত আইন কঠোৰ কৰে।৬ গেৰাভাণ্ডৰ গোচৰটোৱে আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখীন হৈছে আৰু ইয়াৰ বাবে স্বতন্ত্ৰ তদন্তৰ আহ্বান জনোৱা হৈছে।৩৬১০ ইৰাণ চৰকাৰে এই আন্তঃৰাষ্ট্ৰীয় সমালোচনাক নাকচ কৰি এয়া ইৰানৰ অভ্যন্তৰীণ বিষয়ত “হস্তক্ষেপ” বুলি অভিহিত কৰিছে।
তথ্যসূত্ৰ
- ↑ Iranian teenager Armita Geravand is 'brain dead': state media. Reuters
- ↑ Willinger, Katharina. (4 October 2023). Mädchen im Iran im Koma: Ein neuer Fall Amini?. Tagesschau
- ↑ Daniel Arkin. (5 October 2023). An Iranian girl is hospitalized, fueling new outrage at the morality police. NBCNews.com
- ↑ (22 October 2023). Iranian teenager Armita Geravand is 'brain dead': state media. Reuters
- ↑ (28 October 2023). Iranian teenager Armita Geravand dies after alleged confrontation, IRNA reports. Reuters
- ↑ Farnaz Fassihi. (5 October 2023). With Iranian Girl in Coma, Suspicion Falls on Government. The New York Times
- ↑ (22 October 2023). Iran: Teen Armita Geravand 'brain dead' after hijab incident. DW News
- ↑ Wintour, Patrick; Parent, Deepa. (5 October 2023). Iran urged to release full CCTV of what led to teenage girl's coma. The Guardian
- ↑ Salem, Mostafa; Rebane, Teele; Akbarzai, Sahar. (4 October 2023). Iranian activists accuse morality police of assault after teenage girl hospitalized. CNN
- ↑ (6 October 2023). Armita Garawand: Independent investigation into schoolgirl's critical injuries needed amid mounting evidence of a cover up in Iran. Amnesty International
- ↑ (5 October 2023). Rights group says mother of Armita Geravand arrested in Iran - X platform. Reuters
- ↑ Shoura Hashemi. (11 April 2023). How The Jina Revolution In Iran Is Like No Other Movement In Islamic Republic. Outlook
- ↑ Amberin Zaman. (15 September 2023). A year since Mahsa Amini's killing, Iran's Kurds brace for renewed crackdown. Al-Monitor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্মিতা গেৰাভাণ্ডৰ মৃত্যু” প্ৰবন্ধৰ সংশোধন ৬০৭৭৩১ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।